শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সমুখত খাৱৈ, পিছফালে কুঁৱা! পাক অধিকৃত কাশ্মীৰৰ অস্থিৰতাত মূৰৰ কামোৰণি পাক চৰকাৰৰ

পাকিস্তান অধিকৃত কাশ্মীৰৰ একচন কমিটীয়ে আটাইতকৈ উল্লেখযোগ্য দাবী উত্থাপন কৰিছে: বিধানসভাৰ ১২খন সংৰক্ষিত আসন বিলুপ্ত কৰা। যদি শ্বেহবাজ শ্বৰীফৰ চৰকাৰে এই দাবী মানি লয় তেন্তে প্ৰবাসী সমাজে প্ৰতিবাদ কৰিব। PoK ত প্ৰবাসী জনসংখ্যা প্ৰায় ২৫ লাখ।

সমুখত খাৱৈ, পিছফালে কুঁৱা! পাক অধিকৃত কাশ্মীৰৰ অস্থিৰতাত মূৰৰ কামোৰণি পাক চৰকাৰৰ
পাক অধিকৃত কাশ্মীৰত আশান্তি
raj-saikia
Raj Saikia | Updated On: 03 Oct 2025 18:10 PM

পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ অশান্তিৰ অন্ত পেলাবলৈ শ্বেহবাজ শ্বৰীফৰ চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে। পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মন্ত্ৰী আৰু নেতাৰ এখন সমিতি PoK লৈ প্ৰেৰণ কৰা হৈছে যদিও শ্বেহবাজে নিজেই এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। সম্প্ৰতি সেনাবাহিনীক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰা হৈছে।

এই সকলোবোৰ চৰকাৰী পদক্ষেপৰ মাজতে এটা প্ৰশ্ন উত্থাপন হয় যে অৱশেষত PoK ৰ অশান্তিৰ অন্ত পৰিবনে? এই প্ৰতিবেদনৰ দ্বাৰা বিতংভাৱে এই বিষয়ে জানো আহক…

PoK ত অশান্তি কিয়?

পাকিস্তান অধিকৃত কাশ্মীৰ পাব্লিক একচন কমিটীয়ে ৩৮টা দাবীৰে প্ৰতিবাদ কৰিছে। কমিটীয়ে কয় যে PoK বিধানসভাত প্ৰবাসীৰ বাবে সংৰক্ষিত ১২খন আসন বিলুপ্ত কৰিব লাগে। তদুপৰি ৰাজনীতিবিদৰ ভিআইপি সংস্কৃতিৰ অন্ত পেলোৱাৰো দাবী জনাইছে।

এই দাবীৰ দুটা কাৰণ আছে। প্ৰথম কাৰণটো হ’ল PoK ৰ বিধানসভাত মুঠ ৫৩খন আসন আছে, আৰু চৰকাৰ গঠন কৰিবলৈ ২৭খন আসনৰ প্ৰয়োজন। এই প্ৰেক্ষাপটত প্ৰবাসীৰ বাবে সংৰক্ষিত ১২খন আসন গুৰুত্বপূৰ্ণ হৈ পৰে। প্ৰবাসীৰ বাবে সংৰক্ষিত আসনেই নিৰ্ধাৰণ কৰে PoK ত কোনে ক্ষমতা লাভ কৰিব।

পাকিস্তান চৰকাৰৰ পৰিকল্পনা অতি লেহেমীয়া গতিত PoK ত উপনীত হয়। ভাৰতৰ সীমান্তত অৱস্থিত হোৱাৰ বাবে PoK প্ৰায়ে অস্থিৰ হৈ পৰে। ইয়াৰ জনসাধাৰণে জীৱনটো অতি কঠিনতাৰ মাজেৰে পাৰ কৰিব লাগে।

PoK ৰ অশান্তিৰ অন্ত পৰিবনে?

এই মুহূৰ্তত সেয়া যেন সম্ভৱ নহয়। একচন কমিটীৰ ছৌকত নৱাজ মীৰে কয় যে দাবী পূৰণ নোহোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব। ৰাজধানী মুজাফ্ফৰাবাদত এটা মৃতদেহ লৈ বিক্ষোভ আৰম্ভ কৰিছে প্ৰতিবাদকাৰীয়ে।

ইফালে প্ৰব্ৰজিত সম্প্ৰদায়ৰ নেতাসকলে কয়, “আমি যেতিয়া বিভাজনৰ সময়ত ভাৰতৰ পৰা আহিছিলো তেতিয়া আমাক এই আসনসমূহ দিয়া হৈছিল। সেইবোৰ কাঢ়ি নিলে আমি পৃথকে হুলস্থুলৰ সৃষ্টি কৰিম।”

২০১৭ চনৰ তথ্য অনুসৰি পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰব্ৰজিত জনসংখ্যা ২৫ লাখ, আনহাতে থলুৱা বাসিন্দাৰ সংখ্যা ২৭ লাখ। অৰ্থাৎ সন্মুখত খাৱৈ আৰু পিছফালে কুঁৱাৰ মাজত আবদ্ধ হৈ পৰিছে পাকিস্তান চৰকাৰ।