তৃতীয় বিশ্বযুদ্ধৰ আগজাননী নেকি? ৩২খন দেশৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ!
বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধৰ মাজতে আন এক আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক।

বিশ্বত যেন শান্তি এতিয়া বহু দূৰ! সকলোফালে কেৱল আক্ৰমণ-প্ৰত্যাক্ৰমণ, অৰাজকতা। দীৰ্ঘদিন ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, ইজৰাইল-গাজা যুদ্ধৰ শাম কটা নাম লোৱা নাই। ইফালে নেপালতো চলি আছে ভয়ংকৰ পৰিস্থিতি। এই সকলোবোৰ বেয়া খবৰৰ মাজতে পুনৰ পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। ৰাছিয়াই এইবাৰ আক্ৰমণ কৰিছে পোলেণ্ডক। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, ৰাছিয়াই ১৯ টা ড্ৰ’নেৰে আক্ৰমণ কৰে পোলেণ্ডত। যাৰ ৪টা ড্ৰ’ন পোলেণ্ড সেনাই ধ্বংস কৰি পেলোৱা বুলি দাবী উত্থাপন কৰিছে।
পোলেণ্ড নাটোৰ সদস্য দেশ। নাটোৰ নিয়ম অনুসৰি, যদি কোনো দেশে নাটোৰ সদস্য দেশক আক্ৰমণ কৰে তেন্তে সেই আক্ৰমণ সহযোগী দেশসমূহৰ ওপৰত কৰা আক্ৰমণ বুলি গণ্য কৰা হ’ব। তথ্য অনুসৰি, ৩২ খন দেশ নাটোৰ সদস্য। গতিকে ৰাছিয়াৰ এই আক্ৰমণ ৩২ খন দেশৰ ওপৰত কৰা আক্ৰমণ বুলি ক’ব পাৰি। সবাতোকৈ ডাঙৰ কথা এয়াই যে, নাটোৰ এখন গুৰুত্বপূৰ্ণ সদস্য ৰাষ্ট্ৰ হ’ল আমেৰিকা।
এক্সিয়েছৰ তথ্য অনুসৰি, বুধবাৰে পোলেণ্ডৰ দেশত কেইটাও ড্ৰ’ন দেখা যায়। এই ড্ৰ’নসমূহ ৰাছিয়াই প্ৰেৰণ কৰিছে। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে ৰাছিয়াই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। যদি এই আক্ৰমণ ৰাছিয়াই কৰিছে তেন্তে নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে। লগতে ক’ব পাৰি এয়া তৃতীয় বিশ্বযুদ্ধৰ আগজাননী।
কিয় এই আক্ৰমণ
এতিয়ালৈকে আক্ৰমণ সন্দৰ্ভত ৰাছিয়াই কোনো স্পষ্টীকৰণ দিয়া নাই যদিও একাংশই দাবী কৰা অনুসৰি, এই ড্ৰ’নসমূহৰ দ্বাৰা ৰাছিয়াই কিয়েভ আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল। কিন্তু ভুলবশতঃ ড্ৰ’নসমূহ পোলেণ্ডৰ সীমান্তত পৰে। উল্লেখ কৰা প্ৰয়োজন যে, পোলেণ্ড ইউক্ৰেইনৰ চুবুৰীয়া ৰাষ্ট্ৰ। পোলেণ্ডৰ সেনাই দাবী কৰা অনুসৰি, ৰাছিয়াৰ এই ড্ৰ’ন ধ্বংস কৰিবলৈ তেওঁলোকে F-35 ব্যৱহাৰ কৰে।
বৰ্তমান পোলেণ্ড সেনাই ড্ৰ’নৰ ধ্বংসাৱশেষ বিচাৰি আছে। সম্ভৱতঃ ধ্বাংসাৱশেষ লাভ কৰাৰ পাছতহে আমেৰিকা বা আন নাটো সদস্যই ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।
তৃতীয় বিশ্বযুদ্ধৰ আগজাননী নেকি
১৯৩৯ চনত পোলেণ্ডত আক্ৰমণ কৰাৰ পাছতে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিল। সেই সময়ত এডলফ হিটলাৰে প্ৰথমে পোলেণ্ডক আক্ৰমণ কৰিছিল। গতিকে একাংশই দাবী কৰিছে যে পোলেণ্ডত আক্ৰমণ হোৱা তৃতীয় বিশ্বযুদ্ধৰ আগজাননী বুলি ক’ব পাৰি। আনকি পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড ডস্কে ইয়াক তৃতীয় যুদ্ধৰ সৈতে জড়িত কৰিছে। ইয়াৰোপৰি ইতিমধ্যে একাংশ ইউৰোপীয় ৰাষ্ট্ৰই ৰাছিয়া বিৰোধী স্থিতি গ্ৰহণ কৰি আছে।
নাটোৰ নিয়ম
নাটোত বৰ্তমান ৩২ খন দেশ আছে। ইয়াৰ ভিতৰত আমেৰিকা, ফ্ৰান্স, ব্ৰিটেইন, তুৰ্কী আদি অন্যতম। নাটোৰ ৪ নং অনুচ্ছেদ অনুসৰি যদি কোনোৱে মিত্ৰ দেশক আক্ৰমণ কৰে তেন্তে সকলো দেশকে এই বিষয়ে অৱগত কৰিব লাগিব। লগতে ৫ নং অনুচ্ছেদ অনুসৰি, যদি কোনো মিত্ৰ দেশক আক্ৰমণ কৰে তেন্তে এয়া সকলো সদস্য দেশৰ ওপৰত কৰা আক্ৰমণ বুলি গণ্য কৰা হ’ব। এনে পৰিস্থিতি আটাইকেইজন ৰাষ্ট্ৰই একেলগে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে থিয় দিব।
অন্য খবৰ পঢ়কঃ Gen-Z কি? যিয়ে ভাঙি পেলালে নেপাল চৰকাৰ, পদত্যাগ কৰিবলৈ বাধ্য হ’ল প্ৰধানমন্ত্ৰী…