আমেৰিকাক প্ৰতিহত কৰিবলৈ চীনৰ সৈতে মিত্ৰতা! ব্ৰিটিছে ল’লে বৃহৎ পদক্ষেপ….
লণ্ডনত ইউৰোপৰ সৰ্ববৃহৎ দূতাবাস নিৰ্মাণৰ বাবে চীনে অনুমোদন জনাইছে ব্ৰিটিছ চৰকাৰে। এই দূতাবাস ঐতিহাসিক ৰয়েল মিণ্ট ক’ৰ্টত অৱস্থিত হ’ব আৰু বৰ্তমানৰ দূতাবাসতকৈ ১০ গুণ ডাঙৰ হ’ব। আমেৰিকা আৰু ব্ৰিটেইনৰ একাংশ ৰাজনীতিবিদে ইয়াক চোৰাংচোৱাগিৰিৰ ভাবুকি বুলি অভিহিত কৰিছে।
লণ্ডনত চীনৰ দূতাবাস নিৰ্মাণৰ বাবে অনুমোদন জনাইছে ব্ৰিটিছ চৰকাৰে। ইউৰোপৰ এইটোৱেই হ’ব চীনৰ সৰ্ববৃহৎ দূতাবাস। অৱশ্যে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে ব্ৰিটিছ আৰু আমেৰিকাৰ নেতাই। তেওঁলোকে কয় যে, চীনে ইয়াক চোৰাংচোৱাগিৰিৰ কামত ব্যৱহাৰ কৰিব পাৰে। গ্রীনলেণ্ডক লৈ আমেৰিকা আৰু ইউৰোপৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে ৷ গ্ৰীণলেণ্ডক সমৰ্থন কৰাৰ বাবে ১ ফেব্ৰুৱাৰীৰ পৰা ব্ৰিটেইনকে ধৰি ইউৰোপৰ আঠখন দেশৰ ওপৰত ১০% শুল্ক ঘোষণা কৰিছে ট্ৰাম্পে।
নতুন দূতাবাসটো প্ৰায় ৫৫ হাজাৰ বৰ্গমিটাৰত নিৰ্মাণ কৰা হ’ব। যিটো চীনৰ বৰ্তমানৰ লণ্ডন দূতাবাসতকৈ প্ৰায় ১০ গুণ ডাঙৰ। লণ্ডনৰ টাৱাৰ অৱ লণ্ডনৰ সমীপত অৱস্থিত ঐতিহাসিক ৰয়েল মিণ্ট ক’ৰ্টত নতুন দূতাবাস নিৰ্মাণ কৰিব বিচাৰিছে চীনে। এই ঠাইখন প্ৰায় ২০০ বছৰ পুৰণি। ইয়াৰ পূৰ্বে ইয়াত ব্ৰিটেইনৰ ৰয়েল মিণ্ট আছিল, য’ত ১৯৬৭ চনলৈকে মুদ্ৰা প্ৰস্তুত কৰা হৈছিল।২০১৮ চনত চীনে প্ৰায় ২৫৫ মিলিয়ন পাউণ্ডত এই মাটি ক্ৰয় কৰিছিল। কিন্তু স্থানীয় বাসিন্দা, সাংসদ আৰু হংকঙৰ সমৰ্থকৰ বিৰোধিতাই তিনি বছৰ ধৰি এই পৰিকল্পনা স্থবিৰ কৰি ৰাখিছিল।
সাত বছৰৰ পাছত চীন ভ্ৰমণ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ
২০২২ চনত স্থানীয় পৰিষদে দূতাবাসৰ প্ৰস্তাৱ নাকচ কৰিছিল।এই অনুমোদন ঠিক সেই সময়তে আহিছে যেতিয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে চলিত মাহত চীন ভ্ৰমণ কৰাৰ কথা আছে। ২০১৮ চনৰ পিছত এইটোৱেই হ’ব ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ চীন ভ্ৰমণ। বিগত বছৰ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ষ্টাৰমাৰক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ কৈছিল বুলি খবৰ ওলাইছে।
ব্ৰিটিছ চৰকাৰে স্পষ্ট কৰি দিছে যে এই সিদ্ধান্তৰ পূৰ্বে চোৰাংচোৱা সংস্থাৰ লগত পৰামৰ্শ লোৱা হৈছিল আৰু কেইবাটাও নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰী মুখপাত্ৰই কয় যে, ৰাষ্ট্ৰীয় নিৰাপত্তা আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ। দূতাবাসটোত নিৰ্মাণ পদ্ধতি, অঞ্চলটোত চলাচল, পৰিৱেশৰ প্ৰয়োজনীয়তাকে ধৰি কিছুমান কাৰিকৰী চৰ্তৰ সৈতে অনুমোদন জনোৱা হৈছে।
বিৰোধীতাৰ কাৰণ কি আছিল?
চৰকাৰৰ চৰ্ত সত্ত্বেও একাংশ ব্ৰিটিছ আৰু আমেৰিকাৰ ৰাজনীতিবিদে উল্লেখ কৰিছে যে, এই স্থান লণ্ডনৰ ঐতিহাসিক বিত্তীয় জিলাৰ অতি ওচৰত। বহু বিত্তীয় কোম্পানীয়ে ব্যৱহাৰ কৰা ফাইবাৰ অপটিক কেবলৰ ওপৰত নিৰীক্ষণৰ বাবে এই স্থান ব্যৱহাৰ কৰিব পৰা যাব বুলি আশংকা প্ৰকাশ পাইছে। বিৰোধী কনজাৰ্ভেটিভ পাৰ্টিয়ে এই সিদ্ধান্তক লজ্জাজনক আৰু দুৰ্বল বুলি অভিহিত কৰিছে। ব্ৰিটেইনৰ চোৰাংচোৱা সংস্থা এম আই ৫ৰ মুৰব্বীয়ে কয় যে তেওঁলোকৰ বিদেশী দূতাবাসৰ সৈতে লেনদেনৰ ব্যাপক অভিজ্ঞতা আছে আৰু যিকোনো নিৰাপত্তাজনিত ভাবুকিৰ সৈতে মোকাবিলা কৰিব পাৰে।