ইজৰাইলৰ মোছাদৰ মুখ্য কাৰ্যালয়ৰ সমীপত সন্ত্ৰাসবাদী আক্ৰমণ! ট্ৰাক-বাছৰ সংঘৰ্ষত এজনৰ মৃত্যু, আহত ৪০ জন
টেল আভিভ চহৰৰ এটা বাছ ষ্টপত এখন ট্ৰাকেৰে সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ইজৰাইল আৰক্ষীয়ে । সূত্ৰৰ খবৰ অনুসৰি,টেল আভিভ চহৰৰ সমীপৰ এটা বাছ ষ্টপত এখন ট্ৰাকে এখন বাছত খুন্দা মৰাৰ ফলত এজনৰ লোকৰ মৃত্যু হোৱাৰ লগতে ৪০ জন লোক আহত হয় ।

ইজৰাইলৰ টেল আভিভ চহৰৰ এটা বাছ ষ্টপত এখন ট্ৰাকেৰে সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ইজৰাইল আৰক্ষীয়ে । সূত্ৰৰ খবৰ অনুসৰি,টেল আভিভ চহৰৰ সমীপৰ এটা বাছ ষ্টপত এখন ট্ৰাকে এখন বাছত খুন্দা মৰাৰ ফলত এজনৰ লোকৰ মৃত্যু হোৱাৰ লগতে ৪০ জন লোক আহত হয় । ইয়াৰে ১০ জন লোকৰ অৱস্থা সংকটজনক । মনকৰিবলগীয়া যে,ইজৰাইলৰ মোছাদ চোৰাংচোৱা সংস্থাৰ মুখ্য কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই ঘটনা। ইজৰাইল আৰক্ষীয়ে এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰি কয় যে, ট্ৰাক চালকজন ইজৰাইলৰ আৰব নাগৰিক আছিল।
টেল আভিভৰ উত্তৰ-পূবৰ ৰামাত হাছাৰন চহৰত ইজৰাইলীসকলে এসপ্তাহৰ ছুটীৰ অন্তত কামলৈ উভতি অহাৰ সময়তে এটা ষ্টপেজত এখন বাছৰ সৈতে ট্ৰাকৰ সংঘৰ্ষত একাংশ লোক বাহনৰ তলত সোমাই পৰে। আৰক্ষীয়ে জনোৱা মতে, এই দুৰ্ঘটনাৰ আঁৰৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও পেলেষ্টাইনীসকলে বিগত সময়ত এনে বহু আক্ৰমণ সংঘটিত কৰিছে। মোছাদৰ মুখ্য কাৰ্যালয় আৰু সামৰিক ঘাটিৰ ওচৰত থকা এটা বাছ ষ্টপত সংঘটিত হৈছে এই ঘটনা । ইজৰাইলৰ মেগেন ডেভিদ আডম উদ্ধাৰ সেৱাই জনোৱা মতে, আহতসকলৰ ১০ জনৰ অৱস্থা গুৰুতৰ। ইজৰাইল আৰক্ষীৰ মুখপাত্ৰ এ এছ আই আহাৰোনিয়ে জনোৱা মতে, ট্ৰাক চালকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।
Police are securing the scene following a truck-ramming in central Israel. Preliminary investigations reveal a truck collided with a bus unloading passengers, injuring a number of civilians pic.twitter.com/1KGYa0ktK7
— Israel Police (@israelpolice) October 27, 2024
উল্লেখ্য যে, যোৱা ২৬ অক্টোবৰত ইজৰাইলে ইৰাণ, ইৰাক আৰু ছিৰিয়াৰ প্ৰায় ২০টা সামৰিক ঘাটিত বিমান আক্ৰমণেৰে লক্ষ্য কৰি লৈছিল। অক্টোবৰৰ আৰম্ভণিতে তেহৰানৰ বেলিষ্টিক মিছাইল আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে প্ৰতিশোধ লোৱা হ’ব বুলি সকীয়াই দিছিল আৰু শেহতীয়াকৈ ইজৰাইলে এই আক্ৰমণ সংঘটিত কৰে ।
মনকৰিবলগীয়া যে, জুলাই মাহত ইৰাণৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ প্ৰাকক্ষণত তেহৰাণত হামাছৰ এজন উচ্চ পদস্থ বিষয়াক হত্যা কৰা আৰু ছেপ্টেম্বৰৰ শেষৰ ফালে হিজবুল্লাহৰ এজন নেতাক হত্যা কৰা ঘটনাৰ পাছতে মধ্যপ্ৰাচ্যত উত্তেজনা আৰু অধিক বৃদ্ধি পাবলৈ ধৰে ।