শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

তুৰস্কত ভয়ংকৰ বিমান দুৰ্ঘটনা, লিবিয়াৰ সেনা প্ৰধানকে ধৰি ৮ জন লোকৰ মৃত্যু

ব্যক্তিগত জেট বিমানখনত লিবিয়াৰ সামৰিক মুৰব্বী, আন চাৰিজন বিষয়া আৰু তিনিজন ক্ৰু মেম্বাৰ আছিল। বিমানত থকা সকলো ব্যক্তি দুৰ্ঘটনাত নিহত হয়। লিবিয়াৰ বিষয়াসকলে কয় যে, কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহল কৰা হৈছে।

তুৰস্কত ভয়ংকৰ বিমান দুৰ্ঘটনা, লিবিয়াৰ সেনা প্ৰধানকে ধৰি ৮ জন লোকৰ মৃত্যু
manas-borah
Manas Borah | Updated On: 24 Dec 2025 10:11 AM

তুৰস্কত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত লিবিয়াৰ সামৰিক প্ৰধান মহম্মদ আলী আহমেদ আল হাদ্দাদকে ধৰি ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। লিবিয়াৰ প্ৰধানমন্ত্ৰী আব্দুল-হামিদ দ্বেইবাহে তুৰস্কত সংঘটিত হোৱা বিমান দুৰ্ঘটনা সম্পৰ্কে তথ্য প্ৰদান কৰিছে। ব্যক্তিগত জেট বিমানখনত লিবিয়াৰ সামৰিক মুৰব্বী, আন চাৰিজন বিষয়া আৰু তিনিজন ক্ৰু মেম্বাৰ আছিল। বিমানত থকা সকলো ব্যক্তি দুৰ্ঘটনাত নিহত হয়। লিবিয়াৰ বিষয়াসকলে কয় যে, কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহল কৰা হৈছে।

লিবিয়াৰ প্ৰধানমন্ত্ৰী আব্দুল-হামিদ দ্বেইবাহে বিমান দুৰ্ঘটনাত দেশখনৰ সামৰিক প্ৰধান মহম্মদ আলী আহমেদ আল হাদ্দাদকে ধৰি ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। মঙলবাৰে সন্ধিয়া তুৰস্কৰ ৰাজধানী আংকাৰাৰ আনুষ্ঠানিক ভ্ৰমণৰ অন্তত লিবিয়াৰ এটা প্ৰতিনিধি দল তুৰস্কলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঘটনাক আকস্মিক আৰু অত্যন্ত দুখজনক বুলি অভিহিত কৰি কয় যে, লিবিয়াৰ বাবে এয়া এক বৃহৎ লোকচান।

দুৰ্ঘটনাৰ পিছতে আংকাৰা বিমানবন্দৰ সাময়িকভাৱে বন্ধ কৰি দিয়া হয় আৰু কেইবাখনো বিমান ডাইভাৰ্ট কৰা হয়। বৰ্তমান দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে। এই ঘটনাক লিবিয়াৰ নিৰাপত্তা আৰু ৰাজনৈতিক পৰিৱেশত এক গুৰুতৰ আঘাত বুলি বিবেচিত হৈছে। এই ঘটনা সন্দৰ্ভত লিবিয়াৰ প্ৰধানমন্ত্ৰী আব্দুল-হামিদ দ্বেইবাহে তুৰ্কীৰ ৰাষ্ট্ৰপতি আৰু অন্যান্য নেতা আৰু বিষয়াৰ সৈতে যোগাযোগত আছে। দুৰ্ঘটনাত নিহত হোৱা আন চাৰিজন বিষয়া হ’ল আল-ফিটৌৰী গ্ৰেইবেল, ব্ৰিগেডিয়াৰ জেনেৰেল মাহমুদ আল কাটাৱী, মুখ্য সেনাধ্যক্ষৰ উপদেষ্টা মহম্মদ আল আছাৱী ডায়াব আৰু মুখ্য সেনাধ্যক্ষৰ কাৰ্যালয়ৰ সামৰিক ফটোগ্ৰাফাৰ মহম্মদ ওমৰ আহমেদ মাহজৌব।

বেয়া বতৰৰ বাবে বিমানখনৰ সৈতে সংস্পৰ্শ হেৰাই যোৱা বুলি অনুমান কৰা হৈছে। ইয়াৰ পূৰ্বে আংকাৰাৰ দক্ষিণে থকা হাইমানা জিলাৰ সমীপত বিমানখনে জৰুৰী অৱতৰণৰ সংকেত প্ৰেৰণ কৰিছিল। বিমানখনে অৱতৰণৰ সংকেত প্ৰেৰণ কৰাৰ আগতেই যোগাযোগ হেৰাই গ’ল। কেইমিনিটমানৰ পাছত হাইমানা জিলাৰ ওপৰত আকাশত এটা পোহৰ দেখা গৈছিল।

মহম্মদ আলী আহমেদ আল হাদ্দাদ পশ্চিম লিবিয়াৰ সেনাধ্যক্ষ আছিল আৰু ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত হোৱা আলোচনাৰ অধীনত লিবিয়াৰ বিভক্ত বাহিনীক একত্ৰিত কৰাৰ প্ৰচেষ্টাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। মঙলবাৰে তুৰস্কৰ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আংকাৰাত উপস্থিত হৈ তেওঁ তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়াছাৰ গুলেৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াৰ সৈতে সাক্ষাৎ কৰে। ইয়াৰ পিছত তেওঁ আংকাৰাৰ পৰা আবেলি দেৰিকৈ নিজৰ দেশলৈ উভতি যায়।