পৰ্দাৰ আঁৰৰ পৰাই দেশত গণতন্ত্ৰ উদ্ধাৰৰ অংগীকাৰ শ্বেখ হাছিনাৰ
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পৰ্দাৰ আঁৰৰ পৰা স্বাধীনতা ঘূৰাই অনাৰ শপত গ্ৰহণ কৰে। ফেচিষ্ট ইউনুছ প্ৰশাসনক উফৰাই পেলাবলৈ আহ্বান জনায়। তেওঁ ইউনুছক এটা বাৰ্তাও দিলে। কেনেকৈ ইউনুছ আৰু তেওঁৰ সহযোগীসকলে হাছিনাক উফৰাই পেলাবলৈ ষড়যন্ত্ৰ কৰিলে, সেয়াও স্পষ্টকৈ ক'লে শ্বেখ মজিবুৰৰ কন্যাই।
তেওঁ অৱসৰ ল’ব বিচাৰিছিল! যিসময়ত তেওঁ দেশ এৰি পলায়ন কৰিবলৈ বাধ্য আছিল, সেয়া আছিল প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ শেষ ‘কাৰ্যকাল’। হয়, শ্বেখ হাছিনাৰ কথাকেই কৈছোঁ। ২৪ ঘণ্টা পূৰ্বে শ্বেখ হাছিনাৰ পুত্ৰ জয়ে এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই বাৰ্তা দিছিল। প্ৰশ্ন হয়, এতিয়া আৱামী লীগৰ ভৱিষ্যত কি? এতিয়া পোহৰলৈ আহিছে হাছিনাৰ এটা অডিঅ’ মেছেজ!
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পৰ্দাৰ আঁৰৰ পৰা স্বাধীনতা ঘূৰাই অনাৰ শপত গ্ৰহণ কৰে। ফেচিষ্ট ইউনুছ প্ৰশাসনক উফৰাই পেলাবলৈ আহ্বান জনায়। তেওঁ ইউনুছক এটা বাৰ্তাও দিলে। কেনেকৈ ইউনুছ আৰু তেওঁৰ সহযোগীসকলে হাছিনাক উফৰাই পেলাবলৈ ষড়যন্ত্ৰ কৰিলে, সেয়াও স্পষ্টকৈ ক’লে শ্বেখ মজিবুৰৰ কন্যাই। শ্বেখ হাছিনাই পৰ্দাৰ আঁৰৰ পৰা ক’লে, “এতিয়া সমগ্ৰ দেশ এখন বিশাল কাৰাগাৰত পৰিণত হৈছে। ই মৃত্যুৰ উপত্যকা হৈ পৰিছে। এতিয়া মোৰ দেশবাসীয়ে ধ্বংসৰ মাজত জীয়াই থকাৰ বাবে যুঁজিছে।”
২০২৪ বৰ্ষৰ জুলাই মাহৰ পহিলাতে আৰম্ভ হোৱা কোটা সংস্কাৰ আন্দোলন আৰু তাৰ পিছত বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন তথা ৰক্তাক্ত গণ বিদ্ৰোহৰ ফলত ৫ আগষ্টত বাংলাদেশত আৱামী লীগ চৰকাৰৰ পতন ঘটে। লগে লগে তেতিয়াৰ প্ৰধানমন্ত্ৰী হাছিনাই বাংলাদেশ এৰি পলায়ন কৰিবলৈ বাধ্য হয়।
কিন্তু দেশ এৰি যোৱাৰ আঁৰত বৃহৎ ষড়যন্ত্ৰ চলি থকা বুলি পূৰ্বেও কৈছে হাছিনাই। আকৌ এবাৰ পৰ্দাৰ আঁৰৰ পৰা হাছিনাই একে বাৰ্তা দিলে। তেওঁ কয়, “২০২৪ চনৰ ৫ আগষ্টত এটা সূক্ষ্ম ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। ফেচিষ্ট-উগ্ৰপন্থী শক্তিয়ে মোক বলপূৰ্বকভাৱে উফৰাই পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিল।”
এই প্ৰসংগত ইউনুছক প্ৰত্যক্ষ বাৰ্তা দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। শ্বেখ হাছিনাই কয়, “ইউনুছৰ বিৰুদ্ধে কৈছোঁ, নিজৰ দেশৰ মানুহক আওকাণ কৰা বন্ধ কৰক।” ইউনুছ প্ৰশাসনক আঁতৰাই গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰাটোৱেই দেশবাসীলৈ তেওঁৰ বাৰ্তা বুলিও কয় নেত্ৰীগৰাকীয়ে। হাছিনাই পুনৰ কয়, ‘ফেচিষ্ট-উগ্ৰপন্থী শক্তিয়ে মোক ষড়যন্ত্ৰৰ জৰিয়তে বলপূৰ্বকভাৱে উফৰাই পেলাইছে।”
“মোক ৰাইজে নিৰ্বাচিত কৰিছিল। সেইদিন ধৰি দেশখন সন্ত্ৰাসবাদৰ কবলত পৰিছে।” দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত তেওঁ কয়, ‘ধূলিস্যাত কৰা হৈছে গণতন্ত্ৰক। দেশৰ ছোৱালী আৰু নাৰী নিপীড়িত হৈছে। জীৱন-সম্পত্তিৰ কোনো নিৰাপত্তা নাই। আইন-শৃংখলাৰ পতন ঘটিছে। ন্যায়িক ব্যৱস্থা এতিয়া দুঃস্বপ্ন হৈ পৰিছে।”
অৱশ্যে এই সমগ্ৰ পৰিস্থিতিৰ বাবে তেওঁ অকল ইউনুছ প্ৰশাসনক দোষাৰোপ কৰা নাছিল। বাংলাদেশৰ সম্পত্তি লুণ্ঠনৰ বাবে বিদেশী শক্তিৰ সমৰ্থনৰ ওপৰতো আলোকপাত কৰে হাছিনাই। তেওঁৰ ভাষাত, “বাংলাদেশত এতিয়া এটা অনিৰ্বাচিত শক্তিৰ শাসন চলিছে, য’ত সন্ত্ৰাসবাদ চলি আছে। বিদেশী শক্তি বাংলাদেশৰ মাটি আৰু সম্পদ লুটপাতত সক্ৰিয়।” এই ‘অন্ধকাৰ যুগ’ৰ পৰা দেশখনক পুনৰ ঘূৰাই আনিবলৈ দেশবাসীক পুনৰবাৰ মুক্তিযুদ্ধৰ শপত ল’বলৈ আহ্বান জনায় হাছিনাই।