বিদ্ৰোহী গোটৰ দখলত ছিৰিয়া, দেশ এৰি পলায়ন ৰাষ্ট্ৰপতিৰ! কি হৈ আছে দেশখনত…
syria war: ২৭ নৱেম্বৰৰ পৰা ছিৰিয়াত সেনা আৰু বিদ্ৰোহী সংগঠনৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। অৱশ্যে এয়াই আৰম্ভণি নহয়, যোৱা ১৩ বছৰ ধৰি গৃহযুদ্ধত জৰ্জৰিত গৈ আছে ছিৰিয়া। ছিৰিয়া চৰকাৰত ইৰাণ আৰু ৰাছিয়াই সমৰ্থন কৰি আহিছে।
ইতিহাসৰ পৃষ্ঠালৈ ৰূপান্তৰিত হল ছিৰিয়াত বাছাৰ আল আছাদৰ শাসন । ছিৰিয়াৰ ৰাজধানী ডামাছকাচ দখল কৰাৰ দাবী কৰি বিদ্ৰোহী সংগঠনে কয় যে তেওঁলোকে ডামাছকাচত প্ৰৱেশ কৰাৰ পাছতে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে ৰাজধানী এৰি পলায়ন কৰিছে। ছিৰিয়া এতিয়া স্বাধীন হল আৰু অন্ত পৰিল আছাদৰ শাসন। মাত্ৰ ১০ টা দিনতে ছিৰিয়া দখল কৰে বিদ্ৰোহীয়ে। অৱশ্যে এয়া মাত্ৰ ১০ দিনৰ যুদ্ধ নহয়! ১৩ বছৰ ধৰি চলি থকা গৃহযুদ্ধ, ৫ লাখ লোকৰ মৃত্যু, ৪লাখ লোকৰ স্থানন্তৰণৰ অন্তত ছিৰিয়া দখল কৰে বিদ্ৰোহী বাহিনীয়ে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বাছাৰ আল আছাদে ৰাছিয়াৰ কাৰ্গো বিমানেৰে ছিৰিয়াৰ পৰা ওলাই গৈছে আৰু আছাদৰ বিমান ৰাডাৰৰ পৰা নিৰুদ্দেশ হৈছে। বৰ্তমানলৈকে তেওঁৰ বিষয়ে কোনো তথ্য লাভ কৰা হোৱা নাই। ইয়াৰ মাজতে ছিৰিয়াৰ প্ৰধানমন্ত্ৰী মহম্মদ গাজী জালালীয়ে এক ভিডিঅ’যোগে কয় যে, তেওঁ এই দেশতে থাকিব আৰু ক্ষমতাৰ হস্তান্তৰৰ বাবে কাম কৰিব।
ডামাছকাচক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে বিদ্ৰোহী সংগঠনে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা আৰম্ভ কৰি ডামাছকাচৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, সেনাৰ মুখ্য কাৰ্যালয়ো দখল কৰিছে বিদ্ৰোহীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, এই বিদ্ৰোহী গোটে আমেৰিকা আৰু তুৰস্কৰ পৰা সমৰ্থন লাভ কৰিছে। বিদ্ৰোহী বাহিনীয়ে আনুষ্ঠানিক বিবৃতি প্ৰদান কৰি কয় যে, ছিৰিয়াত আছাদ শাসনৰ অন্ত পৰিল। তেওঁ দেশ এৰি পলায়ন কৰিছে। ইয়াৰোপৰি ছিৰিয়াৰ জনসাধাৰণক একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাই বিদ্ৰোহী বাহিনীয়ে। তেওঁলোকে কয় যে, ছিৰিয়াত এতিয়াৰ পৰা মাত্ৰ এজন লোকেই আধিপত্য বিস্তাৰ কৰিব নোৱাৰে।
বিদ্ৰোহী বাহিনীয়ে লগতে কয়, তেওঁলোকে ডামাছকাচকে ধৰি ছিৰিয়াৰ কেইবাখনো বৃহৎ চহৰ দখল কৰিছে। আনহাতে ছিৰিয়াৰ ৰাষ্ট্ৰপতিয়ে দেশ এৰি পলায়ন কৰাৰ পাছতেই ছিৰিয়া সেনাই ভয় খাই ইউনিফৰ্ম খুলি সাধাৰণ পোচাক পৰিধান কৰিছে। ইয়াৰ মাজতে ডামাছকচ দখলৰ পাছতেই বিদ্ৰোহীয়ে চেদনায়া জেলৰ পৰা কয়দীসকলক মুকলি কৰি দিছে। এই জেলতে বন্দী হৈ আছিল কেইবাগৰাকী ৰাজনৈতিক নেতা।
বিদ্ৰোহীৰ লক্ষ্য কি
বিদ্ৰোহী সংগঠন হায়াট তহৰীৰ আল-শাম (HTS)ৰ মূল লক্ষ্য ছিৰিয়াত আছাদৰ শাসনৰ অন্ত পেলোৱা। এই সংগঠনটোৱে উত্তৰ-পশ্চিম ছিৰিয়াৰ অধিকাংশ অঞ্চলেই নিয়ন্ত্ৰণ কৰে। এই বিদ্ৰোহী সংগঠনটোৰ মতে তেওঁলোকে আছাদ চৰকাৰৰ আগ্ৰাসন বন্ধ কৰিবলৈ এই যুদ্ধৰ আৰম্ভণি কৰিছিল। এইচ টি এছৰ মুৰব্বী আবু মহম্মদ আল গোলানীয়ে কয় যে তেওঁলোকৰ লক্ষ্য হৈছে আছাদ শাসনক উফৰাই ইছলামিক চৰকাৰ স্থাপন কৰা।
২০১৬ চনত আল কায়দাৰ সৈতে সম্পৰ্ক ভংগ কৰি এইচ টি এছে আছাদ চৰকাৰক আক্ৰমণ কৰা আৰম্ভ কৰিছিল। এই বিদ্ৰোহী সংগঠনটোৱে প্ৰছমে আলেপ্পো চহক দখল কৰে। তাৰ কিছুদিন পাছত হামা, হোমছ, দাৰা আৰু আজি ৰাজধানী দখল কৰে।
কেতিয়া আৰম্ভ হৈছিল
২৭ নৱেম্বৰৰ পৰা ছিৰিয়াত সেনা আৰু বিদ্ৰোহী সংগঠনৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। অৱশ্যে এয়াই আৰম্ভণি নহয়, যোৱা ১৩ বছৰ ধৰি গৃহযুদ্ধত জৰ্জৰিত গৈ আছে ছিৰিয়া। ছিৰিয়া চৰকাৰত ইৰাণ আৰু ৰাছিয়াই সমৰ্থন কৰি আহিছে। ২০১০ চনত চৰকাৰৰ পৰিবৰ্তনৰ পাছতেই ছিৰিয়াৰ জনসাধাৰণে গণতন্ত্ৰৰ দাবী কৰি আহিছিল। কিন্তু চৰকাৰে এই দাবী যেতিয়া নিৰ্মমভাৱে দমন কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া ই ক্ৰমান্বয়ে হিংসাত্মক ৰূপ লৈ যুদ্ধলৈ পৰিণত হয়। গতিকে ১৩ বছৰ পূৰ্বে আৰম্ভ হোৱা যুদ্ধৰ পৰিণতিতেই ছিৰিয়াত আজিৰ এই অৱস্থাত পৰিণত হয়।
আছাদৰ শাসন
বাছাৰ আল আছাদে ২০০০ চনত পিতৃ হাফেজ আল আছাদৰ পিছত ছিৰিয়াৰ শাসন নিজৰ হাতলৈ নিছিল। ১৯৫০-৬০ চনৰ গৃহযুদ্ধৰ পিছত হাফিজ আল আছাদেও অভ্যুত্থানেৰে ক্ষমতা দখল কৰিছিল আৰু ১৯৭১ চনৰ পৰা ২০২৪ চনলৈকে আছাদ পৰিয়ালে ছিৰিয়াত শাসন কৰিছিল। যি একনায়ত্ববাদৰ বিৰোধিতা কৰি আছাদৰ পিতৃ ক্ষমতালৈ আহিছিল সেইলোজনেই পৰৱৰ্তী সময়ত একনায়ত্ববাদী হৈ পৰিছিল। ১৯৭১ চনৰ পৰা ছিৰিয়াত বাথ পাৰ্টিয়ে শাসন কৰিছিল। এই দলটো ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ পিতৃয়ে গঠন কৰিছিল।
২০০০ চনৰ পৰা বাছাৰ আল আছাদ ছিৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। ৰাষ্ট্ৰপতিৰ লগতে আছাদ ছিৰিয়াৰ সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ আৰু আৰব সমাজবাদী বাথ পাৰ্টিৰ কেন্দ্ৰীয় কমাণ্ডৰ মহাসচিব আছিল। তেওঁৰ বিৰুদ্ধে এক কলা ইতিহাস আছে যিয়ে ক্ষমতাকে জনসাধাৰণক দমন কৰি আহিছিল। অৱশেষত এই শাসনৰ অন্ত পৰিল। বিদ্ৰোহীয়ে কৈছে, আজি ৫০ বছৰীয়া অত্যাচাৰ, ১৩ বছৰীয়া অপৰাধৰ অন্ত পৰাৰ লগে লগে ছিৰিয়াত নতুন যুগৰ আৰম্ভণি হ’ল।