শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আলাস্কাত ৩ ঘণ্টাজোৰা ৰুদ্ধদ্বাৰ বৈঠকত ট্ৰাম্প-পুটিনঃ কি ঘটিল এই বহু প্রতীক্ষিত বৈঠকত!

আলাস্কাত যোৱা নিশা ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ’ল দুই ৰাষ্ট্ৰনেতা। স্বাভাৱিকতেই সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্প আৰু পুটিনৰ এই বৈঠকৰ ওপৰত দৃষ্টি নিৱদ্ধ হৈ আছিল সমগ্ৰ বিশ্বৰ ৰাজনৈতিক মহলৰ।

আলাস্কাত ৩ ঘণ্টাজোৰা ৰুদ্ধদ্বাৰ বৈঠকত ট্ৰাম্প-পুটিনঃ কি ঘটিল এই বহু প্রতীক্ষিত বৈঠকত!
আলাস্কাত মিলিত ট্ৰাম্প-পুটিন
monjit-dutta
Monjit Dutta | Published: 16 Aug 2025 07:18 AM

অৱশেষত সম্পন্ন আমেৰিকান ৰাষ্ট্ৰপতি নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বহু প্রতীক্ষিত বৈঠক আলাস্কাত যোৱা নিশা ৰুদ্ধদ্বাৰ বৈঠকত মিলিত দুই ৰাষ্ট্ৰনেতা স্বাভাৱিকতেই সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্প আৰু পুটিনৰ এই বৈঠকৰ ওপৰত দৃষ্টি নিৱদ্ধ হৈ আছিল সমগ্ৰ বিশ্বৰ ৰাজনৈতিক মহলৰ প্ৰকাশিত তথ্য অনুসৰি, আলাস্কাত দুয়োগৰাকী ৰাষ্ট্ৰনেতাই প্ৰায় তিনি ঘণ্টাজোৰা আলোচনাত মিলিত হয় ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত দুয়োৰে মাজত এই আলোচনা চলিছিল

এই ৰুদ্ধদ্বাৰ বৈঠকত ইউক্ৰেইনৰ যুদ্ধবিৰতি সন্দৰ্ভত কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল বুলি খবৰ পোহৰলৈ আহিছে অৱশ্যে বৈঠকত কোনো সমাধান সূত্ৰ প্ৰকাশ নাপালেও ভৱিষ্যতৰ বাবে আলোচনাৰ দুৱাকৰ মুকলি হৈছে ৰুছ ৰাষ্ট্ৰপতি পুটিনে এতিয়া ট্ৰাম্পক মস্কোলৈ আহিবলৈ আমন্ত্ৰণ জনাইছে বুলি জানিব পৰা গৈছে।

কি ঘটিল ট্ৰাম্প-পুটিনৰ এই তিনি ঘণ্টাজোৰা ৰুদ্ধদ্বাৰ বৈঠকত, চাওক সংক্ষেপত

  1. মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ এই বৈঠক এংকৰেজস্থিত যুটীয়া ঘাটি এলমেনডৰ্ফ-ৰিচাৰ্ডছনত অনুষ্ঠিত হৈছিল। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনত আক্ৰমণৰ নিৰ্দেশ দিয়াৰ পিছত ৰাষ্ট্ৰপতি পুটিনে প্ৰথমবাৰৰ বাবে পশ্চিমীয়া ভূমিত ভৰি দিছিল। ৰাছিয়া-ইউক্ৰেইন যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে।
  2. আলাস্কাত ট্ৰাম্প আৰু পুটিনৰ মাজত হোৱা এই বৈঠক প্ৰায় তিনি ঘণ্টা ধৰি চলিছিল। ইয়াৰ পিছত দুয়োজন নেতাই সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলৰ আৰম্ভণিতে ৰুছ ৰাষ্ট্ৰপতি পুটিনে দুয়োৰে মাজত বহু বিষয়ত ভালদৰে আলোচনা হোৱা বুলি উল্লেখ কৰে আৰু এই আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল বুলি প্ৰকাশ কৰে আলাস্কা শীৰ্ষ সন্মিলনৰ প্ৰস্তাৱ দিয়াৰ বাবে তেওঁ ট্ৰাম্পক ধন্যবাদো জনায়।
  3. ইউক্ৰেইনৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক দায়ী বুলি অভিহিত কৰে পুটিনে ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে সহমত প্ৰকাশ কৰি ইউক্ৰেইনৰ নিৰাপত্তাৰ কথাও বিবেচনা কৰা উচিত বুলি মন্তব্য কৰে। তেওঁ লগতে কিয়েভে এই দিশক ইতিবাচকভাৱে ল’ব বুলি আশা প্ৰকাশ কৰে আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক অৱনতি ঘটা বুলিও পুটিনে স্বীকাৰ কৰে।
  4. পুটিনৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পেও নিজৰ মত দাঙি ধৰিলে। ট্ৰাম্পে পুটিনক ধন্যবাদ জনাই এই বৈঠকক উপযোগী বুলি অভিহিত কৰে। বৈঠকত আলোচিত বহু কথাত দুয়োগৰাকী একমত হোৱা বুলি উল্লেখ কৰি ট্ৰাম্পে লগতে নিশ্চিতভাৱে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত ঐক্যমতত উপনীত হ’ব পৰা নাছিল বুলি জানিবলৈ দিয়ে। ট্ৰাম্পে লগতে নাটো আৰু জেলেনস্কিক ফোন যোগে এই বৈঠকৰ বিষয়ে অৱগত কৰিব বুলি প্ৰকাশ কৰে। এই আলোচনাৰ পিছত এতিয়া বহু কম বিষয় বাকী আছে আৰু ইয়াৰে কিছুমান ইমান গুৰুত্বপূৰ্ণ নহয় বুলিও তেওঁ কয়।
  5. ইয়াৰ মাজতে পুটিনে ট্ৰাম্পক ৰাছিয়া ভ্ৰমণৰ বাবেও আমন্ত্ৰণ জনায়। আমেৰিকান ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰুছ ৰাষ্ট্ৰপতিগৰাকীক এই বৈঠকৰ বাবে ধন্যবাদ জনাই পুনৰ আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল ট্ৰাম্পৰ এই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি দি পুটিনে ‘অহাবাৰ মস্কোত’ বুলি উত্তৰ দিয়ে। পুটিনৰ এই প্ৰস্তাৱৰ প্ৰতি ট্ৰাম্পেও ইতিবাচক সঁহাৰি জনায়। অৰ্থাৎ আগন্তুক সময়ত দুয়োগৰাকী ৰাষ্ট্ৰনেতাক পুনৰ আলোচনাত মিলিত হোৱা পৰিলক্ষিত