শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: BTC নিৰ্বাচনৰ পৰা আমেৰিকাত গুলীচালনালৈ…পঢ়ক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: BTC নিৰ্বাচনৰ পৰা আমেৰিকাত গুলীচালনালৈ…পঢ়ক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 18 Aug 2025 07:53 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ৰাজ্যৰ ৯টা শিক্ষক সংগঠনৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থা। গুৱাহাটী মহানগৰীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আছুৰ লগতে শিক্ষক সংগঠনকেইটাই ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰী শিক্ষক নিযুক্তি দিয়াৰ বিৰোধিতা কৰে
  2. দেওবাৰে বাজপেয়ী ভৱনত গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সাংগঠনিক বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং , বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামৱাল , ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী আদি উপস্থিত থাকে।
  3. ‘পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি BTCত সফলতা লাভ কৰিব বিজেপিয়ে।’ BTC নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কথা কথা কয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।
  4. বড়োভূমিত একত্ৰীকৰণ নহ’ল দুই আঞ্চলিক দল UPPL-BPFৰ। দুই আঞ্চলিক দলৰএকত্ৰীকৰণ প্ৰক্ৰিয়াত সহযোগ নকৰিলে BPF-এ। ইয়াৰ বাবে স্থগিত UPPL-BPFৰ একত্ৰীকৰণ প্ৰক্ৰিয়া। বড়ো জনগোষ্ঠীৰ ১৬টাকৈ জাতীয় সংগঠনৰ হৈ এই ঘোষণা এবছুৰ সভাপতি দ্বীপেন বড়োৰ।
  5. বহু অপেক্ষাৰ অন্তত ঘোষণা হ’ল NDA ৰ উপ-ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰ নাম। মহাৰাষ্ট্ৰ বৰ্তমানৰ ৰাজ্যপাল চিপি ৰাধাকৃষ্ণণ হ’ব NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। বিজেপিৰ সংসদীয় বৰ্ডত অনুমোদন জনোৱা পাছতে ঘোষণা কৰা হয় তেওঁৰ নাম। জানিব পৰা মতে, বহু আলোচনাৰ অন্তত সংসদীয় কমিটীয়ে তেওঁৰ নাম ঘোষণা কৰে। চি পি ৰাধাকৃষ্ণন তামিলনাডুৰ বাসিন্দা।
  6. ক্ষমা খুজিব লাগিব কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে! বিগত কেইটামান দিন ধৰি কংগ্ৰেছ নেতাগৰাকীয়ে ৰাষ্ট্ৰৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে। গান্ধীয়ে ভোট চুৰি কৰাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেওবাৰে এক সংবাদমেল সম্বোধন কৰে নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। তেওঁ গান্ধীৰ অভিযোগ নাকচ কৰাৰ লগতে গান্ধীয়ে ক্ষমা খুজিব লাগিব বুলি কয়।
  7. চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক প্ৰকৃতিৰ তাণ্ডৱ। বানৰ কবলত পাকিস্তান। দেওবাৰে পোহৰলৈ অহা তথ্য অনুসৰি, দেশৰ উত্তৰ অংশত হঠাতে হোৱা বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩২৭ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৬ জুনৰ পৰা পাকিস্তানত আৰম্ভ হোৱা বৰষুণে ধ্বংসলীলা সৃষ্টি কৰিছে। ইয়াৰ ফলত এতিয়ালৈকে ৬৫০ জনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।
  8. আমেৰিকাৰ নিউয়ৰ্ক চহৰত গুলীচালনা। অচিনাক্ত দুৰ্বৃত্তৰ এটা জনপ্ৰিয় ক্লাবত ধাৰাসাৰ গুলীবৰ্ষণ। গুলীচালনাত নিহত হৈছে ৩ গৰাকী লোক। আহত হৈছে ৮ জনকৈ লোক।

লগতে পঢ়ক: সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…