5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণৰ পাছতেই খাৰকিভত ৰাছিয়াৰ বৃহৎ মিছাইল আক্ৰমণ

ইউক্ৰেইনৰ বিষয়াসকলে সদৰী কৰিছে যে,খাৰকিভৰ এটা মলত ৰাছিয়াই ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত কৰে । এই আক্ৰমণত প্ৰায় ৪৭ জন লোক আহত হৈছে । মনকৰিবলগীয়া যে, ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণৰ পাছতেই এই আক্ৰমণ সংঘটিত কৰিছে ৰাছিয়াই ।

ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণৰ পাছতেই খাৰকিভত ৰাছিয়াৰ বৃহৎ মিছাইল আক্ৰমণ
ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ
Follow Us
manas-borah
Manas Borah | Published: 02 Sep 2024 11:41 AM

পুনৰ ইউক্ৰেইনৰ ওপৰত বৃহৎ আক্ৰমণ সংঘটিক কৰিছে ৰাছিয়াই । দেওবাৰে ইউক্ৰেইনৰ খাৰকিভত ৰাছিয়া সেনাই কেইবাটাও ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত কৰে । ৰাছিয়াৰ এই আক্ৰমণত শিশুকে ধৰি কমেও ৪৭ জন লোক আহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে । শেহতীয়াকৈ পশ্চিমীয়া দেশসমূহৰ সহায় লাভ কৰাৰ পাছত ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে শক্তিশালি স্থিতি গ্ৰহণ কৰা দেখা গৈছে । কিন্তু ৰাছিয়াও ইউক্ৰেইনৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে ।

এই আক্ৰমণৰ সন্দৰ্ভত ইউক্ৰেইনৰ বিষয়াসকলে সদৰী কৰিছে যে,খাৰকিভৰ এটা মলত ৰাছিয়াই ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত কৰে । এই আক্ৰমণত প্ৰায় ৪৭ জন লোক আহত হৈছে । মনকৰিবলগীয়া যে, ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণৰ পাছতেই এই আক্ৰমণ সংঘটিত কৰিছে ৰাছিয়াই ।

ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ আক্ৰমণ

ইফালে,ৰাছিয়াৰ বিষয়াসকলে জনোৱা মতে, ইউক্ৰেইনেও ৰাছিয়াৰ চহৰসমূহত নিশাটোৰ ভিতৰতে প্ৰায় ১৫৮খন ড্ৰ’ন নিক্ষেপ কৰে। ইয়াৰ পিছতে মস্কো তেল শোধনাগাৰ আৰু ক’নাকোভ’ বিদ্যুৎ কেন্দ্ৰত অগ্নিকাণ্ড সংঘটিত হয়। যোৱা সপ্তাহত ৰাছিয়াৰ ছাৰাটোভা চহৰৰ এটা অট্টালিকাত ইউক্ৰেইনৰ ড্ৰ’নে আক্ৰমণ কৰিছিল । এই আক্ৰমণক আমেৰিকাৰ ৯/১১ৰ সৈতে তুলনা কৰা হৈছিল।

পশ্চিমীয়া দেশৰ সৈতে জেলেনস্কিৰ বাৰ্তালাপ

খাৰকিভত ৰাছিয়াৰ আক্ৰমণৰ পাছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে তেওঁৰ পশ্চিমীয়া মিত্ৰ দেশসমূহৰ সৈতে আলোচনা কৰি তেওঁলোকে প্ৰদান কৰা ক্ষেপণাস্ত্ৰৰে ৰাছিয়াক আক্ৰমণ কৰাৰ অনুমতি বিচাৰিছিল। ইউক্ৰেইনে কয় যে,ৰাছিয়াৰ পৰা অহা ভাবুকি হ্ৰাস কৰিবৰ বাবে তেওঁলোকে ৰাছিয়াৰ গভীৰতালৈ সোমাই আক্ৰমণ কৰিব বিচাৰে । যোৱা ডেৰ-দুবছৰৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আটাইতকৈ বিপদজনক পৰ্যায়ত উপনীত হৈছে…।

Latest News