5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰলয়ংকাৰী বানত বিধ্বস্ত স্পেইন! ৯৫জন লোকৰ মৃত্যু, উদ্ধাৰ অভিযান অব্যাহত

মঙলবাৰে স্পেইনৰ পূব অংশত ধাৰাসাৰ বৰষুণ হয়। বতৰ বিজ্ঞান বিভাগৰ মতে, ৮ ঘণ্টাত এবছৰৰ বৰষুণ হোৱাৰ যাৰ ফলত চহৰবোৰৰ পৰিস্থিতি অধিক অৱনতি ঘটিছিল। বানপানীত প্লাবিত হৈ পৰিছে পথসমূহ। প্ৰকাশিত ড্ৰোন ফুটেজত পানীৰ তীব্ৰ প্ৰবাহে ভেলেন্সিয়াৰ দলং ভঙাৰ দৃশ্য ভয়ংকৰ বন্দী হৈছে।

প্ৰলয়ংকাৰী বানত বিধ্বস্ত স্পেইন! ৯৫জন লোকৰ মৃত্যু, উদ্ধাৰ অভিযান অব্যাহত
স্পেইনত প্ৰলয়ংকাৰী বান!
trishna-kalita
Trishna Kalita | Updated On: 31 Oct 2024 16:41 PM

স্পেইনৰ পূব অংশত হঠাতে হোৱা প্ৰলয়ংকাৰী বানে চলাইছে ধ্বংসলীলা। এই বানত এতিয়ালৈকে ৯৫ জন লোকৰ মৃত্যু হৈছে। বহুতো চহৰৰ ৰাস্তা বানপানীয়ে প্লাবিত কৰিছে। গাড়ীবোৰ পানীত উটি গৈছে আৰু ৰে’ল লাইন বন্ধ হৈ পৰিছে। বানপানীত ক্ষতিগ্ৰস্ত হৈছে বহু মানুহৰ ঘৰ । এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত উটি গৈছে ভেলেন্সিয়াৰ দলং।

বতৰ বিভাগে জনোৱা তথ্য অনুসৰি, মঙলবাৰে ভেলেন্সিয়াৰ কিছু অংশত ৮ ঘণ্টাৰ ভিতৰত এবছৰত হোৱাতকৈ অধিক বৰষুণ হৈছিল। যাৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে। । চহৰসমূহৰ হোৱা ক্ষতিক লৈ প্ৰধানমন্ত্ৰী পেদ্ৰো চানচেজে কয়, তেওঁ সকলো অট্টালিকা আৰু দলং পুনৰ নিৰ্মাণ কৰিব।

প্ৰকৃতিৰ এই তাণ্ডৱলীলা সন্দৰ্ভত স্পেইনৰ পৰা বহুতো ফটো আৰু ভিডিঅ’ পোহৰলৈ আহিছে। যিবোৰ চালে তাত কিমান পৰিস্থিতিৰ অৱনতি হৈছে সেয়া দেখি স্পষ্টভাৱে অনুমান কৰিব পাৰি। কৰ্তৃপক্ষই কৈছে যে মাদ্ৰিদ আৰু বাৰ্চিলোনা চহৰলৈ ৰে’ল বাতিল কৰা হৈছে আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলবোৰত বিদ্যালয় আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা স্থগিত ৰখা হৈছিল। বানপানীৰ বাবে ভেলেন্সিয়াত বিদ্যুৎ যোগান ব্যাহত হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে কি কৈছিল?

দেশত পৰিস্থিতিৰ অৱনতি হোৱাৰ পিছত, তৎক্ষণিকভাৱে সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰা হয়। আৰক্ষী আৰু উদ্ধাৰ অভিযানকাৰী দলে ঘৰত আৱদ্ধ হৈ থকাসকলক পৰা উলিয়াই আনিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে আৰু গাড়ীত আৱদ্ধ চালকসকলৰ ওচৰলৈ যাবলৈ নাও ব্যৱহাৰ কৰা হৈছে। স্পেনৰ প্ৰধানমন্ত্ৰী পেদ্ৰো চানচেজে দুৰ্যোগৰ সন্দৰ্ভত কৈছে যে বহু চহৰ বানপানীত ডুব গৈছে। একে সময়তে, তেওঁ সতৰ্ক কৰি দিছিল যে বিপদ এতিয়াও শেষ হোৱা নাই। প্ৰধানমন্ত্ৰী পেদ্ৰো চানচেজে কয়, ” প্ৰিয়জনক বিচাৰি থকাসকলৰ বেদনা সমগ্ৰ স্পেইনে অনুভৱ কৰিছে। আমাৰ প্ৰাথমিকতা হৈছে এই সময়ত আপোনালোকক সহায় কৰা। আমি এই দুৰ্ঘটনাৰ পৰা পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী ব্যৱহাৰ কৰিছোঁ।”

Latest News