শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Pavel Durov: কিয় ফ্ৰান্সত গ্ৰেপ্তাৰ হ’ল টেলিগ্ৰামৰ মুৰব্বী পাভেল ডুৰভ, বন্ধ হ’ব নেকি টেলিগ্ৰাম…?

টেলিগ্ৰামৰ মুৰব্বী পাভেল ডুৰভক গ্ৰেপ্তাৰ কৰিছে ফ্ৰান্স আৰক্ষীয়ে । জানিব পৰা মতে, পাভেল ডুৰভ, অৰ্থাৎ টেলিগ্ৰামৰ বিৰুদ্ধে বহু কেইটা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । সেই অভিযোগৰ ভিত্তিতে বিমান বন্দৰৰ পৰা পাভেল ডুৰভক গ্ৰেপ্তাৰ কৰে ফ্ৰান্স আৰক্ষীয়ে ।

Pavel Durov: কিয় ফ্ৰান্সত গ্ৰেপ্তাৰ হ’ল টেলিগ্ৰামৰ মুৰব্বী পাভেল ডুৰভ, বন্ধ হ’ব নেকি টেলিগ্ৰাম…?
পাভেল ডুৰভ
manas-borah
Manas Borah | Published: 25 Aug 2024 13:24 PM

মেচেজিং এপ টেলিগ্ৰামৰ মুৰব্বী পাভেল ডুৰভক গ্ৰেপ্তাৰ কৰিছে ফ্ৰান্স আৰক্ষীয়ে । জানিব পৰা মতে, পাভেল ডুৰভ, অৰ্থাৎ টেলিগ্ৰামৰ বিৰুদ্ধে বহু কেইটা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । সেই অভিযোগৰ ভিত্তিতে বিমান বন্দৰৰ পৰা পাভেল ডুৰভক গ্ৰেপ্তাৰ কৰে ফ্ৰান্স আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, শনিবাৰে গ্ৰেপ্তাৰ কৰা পাভেল ডুৰভৰ দেওবাৰে আদালতত হাজিৰ কৰা হ’ব ।

প্ৰকাশিত খবৰ অনুসৰি,ফৰাচী-ৰাছিয়ান মূলৰ ৩৯ বছৰীয়া পাভেল ডুৰভক শনিবাৰে পেৰিছৰ লে বুৰ্গেট বিমানবন্দৰৰ পৰা ফ্ৰান্স আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আজাৰবাইজানৰ পৰা উভতি অহাৰ সময়তে ডুৰভক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে । সংবাদ সংস্থা এ এফ পিৰ মতে, পাভেল ডুৰভৰ বিৰুদ্ধে জালিয়াতি, ড্ৰাগছ সৰবৰাহ, চাইবাৰ অপৰাধ আৰু টেলিগ্ৰাম এপ ব্যৱহাৰ কৰি সন্ত্ৰাসবাদৰ প্ৰচাৰৰ অভিযোগ উত্থাপন হৈছিল।

উল্লেখ্য যে, টেলিগ্ৰামত এনে অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰিব নোৱাৰাৰ কাৰণে পাভেল ডুৰভৰ বিৰুদ্ধে ফ্ৰান্সৰ OFMIN য়ে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰে।

মনকৰিবলগীয়া যে, দীৰ্ঘদিন ধৰি মেছেজিং এপ টেলিগ্ৰামৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে। প্ৰৱঞ্চনাৰ পৰা আৰম্ভ কৰি ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য ফাদিল কৰালৈকে এই অভিযোগসমূহ উত্থাপন হৈ আহিছে । কিন্তু এই অভিযোগসমূহৰ বিপৰীতে টেলিগ্ৰামে সদায় দাবী কৰি আহিছে যে, তেওঁলোকে কেতিয়াও ব্যৱহাৰকাৰীৰ তথ্য ফাদিল কৰা নাই। বৰ্তমান ৯০ কোটি লোকে ব্যৱহাৰ কৰে টেলিগ্ৰাম ।