ভাৰত-পাকিস্তানৰ উত্তেজনাকলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠক…
ভাৰত আৰু পাকিস্তানৰ উত্তেজনাকলৈ আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । ৫ মে’ সোমবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই বিষয়ত ৰুদ্ধদ্বাৰ বৈঠক আয়োজন কৰিছে ।

ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ সন্দৰ্ভত আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । ৫ মে’ সোমবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই বিষয়ত ৰুদ্ধদ্বাৰ বৈঠক আয়োজন কৰিছে । এই বিষয়ত পাকিস্তানে জৰুৰী বৈঠকৰ দাবী জনাইছিল, তাৰ পিছত গ্ৰীচৰ অধ্যক্ষতাত এই বৈঠকৰ সিদ্ধান্ত লোৱা হৈছে। এই বৈঠকৰ সন্দৰ্ভত বিভিন্ন আলোচনা চলি আছে ।
বৰ্তমান পাকিস্তান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য। ভাৰতৰ সৈতে চলি থকা উত্তেজনা সন্দৰ্ভত পাকিস্তানে ৰুদ্ধদ্বাৰ বৈঠকৰ আহ্বান জনাইছিল। মে’ মাহৰ বাবে কাউন্সিলৰ সভাপতিত্ব গ্ৰহণ কৰা গ্ৰীচে এই কথাত সন্মতি প্ৰকাশ কৰি ৫ মে’ৰ বিয়লি এখন বৈঠকৰ দিন ধাৰ্য কৰে। এই সময়ছোৱাত দুয়ো পক্ষই আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সন্মুখত নিজৰ মতামত দাঙি ধৰাৰ সুযোগ পাব।
ৰাষ্ট্ৰসংঘত গ্ৰীচৰ স্থায়ী প্ৰতিনিধি তথা চলিত মাহৰ বাবে গ্ৰহণ কৰা নিৰাপত্তা পৰিষদৰ সভাপতি ইভানজেলছ চেকেৰিছে এই বৈঠকৰ সন্দৰ্ভত কয় যে, আমি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিওঁ । একে সময়তে অঞ্চলটোৰ উত্তেজনাক লৈ আমি গভীৰভাৱে চিন্তিত।
নিৰাপত্তা পৰিষদত মুঠ ১৫ জন সদস্য আছে। ইয়াৰে ৫ জন স্থায়ী সদস্য আছে যিয়ে ভেটোৰ অধিকাৰ লাভ কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন হৈছে- আমেৰিকা, ৰাছিয়া, চীন, ফ্ৰান্স আৰু ব্ৰিটেইন। বাকী ১০ জন অস্থায়ী সদস্য যিসকল সময়ে সময়ে নিৰ্বাচিত হয়। এইবাৰ অস্থায়ী সদস্যৰ ভিতৰত আছে পাকিস্তান, গ্ৰীচ, ডেনমাৰ্ক, আলজেৰিয়া, গায়ানা, পানামা, দক্ষিণ কোৰিয়া, স্লোভেনিয়া, ছিয়েৰা লিয়ন আৰু ছোমালিয়া।
যিহেতু বৈঠক ৰুদ্ধদ্বাৰ, গতিকে কোনো আনুষ্ঠানিক প্ৰস্তাৱ বা শক্তিশালী বক্তব্যৰ আশা কম। অৱশ্যে ইয়াৰ দ্বাৰা দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ স্থিতি দাঙি ধৰাৰ সুযোগ পাব। পাকিস্তানে ভাৰতৰ ওপৰত দোষ জাপি দিবলৈ চেষ্টা কৰিব যদিও ভাৰতে সন্ত্ৰাসবাদ আৰু সীমা অতিক্ৰম কৰা কাৰ্যকলাপৰ বিষয়টো উত্থাপন কৰিব পাৰে।