শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰাৰ্থনা চলি থকা সময়তে গীৰ্জাৰ ভিতৰত আত্মঘাতী বোমা বিস্ফোৰণ, ১৫ জন লোক নিহত…

ছিৰিয়াৰ ৰাজধানীত আত্মঘাতী বোমা বিস্ফোৰণত ১৫ জন লোকৰ মৃত্যু হয়।   ইলিয়াছ গীৰ্জাৰ ভিতৰত প্ৰাৰ্থনা কৰি থকা সময়তে এই আক্ৰমণ সংঘটিত হৈছিল। ডাঙৰ কথাটো হ’ল ছিৰিয়াৰ আটাইতকৈ নিৰাপদ অঞ্চল বুলি গণ্য কৰা ৰাজধানীৰ মাজমজিয়াত সংঘটিত হৈছে এই আক্ৰমণ।

প্ৰাৰ্থনা চলি থকা সময়তে গীৰ্জাৰ ভিতৰত আত্মঘাতী বোমা বিস্ফোৰণ, ১৫ জন লোক নিহত…
ছিৰিয়াৰ ৰাজধানীত আত্মঘাতী বোমাৰে বিস্ফোৰণ
trishna-kalita
Trishna Kalita | Published: 23 Jun 2025 08:44 AM

ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত দেওবাৰে আত্মঘাতী আক্ৰমণত ১৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩ জন লোক গুৰুতৰভাৱে আহত হয়। কোৱা হৈছে যে আক্ৰমণকাৰীয়ে প্ৰাৰ্থনাৰ সময়ত মানুহেৰে ভৰি থকা গীৰ্জাত আত্মঘাতী বিস্ফোৰণ ঘটায়। ডামাস্কাছৰ ড্ৱেইলাত মাৰ ইলিয়াছ গীৰ্জাৰ ভিতৰত প্ৰাৰ্থনা কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি হতাহতৰ ভিতৰত শিশুৱো আছে।

আটাইতকৈ আচৰিত কথাটো হ’ল এই আক্ৰমণ ছিৰিয়াৰ শাসন ব্যৱস্থাৰ আটাইতকৈ নিৰাপদ অঞ্চল বুলি গণ্য কৰা অঞ্চলত সংঘটিত হৈছিল। ছিৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে ইয়াক কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছে। অৱশ্যে এই আত্মঘাতী আক্ৰমণৰ দায়িত্ব এতিয়াও কোনো সংগঠনে স্বীকাৰ কৰা নাই।

ডামাস্কাছৰ উপকণ্ঠ অঞ্চলৰ ডাৱেইলাত গীৰ্জাঘৰৰ ভিতৰত প্ৰাৰ্থনা কৰি থকা অৱস্থাত সংঘটিত হয় এই বিস্ফোৰণ। স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতিৰে SANA য়ে প্ৰকাশ কৰা অনুসৰি কমেও ১৫ জন লোকৰ মৃত্যু হৈছে। ছিৰিয়াৰ তথ্য মন্ত্ৰী হামজা মুস্তাফাই এই আক্ৰমণক গৰিহণা দি ইয়াক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰে।

তেওঁ এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত কয়, “এই কাপুৰুষৰ আক্ৰমণ আমাক একত্ৰিত কৰা নাগৰিক মূল্যবোধৰ বিৰুদ্ধে। আমি অপৰাধী সংগঠনৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সমাজৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সকলো আক্ৰমণৰ পৰা সমাজক ৰক্ষা কৰিবলৈ আমাৰ সকলো প্ৰচেষ্টা প্ৰয়োগ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

ইফালে নাম প্ৰকাশ নকৰাকৈয়ে এক নিৰাপত্তাৰক্ষীৰ সূত্ৰই কয় যে এই আক্ৰমণত আত্মঘাতী বিস্ফোৰণ কৰাজনকে ধৰি দুজন লোক জড়িত হৈ আছে। জানুৱাৰী মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে আছাদৰ বিৰুদ্ধে আক্ৰমণৰ নেতৃত্ব দিয়া ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমেদ আল শ্বাৰাই বাৰে বাৰে কৈছিল যে তেওঁ নিজৰ কাৰ্যকালত সংখ্যালঘুসকলক সুৰক্ষা প্ৰদান কৰিব।

সংখ্যালঘুৰ সমৰ্থন লাভৰ চেষ্টা

উল্লেখ্য যে,  যুদ্ধবিধ্বস্ত দেশখনত উগ্ৰপন্থী গোটৰ শ্লীপাৰ চেলৰ উপস্থিতিৰ বাবে উদ্বেগ প্ৰকাশ কৰি সমগ্ৰ দেশতে কৰ্তৃত্ব দৃঢ় কৰিবলৈ সংগ্ৰাম কৰি আছে ৰাষ্ট্ৰপতি আহমেদ আল শ্বাৰাই। বহু বছৰৰ পাছত ছিৰিয়াত এই ধৰণৰ প্ৰথমটো আক্ৰমণ। এই আক্ৰমণ এনে এটা সময়ত কৰা হৈছে যেতিয়া ডামাস্কাছে নিজৰ বাস্তৱিক ইছলামিক শাসনৰ অধীনত সংখ্যালঘুৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰিছে।