বিশ্ব কঁপাই যোৱা আন ভয়ংকৰ বাছ দুৰ্ঘটনা, ৪১ জনৰ মৃত্যু…
বাছ আৰু ট্ৰাকৰ সংঘৰ্ষৰ ফলত প্ৰায় ৪১ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক গুৰুতৰভাৱে আহত হৈছে । জানিব পৰা মতে, বাছ আৰু ট্ৰাকৰ সংঘৰ্ষৰ পিছত বাছখনত অগ্নিকাণ্ড সংঘটিত হয় । ইয়াৰ ফলত বাছখনৰ বহু যাত্ৰী অগ্নিদগ্ধ হয় ।
দক্ষিণ মেক্সিকোত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ বিশ্ব । প্ৰকাশিত খবৰ অনুসৰি, বাছ আৰু ট্ৰাকৰ সংঘৰ্ষৰ ফলত দক্ষণি মেক্সিকোত প্ৰায় ৪১ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক গুৰুতৰভাৱে আহত হৈছে । জানিব পৰা মতে, বাছ আৰু ট্ৰাকৰ সংঘৰ্ষৰ পিছত বাছখনত অগ্নিকাণ্ড সংঘটিত হয় । ইয়াৰ ফলত বাছখনৰ বহু যাত্ৰী অগ্নিদগ্ধ হয় । অতি ভয়াবহ আছিল এই দুৰ্ঘটনাটো ।
প্ৰকাশিত খবৰ অনুসৰি, দুৰ্ঘটনাত পতিত বাছখন কানকুন চহৰৰ পৰা টাবাস্কো অভিমুখে গৈ আছিল । বাছখনত আছিল ৪৮ জন যাত্ৰী । ইতিমধ্যে এই দুৰ্ঘটনাত বাছখনত থকা ৩৮ জন লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ইফালে চৰকাৰী কৰ্তৃপক্ষই সদৰী কৰা মতে, ট্ৰাকখনৰ চালকজনো দুৰ্ঘটনাত নিহত হৈছে ।
বাছ অপাৰেটৰে কয় যে, তেওঁলোকে এই দুৰ্ঘটনাক লৈ অত্যন্ত দুখ প্ৰকাশ কৰিছে। ইফালে এই দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । বৰ্তমান ঘটনাস্থলীত তদন্ত অব্যাহত আছে ।
টাবাস্কোৰ নিৰাপত্তা সূত্ৰই জনোৱা মতে, এই দুৰ্ঘটনাত নিহত ১৮ জন লোকৰ মৃতদেহহে এতিয়ালৈকে সেই স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে। লগতে কোৱা হৈছে যে, এতিয়াও বহু লোকৰ মৃতদেহ কৰিবলৈ সক্ষম হোৱা নাই । বৰ্তমানেও উদ্ধাৰৰ অভিযান চলি আছে। টাবাস্কো ৰাজ্য চৰকাৰে কয় যে. উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু নিহতসকলক চিনাক্ত কৰা হৈছে।