ছি জিনপিঙে পুটিন আৰু ট্ৰাম্পৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবনে? বেইজিঙত হ’ব পাৰে বিশেষ বৈঠক
সোমবাৰে ক্ৰেমলিনে ইংগিত দিয়ে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত বৈঠক অনুষ্ঠিত সম্ভৱ হ’ব পাৰে।

চীনৰ ৰাজধানীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈঠক হ’ব পাৰে। সোমবাৰে ক্ৰেমলিনে ইংগিত দিয়ে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত বৈঠক অনুষ্ঠিত সম্ভৱ হ’ব পাৰে যদিহে এই ছেপ্টেম্বৰ মাহত বেইজিঙত অনুষ্ঠিত হোৱা অনুষ্ঠানত দুয়োগৰাকী নেতাই অংশগ্ৰহণ কৰে। ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে নিশ্চিত কৰিছে যে, দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পুটিনে চীন ভ্ৰমণ কৰিব।
অৱশ্যে পেস্কোভে কয় যে, ট্ৰাম্পে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে নে নাই সেই সন্দৰ্ভত মস্কোৱে কোনো তথ্য লাভ কৰা নাই। বেইজিঙত দুয়োগৰাকী নেতাৰ মাজত বৈঠকৰ সম্ভাৱনাৰ বিষয়ে সোধাত পেস্কোভে কয় যে, যদি দুয়োজন নেতাই একেলগে চীনৰ ৰাজধানীত উপস্থিত থাকে তেন্তে ক্ৰেমলিনে এনে বৈঠকৰ সম্ভাৱনাক ‘নুই কৰা নাই’।
চীনত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ অনুষ্ঠান
দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ স্মৃতিত অহা ৩ ছেপ্টেম্বৰত চীনৰ ৰাজধানী বেইজিঙত এক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হ’ব। Thetimes.com ৰ এক প্ৰতিবেদন অনুসৰি, দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ ৮০ বছৰীয়া জয়ন্তী অনুষ্ঠানলৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনও আহিব পাৰে আৰু দুয়োজনে উচ্চ পৰ্যায়ৰ ত্ৰিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব পাৰে।
দুয়োজন নেতাৰ সাক্ষাৎ হ’বনে?
উপলব্ধ তথ্য অনুসৰি, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰাৰ ইচ্ছা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে। ইফালে ট্ৰাম্পৰ ভ্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনত সামৰিক অভিযান বন্ধ কৰিবলৈ পুটিনক ৫০ দিনৰ নিৰ্দিষ্ট সময়সীমা দিছিল। বিশেষজ্ঞসকলে কয় যে, চীনে এই অনুষ্ঠানৰ জৰিয়তে নিজৰ কূটনৈতিক পৰিচয় গঢ়ি তুলিব বিচাৰে। যদি চীনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু ট্ৰাম্পক সাক্ষাৎ কৰাত সফল হয় আৰু ইয়াৰ দ্বাৰা ইউক্ৰেইন যুদ্ধ বন্ধ কৰাত সফল হ’ব পাৰে । ইয়াৰ জৰিয়তে চীনে বিশ্বত নিজৰ কূটনৈতিক পৰিচয় গঢ়ি তোলাত সফল হ’ব।