তুৰস্কই নিৰ্মাণ কৰিছে বিশ্বৰ দ্বিতীয়টো বিপজ্জনক বোমা, বিশেষত্ব কি?
IDEF 2025ত নিজৰ দুটা মাৰাত্মক বোমা প্ৰৱৰ্তন কৰিছে তুৰস্কই।এই বোমাই কেৱল গভীৰ পকী দেৱাল ভেদ কৰাই নহয়, বিস্ফোৰণৰ সময়ত অধিক ধ্বংসলীলাও কৰিব পাৰে। দুয়োটা বোমাৰ ওজন ৯৭০ কিলোগ্ৰাম আৰু ইয়াক এফ-১৬ যুদ্ধ বিমানৰ পৰা নিক্ষেপ কৰিব পৰা যাব।

কেৱল ড্ৰ’ন ৰপ্তানিকাৰক দেশেই নহয়, প্ৰচণ্ড ধ্বংসলীলাৰ বোমা নিৰ্মাতা দেশ হিচাপে পৰিগণিত হৈছে তুৰস্ক । দৰাচলতে ইস্তানবুলত চলি থকা আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উদ্যোগ মেলা (IDEF 2025)ত তুৰস্কই বিশ্বৰ দুটা আটাইতকৈ বিপজ্জনক অপাৰমাণৱিক বোমা প্ৰৱৰ্তন কৰিছে।
এই অস্ত্ৰ দুটাৰ নাম – GAZAP আৰু NEB-2 Ghost। দুয়োটা বোমাৰ ওজন ৯৭০ কিলোগ্ৰাম আৰু ইয়াক এফ-১৬ যুদ্ধ বিমানৰ পৰা নিক্ষেপ কৰিব পৰা যাব। প্ৰতিৰক্ষা কোম্পানী, সেনাবাহিনী আৰু কৌশলগত বিশ্লেষকৰ উপস্থিতিত তুৰস্কই কেৱল নিজৰ অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰাই নহয়, বিশ্বক দেখুৱাই দিলে যে এতিয়া তেওঁলোকে এক গুৰুতৰ অস্ত্ৰ ৰপ্তানিকাৰক হৈ পৰিছে।
GAZAP ৰ বিশেষত্ব কি?
তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰই নিৰ্মাণ কৰিছে GAZAP বোমা। ইয়াৰ বিশেষ বৈশিষ্ট্য হ’ল ই প্ৰতি মিটাৰত ১০.১৬টা খণ্ডত বিস্ফোৰণ ঘটায়, আনহাতে পাৰম্পৰিক বোমাই ৩ মিটাৰ ব্যাসাৰ্ধতহে এনে প্ৰভাৱ পেলায়। এই বহু-খণ্ডিত ডিজাইনৰ বাবে ইয়াৰ বিস্ফোৰণ ব্যাসাৰ্ধ আৰু প্ৰভাৱ দুয়োটা বহুত বেছি মাৰাত্মক হৈ পৰিছে। তুৰ্কীৰ বিষয়াসকলৰ মতে, গাজাপে এতিয়া পৰীক্ষা আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে উত্তীৰ্ণ হৈছে আৰু ব্যৱহাৰৰ বাবে সাজু হৈছে।
দ্বিতীয়টো বোমা NEB-2 Ghost বিশ্বৰ আটাইতকৈ ফলপ্ৰসূ বাংকাৰ বাষ্টাৰ হিচাপে বিবেচিত হৈছে। এই বোমাটো ইমানেই শক্তিশালী যে আমেৰিকাৰ ক্ষেপণাস্ত্ৰই চি ৩৫ গ্ৰেডৰ কংক্ৰিটৰ ২.৪ মিটাৰ ডাঠ বেৰত সোমাব পাৰে যদিও তিনিগুণ শক্তিশালী এন ই বি-২ চি ৫০ গ্ৰেডে ৭ মিটাৰ ডাঠ কংক্ৰিটৰ বেৰ ভেদিব পাৰে।
এফ-১৬ৰ পৰা পৰীক্ষাৰ সময়ত ইয়াক এটা দ্বীপত পেলাই দিয়া হৈছিল য’ত ই ৯০ মিটাৰ গভীৰতালৈকে মাটিত সোমাই ভূমি, শিল ছিন্নভিন্ন হৈ পৰিছিল। ইয়াৰ টাইম-ডিলে প্ৰযুক্তিৰ বাবে এই বিস্ফোৰণটো ২৫ মিলিছেকেণ্ডৰ পৰিৱৰ্তে ২৪০ মিলিছেকেণ্ডত সংঘটিত হৈছিল, যাৰ ফলত ভিতৰত অধিক ধ্বংস হৈছিল।