ৰাছিয়াই সফলতাৰে পৰীক্ষণ কৰিলে পাৰমাণৱিক শক্তি, ইফালে ট্ৰাম্পে দিলে ডাঙৰ নিৰ্দেশ…
শেহতীয়াকৈ ৰাছিয়াই পাৰমাণৱিক চালিত চাবমেৰিন ড্ৰোন। প’ছিডনৰ ৰেঞ্জ ১০,০০০ কিলোমিটাৰ আৰু গতিবেগ প্ৰতি ঘণ্টাত ১৮৫ কিলোমিটাৰ। এই খবৰে এতিয়া বিশ্বত হাহাকাৰৰ সৃষ্টি কৰিছে।
শেহতীয়াকৈ ৰাছিয়াই পাৰমাণৱিক শক্তিচালিত টৰ্পিডো প’চিডন সফলতাৰে পৰীক্ষণ কৰে। প’চিডন (Poseidon) এজন গ্ৰীক সমুদ্ৰ দেৱতাৰ নাম। এই অস্ত্ৰ টৰ্পিডো (Torpedo) আৰু পানীৰ তলৰ ড্ৰোনৰ মিশ্ৰণৰ সহায়ত নিৰ্মাণ কৰা হৈছে। যাক পাৰমাণৱিক শক্তিয়ে পৰিচালিত কৰে। সামৰিক বিশেষজ্ঞৰ মতে, ইয়াৰ মোকাবিলা কৰা প্ৰায় অসম্ভৱ। ইয়াৰ ৰেঞ্জ ১০০০ কিলোমিটাৰ আৰু গতি প্ৰতিঘন্টাত ১৮৫ কিলোমিটাৰ। ৰাছিয়াৰ এই পৰীক্ষণৰ পাছতে এতিয়া বিশ্বত হাহাকাৰৰ সৃষ্টি হৈছে।
এই সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কয় যে, মঙলবাৰে এই পৰীক্ষণ সফলতাৰে হয়। তেওঁ কয়, প্ৰথমবাৰৰ বাবে এই অস্ত্ৰটো ছাবমেৰিনৰ পৰা নিক্ষেপ কৰা হৈছিল আৰু পাৰমাণৱিক ৰিয়েক্টৰে অনুকূলভাৱে কাম কৰিছিল। পুটিনে লগতে কয়, ইয়াৰ ৰেঞ্জ ৰাছিয়াৰ সবাতোকৈ উন্নত ক্ষেপণাস্ত্ৰ ছাৰ্মাট এছ এছ-এক্স-২৯তকৈও অধিক।
এসপ্তাহ পূৰ্বে ৰাছিয়াৰ পৰীক্ষণ
উল্লেখ্য যে, ৰাছিয়াই ২১ অক্টোবৰত নতুন পাৰমাণৱিক চালিত ক্ৰুজ মিছাইল বুৰেভেষ্টনিক 9M739 (missile burevestnik) সফলতাৰে পৰীক্ষা কৰিছিল। ইয়াৰ ৰেঞ্জ সীমাহীন আৰু কম সময়ৰ ভিতৰতে ইয়াক স্থাপন কৰিব পৰা যায় বুলি দাবী কৰিছিল ৰাছিয়াই। ৰাছিয়াৰ সেনা প্ৰধান ভেলেৰী গেৰাচিমোভে উল্লেখ কৰিছিল যে পৰীক্ষাৰ সময়ত এই ক্ষেপণাস্ত্ৰই ১৪ হাজাৰ কিলোমিটাৰ (৮৭০০ মাইল) দূৰত্ব অতিক্ৰম কৰিছিল আৰু প্ৰায় ১৫ ঘণ্টা ধৰি বতাহত আছিল। এই ক্ষেপণাস্ত্ৰই পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পাৰে।
আমেৰিকা আৰু নাটোৰ প্ৰতি সঁহাৰি
ৰাছিয়াৰ প’ছিডন আৰু বুৰেভেষ্টনিক ক্ৰুজ মিছাইলৰ পৰীক্ষণ আমেৰিকাৰ সৈতে পাৰমাণৱিক অস্ত্ৰৰ প্ৰতিযোগিতাৰ অংশ বুলি ক’ব পাৰি। পুটিনে কৈছে যে, এয়া আমেৰিকাৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু নাটোৰ পূব দিশলৈ সম্প্ৰসাৰণৰ প্ৰতি সঁহাৰি। পুটিনে এক প্ৰকাৰ বুজাই দিছে, আমেৰিকা আৰু নাটোৰ ওচৰত কেতিয়াও ৰাছিয়াইৰ নতশিৰ নকৰে।
ট্ৰাম্পৰ নিৰ্দেশ
ৰাছিয়াৰ এই দাবীৰ পাছতে এতিয়া পশ্চিমীয়া দেশসমূহ চিন্তিত হৈ পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পেন্টাগনক তৎকালীনভাৱে পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। সামাজিক মাধ্যমত ট্ৰাম্পে কয় যে, “ৰাছিয়া আৰু চীনৰ দৰে দেশসমূহে নিজৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰি আছে, গতিকে আমেৰিকাইও সমানভাৱে কাম কৰা উচিত”। উল্লেখ্য যে, শেষৰবাৰৰ বাবে আমেৰিকাই ১৯৯২ চনত পাৰমাণৱিক শক্তিৰ পৰীক্ষা কৰিছিল। ইফালে চীন আৰু ৰাছিয়াই ১৯৯০ চনত পৰীক্ষণ কৰিছিল।
অন্য খবৰ পঢ়কঃ ইউনুছৰ কু-কাণ্ড! বাংলাদেশৰ অংশ হিচাপে দেখুৱালে অসম আৰু উত্তৰ-পূবক, মানচিত্ৰ উপহাৰ দিলে পাকিস্তানক…