আঁতৰিব নে যুদ্ধৰ কলীয়া ডাৱৰ! আজি ৱাশ্বিংটনত গুৰুত্বপূৰ্ণ বৈঠকত বহিব জেলেনস্কি; ট্ৰাম্পে দিলে এনে বাৰ্তা
এই বৈঠকৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজা চ’ছিয়েল মিডিয়া হেণ্ডেল যোগে এক বিশেষ পোষ্ট কৰে। এই পোষ্টত তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইচ্ছা কৰিলে প্ৰায় লগে লগে ৰাছিয়াৰ সৈতে যুদ্ধৰ অন্ত পেলাব পাৰে বুলি উল্লেখ কৰে।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’লান্ড ট্ৰাম আৰু ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আলাস্কা বৈঠকত দৃষ্টি নিৱদ্ধ হৈ পৰিছিল সমগ্ৰ বিশ্বৰ। ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত আলাস্কাত বৈঠকত মিলিত হৈছিল এই দুই ৰাষ্ট্ৰনেতা। অৱশ্যে প্ৰায় তিনি ঘণ্টাজোৰা বৈঠকৰ পিছতো যুদ্ধবিৰতি সন্দৰ্ভত কোনো সমাধান সূত্ৰ ওলোৱা নাছিল। ট্ৰাম্প–পুটিনৰ এই বৈঠকৰ পিছত আজি বিশ্ববাসীৰ দৃষ্টি নিৱদ্ধ হৈছে আন এক বৈঠকত। যোৱা তিনি বছৰতকৈও অধিক সময় ধৰি চলি থকা যুদ্ধ সন্দৰ্ভত আলোচনাৰ বাবে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’ব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে।
আজি ৱাশ্বিংটনত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত ইউৰোপীয়ান ইউনিয়নৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেয়েন, জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেড্ৰিখ মাৰ্জ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, নাটোৰ মহাসচিব মাৰ্ক ৰুটে, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰেও অংশগ্ৰহণ কৰিব।
এই বৈঠকৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজা চ’ছিয়েল মিডিয়া হেণ্ডেল যোগে এক বিশেষ পোষ্ট কৰে। এই পোষ্টত তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইচ্ছা কৰিলে প্ৰায় লগে লগে ৰাছিয়াৰ সৈতে যুদ্ধৰ অন্ত পেলাব পাৰে বুলি উল্লেখ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কিয়েভে নাটোৰ সদস্যপদ বিচাৰিব নালাগে বুলিও পোষ্টটোত কয়।
ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে, “জেলেনস্কিয়ে ইচ্ছা কৰিলে প্ৰায় লগে লগে ৰাছিয়াৰ সৈতে যুদ্ধ শেষ কৰিব পাৰে, বা যুদ্ধ অব্যাহত ৰাখিব পাৰে। কেনেকৈ আৰম্ভ হৈছিল মনত ৰাখিব। অ’বামাই ক্ৰিমিয়া ঘূৰাই পাব নোৱাৰে (১২ বছৰ আগতে, এটাও গুলী নিক্ষেপ নকৰাকৈ!), আৰু ইউক্ৰেইনে নাটোত যোগদান কৰিব নোৱাৰে। কিছুমান কথা কেতিয়াও সলনি নহয়”
উল্লেখ্য যে ইতিপূৰ্বে যোৱা ১৫ আগষ্টত ট্ৰাম্পে আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিছিল। এই বৈঠকৰ পিছত ট্ৰাম্পে যুদ্ধ বন্ধ কৰাৰ বাবে কেৱল যুদ্ধবিৰতিৰ পৰিৱৰ্তে শান্তি চুক্তিৰ প্ৰয়োজন বুলি উল্লেখ কৰে। ট্ৰাম্পে লগতে পুটিন আলোচনাৰ বাবে সাজু বুলি উল্লেখ কৰি এতিয়া সিদ্ধান্ত জেলেনস্কিৰ ওপৰত বুলি আঙুলিয়াই দিছিল।
হোৱাইট হাউছৰ মতে, আলাস্কাৰ পৰা ৱাশ্বিংটনলৈ উভতি অহাৰ সময়ত ট্ৰাম্পে জেলেনস্কিৰ সৈতে দীঘলীয়া আলোচনা কৰিছিল। তাৰ পিছত তেওঁ নাটোৰ নেতাসকলৰ সৈতেও আলোচনা কৰে। আলাস্কা শীৰ্ষ সন্মিলনৰ পিছত ট্ৰাম্পে পুটিন আৰু জেলেনস্কি দুয়োজনে তেওঁক আলোচনাৰ অংশ হোৱাটো বিচাৰে বুলি জানিবলৈ দিছিল আৰু সেই সূত্ৰে তেওঁ বৈঠকত উপস্থিত থাকিব বুলি স্পষ্ট কৰি দিছিল।
লক্ষণীয়ভাৱে চলিত বৰ্ষৰ জুন মাহত নাটোৰ শীৰ্ষ সন্মিলনৰ সময়ত ট্ৰাম্প আৰু জেলেনস্কিৰ সাক্ষাৎ হৈছিল। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত জেলেনস্কি ৱাশ্বিংটনত উপস্থিত হৈছিল, সেই ভ্ৰমণত সংবাদ মাধ্যমৰ সন্মুখত দুয়োগৰাকী নেতাৰ মাজত তীব্ৰ বিতৰ্ক হৈছিল। বৈঠকত ট্ৰাম্পে জেলেনস্কি শান্তিৰ বাবে সাজু নহয় বুলি দাবী কৰাৰ লগতে আমেৰিকাক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰে।