পুনৰ ইউক্ৰেইনত ৰাছিয়াৰ মিছাইল আক্ৰমণ, ২১ জন লোক নিহত, সৃষ্টি হৈছে ব্যাপক ধ্বংসলীলাৰ
ৰাছিয়াই ইউক্ৰেইনৰ চুমি চহৰত বেলিষ্টিক মিছাইল আক্ৰমণ। মৃত্যু হৈছে ২০ জনতকৈ অধিক লোকৰ। দেওবাৰে সংঘটিত হৈছিল এই আক্ৰমণ। সেই সময়ত লোকসকল গীৰ্জালৈ গৈ আছিল। ৰাছিয়াৰ এই আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে আৱাসগৃহ, বিদ্যালয় আৰু ৰাজপথ।

আকৌ এবাৰ ৰাছিয়া-ইউক্ৰেইন যুদ্ধই ভয়ংকৰ ৰূপ হৈছে। ইউক্ৰেইনৰ ছুমিত বিপজ্জনক বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰি ব্যাপক ধ্বংসলীলা চলাইছে ৰাছিয়াই। এই আক্ৰমণত কমেও ২১ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই চহৰৰ ৰাজপথ, সাধাৰণ জীৱন – আৱাসিক অট্টালিকা, শিক্ষানুষ্ঠান, পথৰ গাড়ী আদিক লক্ষ্য কৰি লোৱা দেখা গৈছে। দেওবাৰে মানুহবোৰ গীৰ্জালৈ যোৱাৰ সময়ত সংঘটিত হয় এই আক্ৰমণ। দেওবাৰে সংঘটিত হৈছিল এই আক্ৰমণ। ৰাছিয়াৰ এই আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে আৱাসগৃহ, বিদ্যালয় আৰু ৰাজপথ। ইয়াৰ পাছতে বিশ্ববাসীক কঠোৰ স্থিতি গ্ৰহণ কৰি ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে ইউক্ৰেইনে। এই আক্ৰমণে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নতুন বিপজ্জনক ৰূপৰ সংকেত দিছে।
এই আক্ৰমণক ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নতুন অধ্যায় হিচাপে বিবেচিত হৈছে। এই যুদ্ধই অধিক বিপজ্জনক ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। প্ৰাথমিক তথ্য অনুসৰি প্ৰায় ২১ জনকৈ সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয়। বিষয়াসকলে জনাইছে মতে, উদ্ধাৰ অভিযান চলি আছে আৰু সকলো অত্যাৱশ্যকীয় সেৱাই সেই স্থানত নিয়োজিত আছে।
ইফালে জেলেনস্কিয়ে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে, এই ক্ষেত্ৰত বিশ্বই কঠোৰ প্ৰত্যুত্তৰ জনাব লাগে। আমেৰিকা, ইউৰোপ, বিশ্বৰ সকলোৱে এই যুদ্ধ আৰু হত্যাকাণ্ডৰ অন্ত পেলাব বিচৰিছে। এই সময়তে সন্ত্ৰাস বিচৰা ৰাছিয়াই যুদ্ধখন টানি আনিছে। ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ অবিহনে শান্তি অসম্ভৱ। আলোচনাই কেতিয়াও বেলিষ্টিক মিছাইল আৰু আকাশী বোমা বন্ধ কৰিব পৰা নাই। ৰাছিয়াৰ প্ৰতি এনে মনোভাৱৰ দেখুৱাৰ প্ৰয়োজন যি এজন সন্ত্ৰাসবাদীৰ লগত কৰা হয়।
ছ’চিয়েল মিডিয়াত ভাইৰেল ফটোত ক্ষেপণাস্ত্ৰৰ ফলত হোৱা ব্যাপক ধ্বংসলীলা দৃশ্য স্পষ্টকৈ দেখা গৈছে। য’ত বহু যান-বাহন লগতে সাধাৰণৰ নাগৰিকৰ অট্টালিকাও ক্ষতিগ্ৰস্ত হৈছে। এই আক্ৰমণে যোৱা মাহত ছৌদি আৰৱত অনুষ্ঠিত এখন বৈঠকত ইতিবাচক সিদ্ধান্তত উপনীত হোৱা যুদ্ধবিৰতি আলোচনাক ক্ষতিসাধন কৰিছে।