শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অপৰাধ কৰিলে ধনী লোকে লাভ নকৰে কোনো শাস্তি! তালিবানৰ সংবিধানত কি কি আছে?

২০২১ চনৰ পাছত প্ৰথমবাৰৰ বাবে তালিবান চৰকাৰে সংবিধান কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িছে। শ্বৰীয়তক গুৰুত্ব প্ৰদান কৰি এই সংবিধান প্ৰস্তুত কৰা হৈছে। য'ত কেইবাটাও খণ্ড আৰু অনুচ্ছেদ আছে।

অপৰাধ কৰিলে ধনী লোকে লাভ নকৰে কোনো শাস্তি! তালিবানৰ সংবিধানত কি কি আছে?
তালিবানImage Credit source: Brookings
Barasha Sarma
Barasha Sarma | Published: 27 Jan 2026 14:23 PM

প্ৰায় ৫ বছৰৰ পাছত সংবিধান চূড়ান্ত কৰিছে তালিবানে (Taliban)। ইয়াৰ ৰাজপত্ৰৰ দ্বাৰা সমগ্ৰ আফগানিস্তানত কাৰ্যকৰী কৰাৰ বাবে তালিবান সাজু হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, তালিবানৰ নতুন সংবিধানত ১০ টা খণ্ড, ১১৯টা অনুচ্ছেদ আছে। সমগ্ৰ সংবিধান খনত শ্বৰীয়ত আইনত বিশেষ গুৰুত্ব দিয়া হৈছে, লগতে কোৱা হৈছে যে শাসন ব্যৱস্থা কেৱল শ্বৰীয়ত আইনৰ জৰিয়তেহে পৰিচালিত হ’ব।

উল্লেখ কৰা প্ৰয়োজন যে,২০২১ চনত হিবাতুল্লাহ আখুনজাদাৰ নেতৃত্বত আফগানিস্তানত তালিবান শাসন প্ৰতিষ্ঠা কৰা হৈছিল। বিবিচি এক প্ৰতিবেদন অনুসৰি, তালিবানৰ এই সংবিধানে বিভেদ বৃদ্ধি কৰিব আৰু মানৱ অধিকাৰ উলংঘা কৰিব। এই সংবিধানত মহিলাৰ স্বাধীনতা কম। ইয়াৰ বিপৰীতে ধনীসকলক বিশেষ গুৰুত্ব দিয়া হৈছে।

কি আছে সংবিধানত

জংঘম নামৰ আলোচনীখনত তালিবানৰ সংবিধানৰ কিছু অংশ প্ৰকাশ পাইছে। তালিবানৰ সংবিধানৰ ৯ নং অনুচ্ছেদত সামাজিক বিভাজনৰ দিশটো উল্লেখ কৰা আছে। য’ত কোৱা হৈছে, সমাজখনত তিনিটা ভাগত বিভক্ত কৰিব লাগে। এটা পণ্ডিতৰ বাবে, দ্বিতীয়টো ভাল অভিজাত শ্ৰেণীৰ বাবে আৰু তৃতীয়টো সাধাৰণ নাগৰিকৰ বাবে।

সংবিধানত কোৱা হৈছে যে, সৰু-সুৰা অপৰাধৰ বাবে পণ্ডিত আৰু অভিজাত শ্ৰেণীৰ লোকক শাস্তি দিব নালাগে। কিয়নো এইসকল লোক অভ্যাসগত অপৰাধী নহয়। আনকি পণ্ডিতসকলক আদালতলৈ যোৱাৰ পৰা ৰেহাই দিয়া হৈছে। কিন্তু একেই অপৰাধৰ বাবে সাধাৰণ নাগৰিকক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে।

সংবিধানত সংখ্যালঘু আৰু মহিলাৰ ওপৰতো কঠোৰ আইনৰ ব্যৱস্থা কৰা হৈছে। পুৰুষতকৈ তালিবানৰ অধীনত মহিলাৰ স্বাধীনতা কম। আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে। অপৰাধজনিত বহু গোচৰত চূড়ান্ত সিদ্ধান্ত ন্যায়বিদে লব পাৰিব। অৱশ্যে কিছাছ, হাদ্দ আদি বিষয়ত চৰকাৰে হস্তক্ষেপ কৰিব পাৰে।

উল্লেখ্য যে, ২০২১ চনৰ পৰা তালিবান চৰকাৰে ডিক্ৰীৰ জৰিয়তে কাম কৰি আছে। তালিবান চৰকাৰে শাসন কৰিবলৈ ৪৭০টা ডিক্রী জাৰি কৰিছিল। তালিবান নেতা হিবাতুল্লাহ আখুনজাদাই জাৰি কৰা এইসমূহৰ বেছিভাগে শ্বৰীয়ত আইনৰ সৈতে জড়িত। ইয়াৰ পাছতে এতিয়া তালিবানে কাৰ্যকৰী কৰিব নতুন সংবিধান।

 

 

অন্য খবৰ পঢ়কঃ উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক গলবস্ত্ৰক অসন্মান ৰাহুল গান্ধীৰ! খাৰ্গে ক’লে প্ৰকৃত কথা…