বহু সময় ধৰি বহি থাকিলে কঁকাল বিষাই নেকি?

16 JUNE 2025

TV9 ASSAM

আজিৰ ডিজিটেল যুগত বহুতে দিনটোৰ বেছিভাগ সময় লেপটপ বা ডেস্কটপৰ সন্মুখত বহি কটায়। এটা অৱস্থাত বহু সময় বহি থাকিলে কঁকালৰ বিষ, পিঠিৰ টানি ধৰা, শৰীৰৰ বিভিন্ন গাঁঠিত অস্বস্তিৰ সৃষ্টি হয়।

কঁকালৰ বিষ

চকীত বহি পিঠিখন পোন কৰি ৰাখক, ডিঙিটো নমাই নিদিয়াকৈ স্ক্ৰীণখন চকুৰ সমান উচ্চতাত ৰাখক। উচ্চতা নিয়ন্ত্ৰণ কৰিব পৰা চকী ব্যৱহাৰ কৰাটো উপকাৰী। সম্পূৰ্ণৰূপে হাউলি বহি থকাৰ পৰা বিৰত থাকক।

কেনেকৈ সকাহ পাব?

এটা অৱস্থাত বহু সময় বহি থকাৰ পৰিৱৰ্তে প্ৰতি ৩০-৬০ মিনিটৰ মূৰে মূৰে উঠি অলপ ফুৰিব লাগে বা হাত-ভৰি লৰচৰ কৰিব লাগে । ইয়াৰ ফলত ৰক্ত সঞ্চালন অব্যাহচ থাকে আৰু পেশীত জমা হোৱা চাপ কমি যায়।

লৰচৰ কৰি থাকিব

ঘৰতে কিছুমান সাধাৰণ ষ্ট্ৰেচিং ব্যায়াম যেনে ‘কেট-ষ্ট্ৰেচ’, ‘কোব্ৰা প’জ’, বা কঁকাল ভাজ কৰা ব্যায়াম কৰিলে কঁকালৰ বিষ বহু পৰিমাণে হ্ৰাস পাব পাৰে।

ব্যায়াম

বিষ হ’লে দিনটোত ১-২ বাৰ গৰম পানী লগালে পেশীবোৰ শিথিল হৈ পৰে আৰু সকাহ পোৱা যায়। বিশেষকৈ শোৱাৰ আগতে কৰিলে ভাল ফল পোৱা যায়।

গৰম পানীৰ ব্যৱহাৰ

টেবুলত পোনপটীয়াকৈ লেপটপ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ষ্টেণ্ড ব্যৱহাৰ কৰক আৰু পৃথক কিবৰ্ড আৰু মাউছ ব্যৱহাৰ কৰক। ইয়াৰ ফলত ভাল ভংগীমা বজাই ৰখাত সহায়ক হ’ব।

কি কৰিব?

চকীত বহি কঁকালৰ পিছফালে সৰু গাৰু বা কুশ্বন এটা ৰাখক যাতে কঁকালে সহায় পায়। ইয়াৰ ফলত বিষ কম হ’ব আৰু আৰাম পাব।

গাৰু ৰাখক

একে অৱস্থাতে বা অতি কোমল বিচনাত শুলে কঁকালৰ বিষ বৃদ্ধি পাব পাৰে। কঠিন আৰু সমতল বিচনাত চিধা হৈ শুলে পিঠিৰ ওপৰত চাপ কমি যাব।

এইবোৰ নকৰিব

চাবলৈ ক্লিক কৰক 

নাকৰ পৰা তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ?