শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হ’ব সুশীলা কাৰ্কিঃ হ’বনে পূৰ্ণ ক্ষমতাৰ অধিকাৰী!

নেপাল সংবিধান অনুসৰি অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ ভূমিকা সম্পূৰ্ণ সীমিত। নিয়মীয়া প্ৰশাসন চলোৱা আৰু নিৰ্বাচন বা ক্ষমতা হস্তান্তৰ পৰ্যন্ত দেশক সুস্থিৰ কৰি ৰখাই হৈছে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ প্ৰধান দায়িত্ব।

নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হ’ব সুশীলা কাৰ্কিঃ হ’বনে পূৰ্ণ ক্ষমতাৰ অধিকাৰী!
সুশীলা কাৰ্কি হ’ব নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী
monjit-dutta
Monjit Dutta | Updated On: 12 Sep 2025 13:34 PM

ব্যাপক গণ আন্দোলন আৰু তাৰ পিছত হোৱা ৰাজনৈতিক পট পৰিৱৰ্তনৰ পিছত এতিয়া নতুন অন্তৱৰ্তীকালীন চৰকাৰ লাভ কৰিব নেপালে এই নতুন চৰকাৰত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব সুশীলা কাৰ্কিয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কি হ’ব দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। আন্দোলনৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰী অলীৰ পদত্যাগৰ পিছতে কুলমান ঘিছিঙৰ নামো অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী পদৰ বাবে চৰ্চিত হৈছিল যদিও এতিয়া কাৰ্কিৰ নাম চূড়ান্ত হৈছে

এতিয়া পৰৱৰ্তী নিৰ্বাচনলৈকে এই পদত থাকিব সুশীলা কাৰ্কি। অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্কিয়ে নেপালৰ সংবিধানে নিৰ্ধাৰণ কৰা অনুসৰি ক্ষমতা লাভ কৰিব গণতন্ত্ৰ গ্ৰহণ কৰাৰ পিছত নেপালত কেইবাবাৰো অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী দেখা গৈছে। কিন্তু এইবাৰ সমগ্ৰ বিষয়টোৱে বিশেষ গুৰুত্ব বহন কৰিছে

নেপালৰ বৰ্তমানৰ সংবিধানৰ ৭৬ নং ধাৰাত বিশেষভাৱে প্ৰধানমন্ত্ৰীৰ নিযুক্তি, সংখ্যাগৰিষ্ঠতা আৰু পদ হেৰুৱাৰ পৰিস্থিতিৰ ব্যৱস্থা কৰা হৈছে। ধাৰা ৭৬ (৭)ত কোৱা হৈছে, যদি প্ৰধানমন্ত্ৰীৰ পদত্যাগ বা অপসাৰণৰ পিছত নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত নহয়, তেতিয়া ৰাষ্ট্ৰপতিয়ে নতুন প্ৰধানমন্ত্ৰী নিযুক্তি নোপোৱালৈকে প্ৰাক্তন প্ৰধানমন্ত্ৰীক কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ অনুমতি দিয়ে।

সংবিধানত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীক কেয়াৰটেকাৰ পিএমহিচাপে সম্বোধন কৰা হোৱা নাই যদিও কাৰ্যক্ষেত্ৰত এনে অৱস্থাই দেখা যায় নেপালৰ সংবিধানত কোৱা হৈছে যে নিৰ্বাচিত প্ৰধানমন্ত্ৰীয়ে ৩০ দিনৰ ভিতৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। গতিকে এতিয়াৰ বাবে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে কাম কৰিব সুশীলা কাৰ্কিয়ে।

ভৱিষ্যতে পুনৰ নেপালত নিৰ্বাচন অনুষ্ঠিত হ’ব নিৰ্বাচনত যদি যদি কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰে, তেতিয়া ৰাষ্ট্ৰপতিয়ে বৃহত্তম দলৰ নেতাক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব। বহুদলীয় ব্যৱস্থাৰ অধীনতো ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী বাছনি কৰাৰ সিদ্ধান্ত ল’ব পাৰে। অৱশ্যে ৩০ দিনৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব।

নেপাল সংবিধান অনুসৰি অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ ভূমিকা সম্পূৰ্ণ সীমিত নিয়মীয়া প্ৰশাসন চলোৱা আৰু নিৰ্বাচন বা ক্ষমতা হস্তান্তৰ পৰ্যন্ত দেশক সুস্থিৰ কৰি ৰখাই হৈছে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ প্ৰধান দায়িত্ব। অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীয়ে তলত দিয়া কামসমূহ সম্পন্ন কৰিব পাৰে-

দৈনিক চৰকাৰী কাম আৰু প্ৰশাসনিক সিদ্ধান্ত লোৱা।

ৰাজহুৱা সেৱা আৰু বিভাগসমূহক দৈনিক নিৰ্দেশনা দিয়া।

বাজেটৰ ব্যৱস্থা আৰু পূৰ্বতে অনুমোদিত আঁচনিসমূহ আগবঢ়াই নিয়া।

কেৱল অপৰিহাৰ্য আৰু জৰুৰী প্ৰকৃতিৰ প্ৰয়োজনীয় নিযুক্তি।

নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাত সহায় কৰা।

অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীয়ে কি কৰিব নোৱাৰে? চাওক-

যিকোনো গুৰুত্বপূৰ্ণ নীতি যেনে নতুন বৈদেশিক নীতি, আন্তঃৰাষ্ট্ৰীয় চুক্তি, ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল ইত্যাদিত পৰিৱৰ্তন কৰা।

দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনা আৰু বৃহৎ বিনিয়োগ প্ৰকল্প আৰম্ভ কৰা।

সাংবিধানিক পদত বৃহৎ পৰিসৰৰ নিযুক্তি দিয়া।

সংসদ ভংগ হোৱাৰ পিছত নতুন বিধেয়ক প্ৰস্তুত আৰু কাৰ্যকৰী কৰা।

ভৱিষ্যত চৰকাৰক নিয়ন্ত্ৰণত ৰখা যিকোনো সিদ্ধান্ত লোৱা।