GMCH ত ভয়ংকৰ ঘটনা! NICU ত বিচনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু…
এক অনাকাংক্ষিত ঘটনা। জি এম চি এইচত বিচনাৰ পৰা পৰি মৃত্যু হয় এটি নৱজাতকৰ। এই ঘটনাই চিকিৎসা মহাবিদ্য়ালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশুটি NICU ত ভৰ্তি হৈ আছিল।

গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পাতালত এক অনাকাংক্ষিত ঘটনা। বিচনাৰ পৰা পৰি মৃত্যু এটি নৱজাতকৰ। সোমবাৰে পুৱা NICU ত ভৰ্তি হৈ থকা এটি নৱজাতক বিচনাৰ পৰা পৰি মৃত্যুক সাৱটি লয়। জানিব পৰা মতে, NICU ত এখন বিচনাতে ৰাখিছিল ৩-৪ টাকৈ নৱজাতক। তেতিয়াই এটি নৱজাতক বিচনাৰ পৰা পৰি ৰচীত ওলমি ৰয় আৰু লগে লগে মৃত্যু হয়। চিকিৎসা মহাবিদ্যালয়খলৰ প্ৰসূতি বিভাগৰ ৩নং মহলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
ঘটনা সন্দৰ্ভত জি এম চি এইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই কয় যে, “নুনমাটিৰ স্মিতা ডেকাৰ নামৰ মহিলাগৰাকীৰ ঘৰতে প্ৰসৱ হৈছিল। কিন্তু শিশুটি জণ্ডিচত আক্ৰান্ত হোৱা বাবে চিকিৎসালয়লৈ লৈ আনে। পাছত শিশুটিক এন আই চি ইউ (NICU) ত ভৰ্তি কৰোৱা হয়। নিয়মীয়া পৰীক্ষাৰ পাছত স্বাস্থ্য কৰ্মীসকলে প্ৰত্যক্ষ কৰে যে দুটা নৱজাতক বিচনাৰ পৰা পৰি গৈছে। দুখৰ কথা এয়াই যে ইয়াৰে এটি শিশু ফটোথেৰাপি বিচনাত ওলমি ৰয় আৰু তেওঁক ৰক্ষা কৰিব পৰা নগ’ল। সেই শিশুটিৰ মৃত্যু হয়”।
তেওঁ আৰু কয় যে, ঘটনাৰ পাছতে আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ড০ বৈশ্যই আৰু কয় যে, জি এম চি এইচত এয়া প্ৰথমটো ঘটনা। এই ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া জানিবলৈ চিচিটিভি ফুটেজ পৰীক্ষা কৰি থকা হৈছে। অধ্যক্ষগৰাকীয়ে কয় যে, এন আই চি ইউত অধিক শিশু ভৰ্তি হৈ থকাৰ বাবে এনে হ’ব পাৰে। ইয়াত ৮০ টা শিশু ৰখাৰ ক্ষমতা আছে যদিও ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি এখন বিচনাত দুটা বা তিনিটা নৱজাতক ৰাখিবলগীয়া হয়।
পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তেওঁ কয় যে, তদন্তৰ অন্তত ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰোপৰি তেওঁ কয় যে, এটা ঘটনাই প্ৰমাণ নকৰে যে চিকিৎসালয়খন অসুৰক্ষিত। জিএমচিএইচ এক নিৰাপদ আৰু বিশ্বাসযোগ্য প্ৰতিষ্ঠান হৈয়েই আছে।
উল্লেখ্য যে, এই ঘটনাই চিকিৎসা মহাবিদ্যালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালে জনোৱা অনুসৰি, চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ হেমাহিৰ বাবে এনে কাণ্ড সংঘটিত হৈছে। এই কাণ্ডৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালৰ লোকে, লগতে দোষীৰ শাস্তিৰ দাবী কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছ। তদন্তৰ অন্তত জানিব পৰা যায় এই ঘটনা কেনেকৈ সংঘটিত হ’ল।
অন্য খবৰ পঢ়কঃ মৰ্মান্তিক! এটা কুকুৰক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে আৰক্ষী উপ-পৰিদৰ্শক ৰিছা শৰ্মাই…