Morning News: চৰাইদেউৰ হত্যাকাণ্ডৰ পৰা গাজা আক্ৰমণলৈ…গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- নলবাৰী হৰিমন্দিৰৰ সমিতিৰ পৰা অশোক শৰ্মাক বহিষ্কাৰ। আজীৱন সভ্যৰ পৰা বহিষ্কাৰ সমিতিৰ প্ৰাক্তন সভাপতিজনক। নলবাৰীৰ হৰি মন্দিৰত অনুষ্ঠিত সভাৰ সিদ্ধান্তমৰ্মে বহিষ্কাৰ অশোক শৰ্মাক। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল সাধাৰণ সভা।
- শ্ৰীভূমি আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ দল। ডকাইতি কাণ্ডৰে জড়িত বিজেপি যুৱ মৰ্চাৰ সদস্যসহ ৪ জনক আটক। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ডকাইতে নিয়া সোণৰ অলংকাৰ, নগদ ধন। ৰাহুল পাল আৰু ৰাজদীপ পাল নামৰ দুই ব্যৱসায়ীৰ পৰা ডকাইতে লুটি নিছিল নগদ প্ৰায় ২ লাখ টকা, বহু আ-অলংকাৰ।
- চৰাইদেউৰ লেংগীৱৰত নৃশংস হত্যাকাণ্ড। ককায়েকে হত্যা কৰিলে নিজ ভাতৃক। ভায়েক ঘন গড়ক দাৰে মূৰত ঘপিয়াই হত্যা পৰশু গড়ৰ।
- অগপ গণ পৰিষদৰ ভিতৰচ’ৰাত তীব্ৰ অসন্তুষ্টি। চলি থকা সভাই ৰূপ লয় সংঘাতৰ। দেওবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱত অসম গণ পৰিষদ দলৰ কামৰূপ জিলা সমিতিৰ এখন বিশাল অভিৱৰ্তন অনুষ্ঠিত হয়। সহস্ৰাধিক জিলা প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত শ্বহীদ পৰিয়ালৰ সদস্যক সম্বৰ্দ্ধনা জনোৱা হয়। কিন্তু সভাৰ মাজতেই সংঘাতৰ সৃষ্টি হয় নেতা-কৰ্মীৰ মাজত। সমষ্টিৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ বৰাই অগপ দলৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
- দেওবাৰে পূৰবী ডেইৰীৰ সম্প্রসাৰণ প্ৰকল্পৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেইবাটাও বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰে। শৰ্মাই কয় যে, “আজিৰ পৰা এবছৰ আগতে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিল যে যিসকল কৃষক গাখীৰ উৎপাদনৰ লগত জড়িত আছে তেওঁলোকক প্ৰতি লিটাৰ ত ৫ টকাকৈ ৰাজসাহাৰ্য আগবঢ়োৱা হ’ব।
- এইবাৰ গোলাঘাটৰ উৰিয়ামঘাট আৰু নেঘেৰিবিলত চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ড্ৰোন কেমেৰাৰে জৰীপ চলোৱা হৈছে। বন বিভাগ ,গোলাঘাট জিলা প্ৰশাসনে চলাইছে জৰীপ। প্ৰশাসনৰ সমৰ্থনত ওলাই আহছি বহু দল-সংগঠন, সাজু হৈছে ৰাইজ। শীঘ্ৰে বেদলখকাৰীক খেদিবলৈ চৰকাৰলৈ আহ্বান। জানিব পৰা মতে উৰিয়ামঘাট সীমান্তৰ প্ৰায় ৩০০০ বিঘা মাটি বে-দখলমুক্ত কৰাৰ উদ্দেশ্যে এই উচ্ছেদ অভিযান চলিব।
- আজিৰে পৰা আৰম্ভ হ’ব লোকসভাৰ বৰ্ষাকালীন অধিবেশন। সদনত উত্থাপন কৰিবলগীয়া প্ৰশ্নৰ তালিকা প্ৰস্তুত কৰিছে বিৰোধী দলসমূহৰ সকলো নেতাই । কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কৈছে যে, চৰকাৰৰ পহলগাম নিৰাপত্তাৰ গাফিলতি, ভাৰত সম্পৰ্কে ট্ৰাম্পৰ দাবী, সদনত নিৰ্বাচন আয়োগৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব।
- পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, গাজাৰ বিভিন্ন স্থানত সাহায্য সাহায্যৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত দেওবাৰে বন্দুকৰ গুলীত ৮৫ জন লোক নিহত হয়। স্বাস্থ্য মন্ত্ৰালয় আৰু স্থানীয় চিকিৎসালয়সমূহৰ মতে, উত্তৰ গাজাত সৰ্বাধিক লোকৰ মৃত্যু হৈছে, য’ত ইজৰাইলৰ সৈতে জিকিম সীমান্ত পাৰ হৈ উত্তৰ গাজাত সাহায্য সামগ্ৰী আহি পোৱাৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত কমেও ৭৯ জন পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। চিকিৎসালয়সমূহৰ তথ্য অনুসৰি ১৫০ জনতকৈ অধিক লোক আহত হৈছে, ইয়াৰে কিছুমানৰ অৱস্থা সংকটজনক।
লগতে পঢ়ক: শাওন মাহৰ প্ৰথম সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…