‘এই অন্ধকাৰৰ অন্ত পৰিব…’, ইউনুছ চৰকাৰক পূৰ্বৰ বাংলাদেশৰ ‘চৰিত্ৰ’ সোঁৱৰালে শ্বেখ হাছিনাই
বৰদিন উপলক্ষে শ্বেখ হাছিনাই শেহতীয়াকৈ বাংলাদেশৰ জনসাধাৰণলৈ এক অডিঅ’ বাৰ্তা প্ৰেৰণ কৰে। এই বাৰ্তা যোগে তেওঁ বৰদিনৰ শুভেচ্ছা জনোৱাৰ লগতে বাংলাদেশ সদায় সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন বুলিও সোঁৱৰাই দিয়ে।
পুনৰ জ্বলিছে ঢাকা, এতিয়া সম্পূৰ্ণ এক অস্থিৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে বাংলাদেশত। এনে পৰিস্থিতিৰ মাজতে ইজনৰ পিছত সিজনকৈ সংখ্যালঘু হিন্দু দেশখনত নৃশংস হত্যাৰ বলি হৈছে। এনে ঘটনাত দুখ প্ৰকাশ কৰিছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে। ইফালে এই পৰিস্থিতি সন্দৰ্ভত আক্ৰমণাত্মক হৈ পৰিছে পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। দেশৰ বাহিৰৰ পৰাই ইউনুছ চৰকাৰক এনে ঘটনাৰ বাবে দোষাৰোপ কৰি সমালোচনাত মুখৰ হৈ পৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।
শাসকীয় গোটে অবৈধভাৱে ক্ষমতা দখল কৰি দেশখনত এতিয়া সংখ্যালঘুৰ ওপৰত অকথ্য অত্যাচাৰ চলাইছে বুলি অভিযোগ কৰে হাছিনাই। বৰদিন উপলক্ষে শ্বেখ হাছিনাই শেহতীয়াকৈ বাংলাদেশৰ জনসাধাৰণলৈ এক অডিঅ’ বাৰ্তা প্ৰেৰণ কৰে। এই বাৰ্তা যোগে তেওঁ বৰদিনৰ শুভেচ্ছা জনোৱাৰ লগতে বাংলাদেশ সদায় সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন বুলিও সোঁৱৰাই দিয়ে।
কি ক’লে হাছিনাই?
হাছিনাই কয়, “এই ৰাষ্ট্ৰৰ পিতৃ বংগবন্ধু মুজিবুৰ ৰহমানে সাম্প্ৰদায়িকতা মুক্ত বাংলাদেশৰ সপোন দেখিছিল। বাংলাদেশ আৱামী লীগে সেই সপোন পূৰণ কৰি সকলো ধৰ্মৰ লোকে যাতে শান্তিৰে জীয়াই থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছিল।” কিন্তু দেশখনৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।
এই সন্দৰ্ভত শ্বেখ হাছিনাই কয়, ‘অবৈধভাৱে ক্ষমতা দখল কৰা বৰ্তমানৰ শাসক শ্ৰেণীয়ে সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকৰ স্বাধীনতাত হস্তক্ষেপ কৰাটো অতি দুখৰ বিষয়। এনে কাৰ্যই তেওঁলোকক নিজৰ ধৰ্ম পালনত বাধা প্ৰদান কৰিছে।” তেওঁ লগতে দিপু চন্দ্ৰ দাসৰ হত্যাকাণ্ড আৰু অন্য সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ কথাও উল্লেখ কৰে।
সংখ্যালঘুৰ ওপৰত অত্যাচাৰক নিন্দা
শ্বেখ হাছিনাৰ মতে বৰ্তমান চৰকাৰৰ দিনত অমুছলমান লোকৰ বিৰুদ্ধে অকথ্য অত্যাচাৰ সংঘটিত হৈছে। সংখ্যালঘুসকলক জীৱিত অৱস্থাত জ্বলাই দিয়া ঘটনাই অত্যাচাৰৰ নিদৰ্শন দাঙি ধৰিছে বুলিও তেওঁ আঙুলিয়াই দিয়ে। লগতে বাংলাদেশৰ জনসাধাৰণে এই কঠিন সময় চলি থাকিবলৈ নিদিয়ে বুলিও দৃঢ়তাৰে দাবী কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাই।
এনে পৰিস্থিতিৰ মাজতো বৰদিনৰ আনন্দই বাংলাদেশৰ খ্ৰীষ্টান আৰু অন্যান্য ধৰ্মৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে হাছিনাই। লগতে বাংলাদেশৰ এই অন্ধকাৰৰ অন্ত পৰিব বুলিও আশা প্ৰকাশ কৰিছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।