ৰাছিয়া-উত্তৰ কোৰিয়াৰ ঘনিষ্ঠতা বৃদ্ধি! ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত বিনাচৰ্তে সকলো সহায়ৰ আশ্বাস কিমৰ…
ঘনিষ্ঠতা বৃদ্ধি পাইছে ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ। ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজত ৰাছিয়াক সম্পূৰ্ণ আশ্বাৰ প্ৰদান কৰিছে কিম জং উনে।কিন্তু এই কথাই এতিয়া বিশ্বৰ একাংশ নেতাৰ টোপনি হৰিছে।

সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সমীকৰণ দ্ৰুতগতিত সলনি হৈছে। ইয়াৰ মাজতে একত্ৰিত হৈছে সৰ্বাধিক নিষেধাজ্ঞা থকা দুখন দেশ ৰাছিয়া আৰু উত্তৰ কোৰিয়া। বুধবাৰে ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিব চাৰ্গেই শ্বোইগুৱে উত্তৰ কোৰিয়াৰ কিম জং উনক সাক্ষাৎ কৰে। সূত্ৰ অনুসৰি এই বৈঠকত কিমে নাটো আৰু ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ প্ৰতি ৰাছিয়াৰ সমৰ্থনৰ সম্পূৰ্ণ আশ্বাস দিছে। কিমে কয় যে, ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত উত্তৰ কোৰিয়াই ৰাছিয়াক বিনাচৰ্তে সকলো ধৰণৰ সহায় কৰিব।
যোৱা বছৰ পিয়ংইয়াং ভ্ৰমণৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে উত্তৰ কোৰিয়া আৰু ৰাছিয়াই ভৱিষ্যতে ইজনে সিজনৰ লগত ঘনিষ্ঠভাৱে কাম কৰিব বুলি আশ্বাস দিছিল। এতিয়া ৰাছিয়াই ইউক্ৰেইন আৰু নাটো দেশৰ যৌথ সতৰ্কবাণীৰ সন্মুখীন হৈছে। তেনে স্থলত এতিয়া ৰাছিয়াক সহায়ৰ বাবে আগবাঢ়িছে উত্তৰ কোৰিয়া। দেশখনৰ সুপ্ৰিম লীডাৰ কিমে ইতিমধ্যে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে।
ৰাছিয়াৰ সংবাদ মাধ্যমে দাবী কৰিছে যে পুটিনৰ সচিব আৰু কিমৰ এই বৈঠকে বহু দেশৰ নেতাৰ হাহাকাৰৰ সৃষ্টি কৰিছে। কিয়নো, তেওঁলোকে ভাবিছিল যে ইউক্ৰেইন-ৰাছিয়া যুদ্ধত ইউৰোপীয় দেশসমূহ ইউক্ৰেইনৰ পক্ষত আছে, গতিকে এনে ক্ষেত্ৰত ৰাছিয়া সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিব। পশ্চিমীয়া দেশসমূহৰ সেই ধাৰণা ভুল হিচাপে প্ৰমাণিত কৰি এতিয়া উত্তৰ কোৰিয়া থিয় হৈছে ৰাছিয়াৰ পক্ষত।
জানিব পৰা মতে, এই বৈঠকত কিমে ইউক্ৰেইনক কঠোৰ সমালোচনা কৰে। লগতে কিছুদিন পূৰ্বে ইউক্ৰেইনে ৰাছিয়াৰ কুৰ্স্ক চহৰত কৰা আক্ৰমণত তীব্ৰ গৰিহনা দিয়ে। কিমে কয় যে কুৰ্স্কক উদ্ধাৰ কৰিবলৈ প্ৰয়োজন হ’লে পিয়ংইয়াঙে ৰাছিয়াৰ সেনাক সকলো প্ৰকাৰে সহায় কৰিব।
ক্ৰেমলিনে প্ৰতিৰক্ষা খণ্ডত দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিছে। পুটিনে কিমৰ কোৰিয়াক আধুনিক যুঁজাৰু বিমান, মিছাইল, ড্ৰ’নকে ধৰি সকলো ধৰণৰ কাৰিকৰী সহায়ৰ আশ্বাস দিছে। লগতে মস্কোই কিমৰ দেশৰ পৰা বিৰল খনিজ পদাৰ্থ, কাপোৰ, ঔষধ আদি ক্ৰয় কৰিব। গতিকে এই দেশ দুখনৰ ঘনিষ্ঠতাই যে বিশ্বৰ একাংশ নেতাৰ টোপনি হৰিছে সেয়া নিশ্চিত।
উল্লেখ্য যে, ৰাছিয়া আৰু উইক্ৰেইনৰ মাজৰ যুদ্ধ শাম কটাৰ নাম লোৱা নাই। বিগত সময়চোৱাত দেশ দুখনে আক্ৰমণ-প্ৰত্যাক্ৰমণ চলাই গৈছে। ইয়াৰ মাজতে ৰাছিয়াৰ বিৰোধিতা কৰিছে একাংশ দেশে। কিন্তু এনে সময়ত উত্তৰ কোৰিয়াই ৰাছিয়াৰ পক্ষত থিয় দিছে। গতিকে বিশ্ব ৰাজনীতিত দেখা দিয়ে সমীকৰণে পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ ট্ৰাম্প আৰু ইলনৰ সম্পৰ্কত ফাঁট! মুকলিকৈ কৰি গৈছে বিৰোধিতা, ক’লে ডাঙৰ কথা…