শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Donald Trump’s Tariff on Pharma: ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিব ট্ৰাম্পে! ভাৰতৰ বাবে ডাঙৰ আঘাত

Donald Trump imposes Tariff: ছ'চিয়েল মিডিয়াত পোষ্ট কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে লিখিছে, "১ অক্টোবৰৰ পৰা আমি যিকোনো ব্ৰেণ্ডেড বা পেটেণ্টযুক্ত ঔষধৰ সামগ্ৰীৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিম। যদিহে তেওঁলোকে আমেৰিকাত এই ঔষধ নিৰ্মাণৰ বাবে উদ্যোগ নিৰ্মাণ নকৰে।"

Donald Trump’s Tariff on Pharma: ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিব ট্ৰাম্পে! ভাৰতৰ বাবে ডাঙৰ আঘাত
ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিলে ট্ৰাম্পে!
barasha-misra
Barasha Misra | Updated On: 26 Sep 2025 13:11 PM

আকৌ শুল্কৰ ৰাজনীতি! ব্ৰেণ্ডেড আৰু Pharmaceutical Product ৰ আমদানিৰ ওপৰত ১০০ শতাংশ শুল্ক ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই শুল্ক ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ট্ৰাম্পৰ এই সিদ্ধান্তই ভাৰতত বৃহৎ প্ৰভাৱ পেলাব পাৰে, কিয়নো ভাৰতে আমেৰিকালৈ বৃহৎ পৰিমাণৰ ঔষধ ৰপ্তানি কৰে।

নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লিখিছে, “ ১ অক্টোবৰৰ পৰা আমি যিকোনো ব্ৰেণ্ডেড বা Pharmaceutical Productsৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিম যদিহে তেওঁলোকে আমেৰিকাত ঔষধটো নিৰ্মাণ কৰিবলৈ উদ্যোগ নিৰ্মাণ নকৰে। নিৰ্মাণ আৰম্ভ হ’ব, সেয়াই চুক্তি। কোনো ৰেহাই নাথাকিব। ”

ট্ৰাম্পে কয় যে তেওঁ কেৱল ঔষধ সামগ্ৰীৰ ওপৰত নহয়, পাকঘৰৰ আৰু বাথৰুমৰ বিভিন্ন সামগ্ৰীৰ ওপৰতো ৫০ শতাংশ শুল্ক আৰোপ কৰিব। আচবাবৰ ওপৰত ৩০ শতাংশ শুল্ক আৰু গধুৰ ট্ৰাকৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব।

আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও এই শুল্ক পুনৰ আৰোপ কৰাৰ যুক্তি দাঙি ধৰিছে। তেওঁৰ মতে, বহিঃৰাজ্যৰ পৰা আমদানি কৰা এই সামগ্ৰীসমূহৰ বাবে আমেৰিকাৰ কোম্পানীসমূহে সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকৰ সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ট্ৰাম্পে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অন্যান্য কাৰণত শুল্ক আৰোপ কৰিছে।

কেইসপ্তাহমানৰ পূৰ্বে হোৱাইট হাউছে বাণিজ্যৰ গাঁথনি আৰু আমদানি শুল্ক ঘোষণা কৰিছিল। ইয়াৰ পিছতে ট্ৰাম্পে এই শুল্ক ঘোষণা কৰে। অৰ্থনৈতিক বিশ্লেষকসকলৰ মতে, ফেডাৰেল ঘাটি বা আমেৰিকাৰ পুঁজিৰ ঘাটি পূৰণৰ বাবে ট্ৰাম্পে বিশ্বৰ বাকী অংশৰ ওপৰত ইটোৰ পিছত সিটোকৈ শুল্ক আৰোপ কৰি আছে। এইদৰে তেওঁ আমেৰিকাৰ নিজা উৎপাদন কোম্পানী আৰু ব্ৰেণ্ডসমূহক অধিক বিক্ৰী কৰাৰ সুযোগ দিব বিচাৰে। কিন্তু ট্ৰাম্পৰ এই সিদ্ধান্তই মুদ্ৰাস্ফীতি আৰু অধিক বিপজ্জনকভাৱে বৃদ্ধি কৰিব পাৰে আৰু বহু উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানেও আমেৰিকা এৰি যাব পাৰে।

ভাৰতৰ ওপৰত প্ৰভাৱ-

ট্ৰাম্পে ১০০ শতাংশ শুল্ক ঘোষণাই ভাৰতত ব্যাপক প্ৰভাৱ পেলাব পাৰে কাৰণ আমেৰিকাই হৈছে ঔষধজাত সামগ্ৰীৰ সৰ্ববৃহৎ বজাৰ। ভাৰতে আমেৰিকালৈ সৰ্বাধিক ঔষধ ৰপ্তানি কৰে। আমেৰিকাত ব্যৱহৃত জেনেৰিক আৰু ১৫ শতাংশ বায়’চিমিলাৰ ঔষধ ভাৰতত আছে। ২০২৪ চনৰ বিত্তীয় বৰ্ষত ভাৰতে আমেৰিকালৈ ৮.৭ বিলিয়ন ডলাৰ বা ৭,৭২,৩১ কোটি টকাৰ ঔষধ ৰপ্তানি কৰিছিল, যিটো মুঠ ঔষধ ৰপ্তানিৰ ৩১ শতাংশ। কেৱল চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ৩২,৫০৫ কোটি টকাৰ ঔষধ যোগান ধৰিছে। ডাঃ ৰেড্ডীজ, অৰবিন্দ ফাৰ্মা, জাইডাছ, ছান ফাৰ্মাৰ দৰে কোম্পানীসমূহ ট্ৰাম্পৰ এই সিদ্ধান্তৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে, কাৰণ তেওঁলোকৰ ৰাজহৰ ৩০ শতাংশৰ পৰা ৫০ শতাংশ আমেৰিকাৰ বজাৰৰ পৰা আহে।