অক্ষয়ৰ পৰকীয়া প্ৰেমৰ পৰিণতি! মুহূৰ্ততে সলনি হৈছিল ববি দেউলৰ কেৰিয়াৰ…
ছবিখনত প্ৰথমে ববী দেউলৰ সলনি অক্ষয় কুমাৰে অভিনয় কৰাৰ কথা আছিল। কিন্তু শেষ মুহূৰ্তত তেওঁ ছবিখনৰ পৰা পিছুৱাই যায়। ছবিখন মুক্তি পোৱাৰ প্ৰায় ১৯ বছৰৰ পাছত ছবিখনৰ পৰিচালক সুনীল দৰ্শনে ছবিখনৰ আঁৰৰ ৰহস্য উদঙাই দিছে।

২০০৫ চনত মুক্তি পোৱা ‘বৰছাত’ ছবিখনৰ কথা মনত আছেনে? ছবিখনত অভিনয় কৰিছিল ববি দেউল, প্ৰিয়ংকা চোপ্ৰা আৰু বিপাশা বসুৱে। ত্ৰিকোণীয় প্ৰেমৰ এই কাহিনীয়ে বক্স অফিচত যথেষ্ট হিট হৈছিল। কিন্তু আপুনি জানেনে যে প্ৰথমে ববীৰ সলনি অভিনেতা অক্ষয় কুমাৰে এই ছবিখনত অভিনয় কৰাৰ কথা আছিল। কিন্তু শেষ মুহূৰ্তত তেওঁ ছবিখনৰ পৰা পিছুৱাই গৈছিল।
ছবিখন মুক্তি পোৱাৰ প্ৰায় ১৯ বছৰৰ পাছত ছবিখনৰ পৰিচালক সুনীল দৰ্শনে ছবিখনৰ আঁৰৰ ৰহস্য উদঙাই দিছে। তেওঁ ক’লে, “প্ৰথম অৱস্থাত ববিয়ে অভিনয় কৰাৰ কথা নাছিল। অক্ষয়ে প্ৰথমে অভিনয় কৰিছিল”। শেহতীয়াকৈ পৰিচালকগৰাকীয়ে এক সাক্ষাৎকাৰত সকলো কথা প্ৰকাশ কৰিছে। য’ত তেওঁ কৈছিল, ‘এটা অদ্ভুত সমস্যা হৈছিল’।
সাক্ষাৎকাৰত সুনীলে কয়, “অক্ষয় আৰু প্ৰিয়ংকাই অভিনয় কৰাৰ কথা আছিল। পাঁচ দিন শ্বুটিং কৰাৰ পিছত অক্ষয়ে মোক এখন মিটিঙলৈ মাতিছিল। তেতিয়াই মই সমস্যাটোৰ বিষয়ে জানিব পাৰিলোঁ।” পৰিচালকগৰাকীয়ে কয় যে , মেনেজাৰে ববিৰ সৈতে এখন ছবি নিৰ্মাণৰ বাবে অনুৰোধ জনাইছিল। তাৰ পিছত ববিক ৰৈ থাকিবলৈ ক’লে। দৰ্শনে কয়, “অক্ষয়ে খেলিমেলি কৰি ছবিখনৰ পৰা ওলাই আহিল।”
লগতে পৰিচালকগৰাকীয়ে লগতে কয়, ‘সেই সময়ত প্ৰিয়ংকাৰ সৈতে অক্ষয়ৰ সম্পৰ্কক কেন্দ্ৰ কৰি বিভিন্ন আলোচনা আৰম্ভ হৈছিল। তাৰ পিছত টুইংকল খান্নাই ঘৰৰ পৰা ওলাই আহিছিল।এজন অভিনেতা হিচাপে তেওঁ সাৱধান হোৱা উচিত আছিল।যেতিয়া অক্ষয়ে ইতিমধ্যে জ্ঞাত আছিল যে তেওঁৰ পত্নী এগৰাকী অভিনেত্ৰী, তেতিয়া তেওঁ ইণ্ডাষ্ট্ৰীৰ সকলো কথা জানিছিল।”
তেওঁ কয়, “অৱশ্যে অক্ষয়ে প্ৰিয়ংকাক কোনো ধৰণে দোষাৰোপ কৰা নাছিল। এই সকলোবোৰ তেওঁ নিজৰ ওপৰত ল’লে।অক্ষয়ে মোক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ মোৰ পৰৱৰ্তী ছবিখনত অভিনয় কৰিব।” পৰিচালকে ক’লে যে তাৰ পিছত তেওঁ ববীৰ মেনেজাৰক ফোন কৰিছিল। তেওঁ অভিনেতাজনক তিনিখন ছবিৰ বাবে চুক্তিবদ্ধ কৰে।