শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২৭ ঘণ্টীয়া ভাৰত ভ্ৰমণকালত এবাৰো শৌচালয়লৈ নাযায় ভ্লাডিমিৰ পুটিন! শৌচ-প্ৰস্ৰাৱ নকৰাকৈ থাকিব পাৰিবনে?

আপুনি জানি আচৰিত হ’ব যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যেতিয়া আন এখন দেশ ভ্ৰমণ কৰে তেতিয়া তেওঁ তাত হোটেলৰ শৌচাগাৰ ব্যৱহাৰ নকৰে। তেওঁ তাত শৌচ বা প্ৰস্ৰাৱ নকৰে। তেন্তে শৌচ-প্ৰস্ৰাৱ নকৰাকৈ তেওঁ তাত কেনেকৈ থাকে?

২৭ ঘণ্টীয়া ভাৰত ভ্ৰমণকালত এবাৰো শৌচালয়লৈ নাযায় ভ্লাডিমিৰ পুটিন! শৌচ-প্ৰস্ৰাৱ নকৰাকৈ থাকিব পাৰিবনে?
ভ্লাডিমিৰ পুটিনImage Credit source: PTI/AP
Raj Saikia
Raj Saikia | Updated On: 04 Dec 2025 19:57 PM

দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ভাৰত ভ্ৰমণৰ সময়ত তেওঁৰ একাধিক কাৰ্যসূচী আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ পৰা আৰম্ভ কৰি ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণলৈকে এলানি কাৰ্যসূচীত অংশ ল’ব পুটিনে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ বাবেও ব্যাপক ব্যৱস্থা কৰা হৈছে। পাঁচটা স্তৰৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে পুটিনৰ বাবে। যিদৰে তেওঁৰ বিশেষ গাড়ী ‘অৰাছ চেনেট’ ৰাষ্ট্ৰপতি পুটিনৰ বাবে আগতীয়াকৈ আহি পাইছে, তেনেকৈয়ে আহি আছে এটা বিশেষ ছুটকেছো। এই ছুটকেছটোৰ কি বৈশিষ্ট্য আছে জানেনে?

আপুনি জানি আচৰিত হ’ব যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যেতিয়া আন এখন দেশ ভ্ৰমণ কৰে তেতিয়া তেওঁ তাত হোটেলৰ শৌচাগাৰ ব্যৱহাৰ নকৰে। তেওঁ তাত শৌচ বা প্ৰস্ৰাৱ নকৰে। তেন্তে শৌচ-প্ৰস্ৰাৱ নকৰাকৈ তেওঁ তাত কেনেকৈ থাকে? আচলতে পুটিনৰ দেহৰক্ষীসকলে কঢ়িয়াই লৈ ফুৰে বিশেষ ছুটকেছ। প্ৰয়োজন সাপেক্ষে পুটিনে এই ছুটকেছতেই শৌচ-প্ৰস্ৰাৱ কৰে।

বহিঃৰাষ্ট্ৰত শৌচাগাৰলৈ কিয় নাযায় পুটিন? কাৰণ তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে কাকো একো জানিবলৈ নিদিয়ে। ধাৰণা কৰা হয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীক হত্যা কৰিবলৈ বহুতেই চেষ্টা কৰি আছে। ইফালে তেওঁৰ স্বাস্থ্যক লৈ যথেষ্ট জল্পনা-কল্পনাও সৃষ্টি হৈছে। কেতিয়াবা, পুটিনৰ হাতখন লৰি থকা দেখা যায়। আন কেতিয়াবা আকৌ পুটিন মাৰাত্মক ৰোগত আক্ৰান্ত বুলি খবৰ ওলায়।

কিন্তু মস্কোৱে কেতিয়াও পুটিনৰ স্বাস্থ্যৰ বিষয়ে মুখ খোলা নাই। এনে পৰিস্থিতিত যদি পুটিনৰ মল বা প্ৰস্ৰাৱ শত্ৰুৰ হাতত পৰে তেন্তে তেওঁলোকে পৰীক্ষা কৰি পুটিনৰ স্বাস্থ্যৰ বিষয়ে জানিব পাৰে। এই ভয়ৰ বাবেই পুটিনৰ দেহৰক্ষীয়ে তেওঁৰ বাবে সদায় লগত মল-মূত্ৰ ত্যাগ কৰিব পৰা এটা ছুটকেছ লৈ ফুৰে।

ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ খাদ্যৰ বাবে তেওঁৰ বিমানত আছে ব্যক্তিগত খাদ্য লেব। এসপ্তাহৰ খাদ্য আৰু ব্যক্তিগত ৰান্ধনীও মস্কোৰ পৰা আহে। যিমানেই নিমন্ত্ৰণ নাথাকক কিয়, পুটিনে বিষাক্ৰিয়া হোৱাৰ ভয়ত বাহিৰৰ খাদ্য নাখায়।