শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ সলনি হ’ব বাংলাদেশৰ পৰিস্থিতি! ভাৰতৰ পৰাই শ্বেখ হাছিনাই চলালে পৰিৱৰ্তনৰ আখৰা

বাংলাদেশত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। পলাতক প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ পৰাই দেশখনৰ ৰাজনৈতিক পৰিস্থিতি পুনৰ এবাৰ সলনি কৰাৰ চেষ্টাত হাত উজান দিছে। সম্প্ৰতি চৰ্চালৈ আহিছে শ্বেখ হাছিনাৰ এক অডিঅ’ বাৰ্তা। এই বাৰ্তা যোগে তেওঁ অনুগামীসকললৈ জনাইছে প্ৰতিৰোধৰ সবল আহ্বান। হাছিনাৰ এই আহ্বানৰ পিছতে সমগ্ৰ বাংলাদেশৰ আভ্যন্তৰীণ পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে।

পুনৰ সলনি হ’ব বাংলাদেশৰ পৰিস্থিতি! ভাৰতৰ পৰাই শ্বেখ হাছিনাই চলালে পৰিৱৰ্তনৰ আখৰা
হাছিনাৰ আহ্বানে সলনি কৰিছে বাংলাদেশৰ স্থিতি
Monjit Dutta
Monjit Dutta | Published: 09 Feb 2025 16:37 PM

পুনৰ উত্তপ্ত হৈছে বাংলাদেশৰ পৰিস্থিতি। চুবুৰীয়া দেশখনত পুনৰ দেখিবলৈ পোৱা গৈছে পৰিৱৰ্তনৰ আখৰা। পলাতক প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ পৰাই দেশখনৰ ৰাজনৈতিক পৰিস্থিতি পুনৰ এবাৰ সলনি কৰাৰ চেষ্টাত হাত উজান দিছে। সম্প্ৰতি চৰ্চালৈ আহিছে শ্বেখ হাছিনাৰ এক অডিঅ’ বাৰ্তা। এই বাৰ্তা যোগে তেওঁ অনুগামীসকললৈ জনাইছে প্ৰতিৰোধৰ সবল আহ্বান। সমগ্ৰ বাংলাদেশতে ইউনুছ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ আহ্বান জনাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

অডিঅ’ বাৰ্তাটোত হাছিনাই কয়, “প্ৰতিৰোধ গঢ়ি তোলাৰ সময় আহি পৰিছে। ৰাইজ আমাৰ লগত আছে। ৰাইজৰ সৈতে এই দুষ্কৃতিকাৰীৰ বিৰুদ্ধে থিয় হওক। এয়াই মোৰ আহ্বান। সকলোৱে সাজু হওক। এইসকল হৈছে দেশৰ শত্ৰু, জাতিৰ শত্ৰু, জনসাধাৰণৰ শত্ৰু!” এনে মন্তব্যৰে শ্বেখ হাছিনাই লগতে এই ৰাইজৰ শত্ৰুৰ পৰা দেশক ৰক্ষা কৰিবলৈ সকলোকে প্ৰতিৰোধৰ বাবে ওলাই আহিবলৈ আহ্বান জনায়।

হাছিনাৰ এই আহ্বানৰ পিছতে সমগ্ৰ বাংলাদেশৰ আভ্যন্তৰীণ পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে। দেশৰ বিভিন্ন স্থানত ইউনুছ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিৰোধ আৰম্ভ হৈছে। বহু স্থানত বৈষম্য বিৰোধী মিত্ৰজোঁটৰ নেতা-কৰ্মীক আক্ৰমণ কৰা হৈছে। গাজীপুৰত স্থানীয় ৰাইজৰ প্ৰহাৰত জামাত আৰু ছাত্ৰ আন্দোলনৰ সদস্যসহ বিশজনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে।

তথ্য অনুসৰি শুকুৰবাৰে নিশা বিএনপি, জামাত আৰু সমন্বয়কসকলে গাজীপুৰত হিন্দু সম্প্ৰদায়ৰ আৱামী লীগৰ নেতাৰ বাসগৃ্হত আক্ৰমণৰ বাবে যৌথ প্ৰস্তুতি চলায়। এই খবৰ লাভ কৰাৰ লগে স্থানীয় লোকসকল একত্ৰিত হয়। জামাতৰ একাংশ সদস্যই গাজীপুৰৰ আৱামী লীগৰ নেতা মোজামেল হকৰ বাসগৃ্হত আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ সময়তে স্থানীয় লোকসকলৰ সৈতে সংঘাতত লিপ্ত হয়।

জামাত সদস্যৰ দলটোৱে আৱামী লীগৰ নেতাগৰাকীৰ বাসগৃ্হত আক্ৰমণ চলায় যদিও স্থানীয় লোকসকলে আক্ৰমণকাৰী দলটোৰ কেইবাগৰাকীও লোকক বেৰি ধৰি তীব্ৰ প্ৰহাৰ কৰে।  এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেনাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আক্ৰমণত আহত লোকসকলক সেনাই লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বুধবাৰে নিশাৰ পৰাই বাংলাদেশৰ কিছু অংশত উত্তেজনাৰ সৃষ্টি হৈছে।

বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃ্হ উত্তেজিত একাংশ ক্ৰেনেৰে ভাঙি পেলোৱাৰ পিছতে সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ। তাৰ পিছতে শ্বেখ হাছিনাই অনুগামীসকলক উদ্দেশ্যি প্ৰতিৰোধৰ আহ্বান জনাইছিল। হাছিনাৰ এই আহ্বানৰ পিছতে বাংলাদেশ প্ৰশাসনে এক বিবৃতি প্ৰকাশ কৰিছিল। এই বিবৃতিটোত ইউনুছ প্ৰশাসনে শ্বেখ হাছিনাই ভাৰতত বহি উচটনিমূলক মন্তব্য দিয়া বুলি অভিযোগ কৰিছিল।