শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পাকিস্তানত ৫০ টকীয়া টি-চাৰ্টৰ বাবে শ শ লোকৰ ভিৰ ! উদ্বোধনীৰ দিনাই লুটপাত কৰিলে দোকান…ভিডিঅ’ ভাইৰেল

এই ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত বেয়াকৈ সমালোচিত হৈছে চুবুৰীয়া পাকিস্তান । সূত্ৰ খবৰ অনুসৰি,কৰাচীৰ গুলছান-ই-জোহৰ মেগা মলত ‘ড্ৰিম বজাৰ’ নামৰ এখন ষ্ট’ৰ মুকলি কৰা হৈছিল। ষ্ট’ৰৰ উদ্দেশ্য আছিল মানুহক সুলভ মূল্যত কাপোৰ যোগান ধৰা। ইয়াৰ বাবে ষ্ট’খনৰ স্বত্বাধিকাৰীয়ে বহু প্ৰচাৰো কৰিছিল ।

পাকিস্তানত ৫০ টকীয়া টি-চাৰ্টৰ বাবে শ শ লোকৰ ভিৰ ! উদ্বোধনীৰ দিনাই লুটপাত কৰিলে দোকান…ভিডিঅ’ ভাইৰেল
পাকিস্তানত দোকান লুটপাত
Manas Borah
Manas Borah | Published: 02 Sep 2024 12:58 PM

সাংঘাতিক আৰ্থিক সংকটৰ সন্মুখীন হৈছে চুবুৰীয়া পাকিস্তান । ৫০ টকীয়া টি-চাৰ্টৰ বাবে যেতিয়া শ শ গ্ৰাহকে ভিৰ কৰে তেতিয়াই প্ৰমাণিত হয় যে, দেশখনে কেনেকুৱা ধৰণৰ আৰ্থিক সংকটৰ মাজেৰে পাৰ কৰিছে । আচৰিত কথাটো হ’ল যে, এটা টি-চাৰ্টৰ বাবে ৫০ টকা খৰচ কৰিবলৈও এতিয়া দেশখনৰ গ্ৰাহক সকলৰ সামৰ্থ্য নোহোৱা হৈছে । যাৰ পৰিপ্ৰেক্ষিতত ৫০ টকীয়া টি-চাৰ্ট উপলব্ধ দোকানখন উদ্বোধনীৰ দিনাই লুটপাত কৰে শ শ লোকে । দোকানখন লুটপাত কৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে ।

এই ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত বেয়াকৈ সমালোচিত হৈছে চুবুৰীয়া পাকিস্তান । সূত্ৰ খবৰ অনুসৰি,কৰাচীৰ গুলছান-ই-জোহৰ মেগা মলত ‘ড্ৰিম বজাৰ’ নামৰ এখন ষ্ট’ৰ মুকলি কৰা হৈছিল। ষ্ট’ৰৰ উদ্দেশ্য আছিল মানুহক সুলভ মূল্যত কাপোৰ যোগান ধৰা। ইয়াৰ বাবে ষ্ট’খনৰ স্বত্বাধিকাৰীয়ে বহু প্ৰচাৰো কৰিছিল । এই কথা সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ’টোত উল্লেখ কৰা হৈছে।

ভাইৰেল ভিডিঅ’টোত ষ্ট’ৰ অপাৰেটৰ আনাছে কয় যে, ‘এইটো পাকিস্তানৰ প্ৰথম মেগা থ্ৰিফ্ট ষ্ট’ৰ। ইয়াত অৰিজিনেল ব্ৰেণ্ডেডৰ সামগ্ৰী মাত্ৰ ৫০ টকাৰ পৰা আৰম্ভ হয়। ইয়াত পুৰুষ আৰু মহিলা উভয়ৰে বাবে সামগ্ৰী উপলব্ধ। আমি এই ষ্ট’খন বছৰৰ ৩৬৫ দিনে খোলা ৰাখিম। ৩০ আগষ্টত উদ্বোধন কৰা হয়।’

ষ্ট’ৰ মুকলি কৰাৰ দিনাই মানুহৰ এটা ভিৰে এই গোটেই দোকানখন লুটপাত কৰে বুলি অভিযোগ উত্থাপন হৈছে । শুকুৰবাৰে সংঘটিত এই ঘটনাৰ পাছত সামাজিক মাধ্যমৰ জৰিয়তে দুখ প্ৰকাশ কৰিছে আনাছে। তেওঁ এটা ভিডিঅ’ যোগে কয় যে, ‘আমি কৰাচীবাসীক সুবিধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু দোকানখনৰ কি হ’ল চাওকচোন।’

বৰ্তমান পাকিস্তানে আটাইতকৈ বেয়া আৰ্থিক অৱস্থাৰ মাজেৰে পাৰ কৰিছে । অৰ্থনৈতিক বিশ্লেষক সকলৰ মতে, পাকিস্তানত ভয়াৱহ অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছে। আই এম এফ আৰু বিশ্ব বেংকৰ পৰা এটাৰ পাছত এটা ঋণ লৈছে পাকিস্তানে । প্ৰকাশিত তথ্য অনুসৰি, জুলাই মাহত দেশখনত বাৰ্ষিক গ্ৰাহক মূল্য সূচকাংক(Annual Consumer Price Index) মুদ্ৰাস্ফীতিৰ হাৰ ১১.১ শতাংশ।