শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যাত্ৰীবাহী জাহাজত ভয়াৱহ অগ্নিকাণ্ড! ৫ জনৰ মৃত্যু, জীৱন ৰক্ষা কৰিবলৈ সাগৰত জপিয়ালে…

ইণ্ডোনেছিয়াৰ এখন যাত্ৰীবাহী জাহাজত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। যাৰ ফলত যাত্ৰীসকলে সাগৰত জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে। কে এম বাৰ্চিলোনা ভি এ নামৰ জাহাজখনত অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। জাহাজখনত বহু শিশুকে ধৰি ২৮০ৰো অধিক যাত্ৰী আছিল।

যাত্ৰীবাহী জাহাজত ভয়াৱহ অগ্নিকাণ্ড! ৫ জনৰ মৃত্যু, জীৱন ৰক্ষা কৰিবলৈ সাগৰত জপিয়ালে…
ইণ্ডোনেছিয়াৰ যাত্ৰীবাহী জাহাজত অগ্নিকাণ্ড
trishna-kalita
Trishna Kalita | Published: 21 Jul 2025 09:42 AM

ইণ্ডোনেছিয়াত সংঘটিত হৈছে এক ডাঙৰ দুৰ্ঘটনা। খবৰ অনুসৰি এখন যাত্ৰীবাহী জাহাজত লগা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ৫জন লোকৰ মৃত্যু হয়। জীৱন ৰক্ষাৰ বাবে বহু যাত্ৰী জাহাজৰ পৰা জপিয়াই পৰে। বহু যাত্ৰীয়েও নিজৰ ফোনত বন্দী কৰিছে গাৰ নোম শিয়ৰি উঠা দৃশ্য। বিষয়াসকলে জনোৱা মতে, দেওবাৰে ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপৰ সমীপত শ শ লোক কঢ়িয়াই অনা যাত্ৰীবাহী জাহাজত এখনত সাগৰত জুই লাগি কমেও পাঁচজন লোকৰ মৃত্যু হয়। ২৮০ জনতকৈ অধিক লোকক উদ্ধাৰ কৰাৰ লগতে জাহাজখন খালী কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

ইণ্ডোনেছিয়াৰ ফ্লীট কমাণ্ডৰ কেপ্তেইন ভাইচ এডমিৰেল ডেনেহ হেন্দ্ৰাটাই জনোৱা মতে, প্ৰদেশখনৰ দ্বীপ জিলা টালাউডৰ পৰা উত্তৰ চুলাৱেছি প্ৰদেশৰ ৰাজধানী মানাডোলৈ গৈ থকা কে এম বাৰ্চিলোনা ৫ জাহাজখনে টালিছাইৰ ওচৰৰ পানীৰ মাজতে জুই লাগিছিল। তেওঁ কয় যে ইতিমধ্যে তিনিখন নৌসেনাৰ জাহাজ মোতায়েন কৰা হৈছে আৰু এতিয়ালৈকে ২৮৪ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযানত স্থানীয় মাছমৰীয়াসকলেও সহায় কৰে। যিয়ে লাইফ জেকেট পিন্ধা কিছুমান জীৱিত লোকক উদ্ধাৰ কৰে। লগতে উদ্ধাৰকাৰী দলে এগৰাকী গৰ্ভৱতী মহিলাৰ মৃতদেহকে ধৰি পাঁচটা মৃতদেহ উদ্ধাৰ কৰে।

হেন্দ্ৰাটাই কয়,: আমি এতিয়াও খালী কৰাৰ প্ৰচেষ্টাত মনোনিৱেশ কৰি আছো। তেওঁ কয় যে জুইৰ কাৰণৰ তদন্ত চলি আছে। নেশ্যনেল চাৰ্চ এণ্ড ৰেচকিউ এজেন্সীয়ে প্ৰকাশ কৰা ফটো আৰু ভিডিঅ’ত দেখা গৈছে যে আতংকিত যাত্ৰীসকলে, যাৰ অধিকাংশই লাইফ জেকেট পিন্ধি, সাগৰত জপিয়াই পৰিছে। জ্বলি থকা জাহাজখনৰ পৰা কমলা ৰঙৰ শিখা আৰু ক’লা ধোঁৱা বিয়পি পৰিছিল।”

জাহাজখনত আছিল ২৮০ জনতকৈ অধিক লোক। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত আতংকিত যাত্ৰীসকলে জুইৰ পৰা ৰক্ষা পাবলৈ সাগৰত জপিয়াই পৰা দেখা যায়। লগতে জাহাজখনত বহু শিশুও আছিল। ইণ্ডোনেছিয়াৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে ব্যাপকভাৱে জাহাজখন খালী কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰে। ফুটেজত দেখা গৈছে যে নাওখনত থকা লোকসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে সাগৰত জপিয়াই পৰিছে, বেছিভাগেই লাইফ ছেফটি জেকেট পিন্ধিছিল যদিও কিছুমানে পিন্ধা নাছিল। বহু যাত্ৰী জেকেট নোহোৱাকৈয়ে সাগৰত জপিয়াই পৰিল।  দৃশ্য ৰেকৰ্ড কৰা এটা ভিডিঅ’ত, এগৰাকী মহিলাই জুইৰ পৰা প্ৰায় ১০ৰ পৰা ১৫ মিটাৰ দূৰত সাঁতুৰিছিল। ফটোবোৰে নাওখনত থকা লোকসকলৰ মাজত সৃষ্টি হোৱা ভয় পৰিলক্ষিত হৈছে।

মাছ ধৰা নাৱেৰে জীৱন ৰক্ষা কৰিলে

ফুটেজত লোকসকলে সহায় বিচাৰি চিঞৰি  থকা দেখা গৈছে । যিহেতু জুইয়ে সমগ্ৰ জাহাজখন আগুৰি ধৰিছে আৰু আকাশলৈ ডাঠ, ক’লা ধোঁৱা ওপৰলৈ উঠি অহা দেখা গৈছিল। ওচৰৰ টালিছ দ্বীপৰ পৰা পাৰ হৈ যোৱা কেইবাখনো মাছ ধৰা নাৱে কিছুমান জীৱিত লোকক পানীৰ পৰা উদ্ধাৰ কৰি নাওৰে পাৰলৈ লৈ আনে।