5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Sultan Hassanal Bolkiah: বিলাসী গাড়ী, সোণৰ ৰাজপ্ৰাসাদ ! ব্ৰুনাই ৰজাৰ সম্পত্তিৰ পৰিমাণ কিমান ? চাওক

বিলাসী জীৱনশৈলীৰ বাবে পৰিচিত চুলতান হাছানাল বলকিয়াৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩০ বিলিয়ন ডলাৰ । বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষ স্থানত চুলতান বলকিয়া। তেখেতৰ সাংঘাতিক ধৰণৰ গাড়ীৰ চখ আছে । বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি, বলকিয়াই বিশ্ব ভিতৰতে বৃহৎ সংখ্যক গাড়ী ক্ৰয় কৰিছে । তেখেতৰ হাতত থকা গাড়ী সমূহৰ অনুমানিক মূল্য হৈছে ৫ বিলিয়ন ডলাৰ।

Sultan Hassanal Bolkiah: বিলাসী গাড়ী, সোণৰ ৰাজপ্ৰাসাদ ! ব্ৰুনাই ৰজাৰ সম্পত্তিৰ পৰিমাণ কিমান ? চাওক
Follow Us
manas-borah
Manas Borah | Updated On: 04 Sep 2024 18:59 PM

মঙলবাৰে ব্ৰুনাইত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে ব্ৰুনাই ভ্ৰমণ কৰা ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী । ব্ৰুনাই ভ্ৰমণৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰুনাইৰ দাৰুছলামৰ সৈতে ভাৰতৰ ঐতিহাসিক সম্পৰ্ক আগুৱাই নিয়াৰ আস্থা প্ৰকাশ কৰিছিল। ইয়াৰ লগতে তেওঁ এই কথাও উল্লেখ কৰিছিল য়ে, এই ঐতিহাসিক সম্পৰ্কক নতুন গতি দিয়াৰ বাবে চুলতান হাজী হাছানাল বলকিয়া আৰু ৰাজপৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে সাক্ষাতৰ বাবে তেওঁ অতি আগ্ৰহেৰে বাট চাই আছে।

চুলতান হাজী হাছানাল বলকিয়া কোন?

১৯৬৮ চনৰ ১ আগষ্টত ব্ৰুনাইৰ ২৯ সংখ্যক চুলতান হিচাপে দায়িত্ব গ্ৰহণ কৰে হাজী হাছানাল বলকিয়াই। প্ৰয়াত ৰাণী দ্বিতীয় এলিজাবেথৰ পিছত বলকিয়া বিশ্বৰ দ্বিতীয় দীঘলীয়া কাল ৰাজত্ব কৰা এগৰাকী ৰজা হিচাপে পৰিগণিত হৈছে । ব্ৰুনাইৰ দায়িত্ব লোৱাৰ পাছত বলকিয়াই থলুৱা আমোলাতন্ত্ৰৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে । দুৰ্নীতিৰ ওপৰত দমন আৰু নাগৰিকৰ সৈতে মত বিনিময় কৰাৰ লগতে নিজকে শাসক হিচাপে প্ৰচাৰৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বলকিয়াই।

তথ্য অনুসৰি, বলকিয়াই অনক হাজাহ ছালেহাৰ সৈতে বিবাহপাশত আবদ্ধ হয় । তেখেতৰ পৰিয়ালত পাঁচজন পুত্ৰ আৰু সাতগৰাকী কন্যা আছে। প্ৰকাশিত তথ্য অনুসৰি, ব্ৰুনাইত ৬০০ বছৰ ধৰি একেটা ৰাজকীয় পৰিয়ালে শাসন কৰি আহিছে।

চুলতান বলকিয়াৰ সম্পত্তি

বিলাসী জীৱনশৈলীৰ বাবে পৰিচিত চুলতান হাছানাল বলকিয়াৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩০ বিলিয়ন ডলাৰ । বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষ স্থানত চুলতান বলকিয়া। তেখেতৰ সাংঘাতিক ধৰণৰ গাড়ীৰ চখ আছে । বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি, বলকিয়াই বিশ্ব ভিতৰতে বৃহৎ সংখ্যক গাড়ী ক্ৰয় কৰিছে । তেখেতৰ হাতত থকা গাড়ী সমূহৰ অনুমানিক মূল্য হৈছে ৫ বিলিয়ন ডলাৰ।

তেখেতে ক্ৰয় কৰা গাড়ীৰ তালিতাত ৭ হাজাৰৰো অধিক বিলাসী বাহন থকাৰ বিপৰীতে ৬০০ খন ৰ’লছ ৰয়েছ গাড়ী আছে । বিলাসী গাড়ী সংগ্ৰহত অফিচিয়েল গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হৈছিল ব্ৰুনাইৰ শাসক চুলতান বলকিয়াৰ । ইয়াৰ উপৰিও তেওঁৰ সংগ্ৰহত প্ৰায় ৪৫০ খন ফেৰাৰী আৰু ৩৮০ খন বেণ্টলি আছে।

চুলতানৰ সংগ্ৰহত পৰ্ছে, লেমবৰ্গিনি, মেইবাক, জাগুয়াৰ, বিএমডব্লিউ, মেকলেৰেন আদিও আছে। তেওঁৰ সংগ্ৰহৰ উল্লেখযোগ্য বাহনসমূহৰ ভিতৰত আছে-প্ৰায় ৮ কোটি ডলাৰ মূল্যৰ বেণ্টলি ডমিনেটৰ এছ ইউ ভি, হৰাইজন ব্লু পেইণ্ট আৰু এক্স ৮৮ পাৱাৰ পেকেজযুক্ত পৰ্ছে ৯১১ আৰু ২৪ কেৰেট সোণৰ প্লেটেড ৰ’লছ ৰয়েছ ছিলভাৰ স্পাৰ II ।

ইফালে তেখেতৰ ৰাজপ্ৰাসাদে বিশ্বৰ সৰ্ববৃহৎ আৱাসিক প্ৰাসাদ হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে । ২০ লাখ বৰ্গফুটৰ এই ৰাজপ্ৰসাদটো ২২ কেৰেটৰ সোণেৰে সজাই তোলা হৈছে। ইয়াত পাঁচটা চুইমিং পুল, ১৭০০টা বেডৰুম, ২৫৭টা বাথৰুম আৰু ১১০টা গেৰেজ আছে। চুলতানৰ এখন ব্যক্তিগত চিৰিয়াখানাও আছে য’ত ৩০টা বাঘ আৰু বিভিন্ন প্ৰজাতিৰ চৰাই আছে। ইয়াৰ উপৰিও তেওঁৰ আছে বয়িং ৭৪৭ বিমান।

Latest News