5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ সৰ্ববৃহৎ আক্ৰমণ, ১৫০ৰো অধিক ড্ৰ’ণ ধ্বংস…

যোৱা ২ বছৰৰ সংঘটিত আক্ৰমণৰ ভিতৰত ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণ চলায়। এই আক্ৰমণৰ সময়ত ৰাছিয়াই প্ৰায় ১৫০ টা ড্ৰণ ধ্বংস কৰে। ১ ছেপ্টেম্বৰত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষাই নিশাটোৰ ভিতৰতে ১৫৮খন ইউক্ৰেইনৰ ড্ৰ’নক ধ্বংস কৰে। 

ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ সৰ্ববৃহৎ আক্ৰমণ, ১৫০ৰো অধিক ড্ৰ’ণ ধ্বংস…
ৰাছিয়া- ইউক্ৰেইন
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 01 Sep 2024 17:24 PM

ভয়ংকৰ বিস্ফোৰণত পুনৰ কঁপি উঠিল ৰাছিয়া। চলি থকা যুদ্ধৰ মাজতে ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত চলালে সৰ্ববৃহৎ আক্ৰমণ। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি ৰাছিয়াই ১৫০খনতকৈও অধিক ইউক্ৰেইনৰ ড্ৰ’ন দেশখনে ধ্বংস কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে ৰাছিয়া- উইক্ৰেইনৰ যুদ্ধত  এতিয়ালৈতে হাজাৰ হাজাৰলোকৰ মৃত্যু হৈছে। বিগত ২ বছৰ ধৰি এই দেশ দুখনৰ মাজত সংঘটিত হৈ থকা যুদ্ধ এতিয়াও শাম কটাৰ নাম লোৱা নাই। দুয়োখন দেশে দুয়োৰে ওপৰত এটাৰ ওপৰত আন এটা আক্ৰমণ সংঘটিত কৰি গৈছে।

যোৱা ২ বছৰৰ সংঘটিত আক্ৰমণৰ ভিতৰত ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণ চলায়। এই আক্ৰমণৰ সময়ত ৰাছিয়াই প্ৰায় ১৫০ টা ড্ৰ’ণ ধ্বংস কৰে। ১ ছেপ্টেম্বৰত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষাই নিশাটোৰ ভিতৰতে ১৫৮খন ইউক্ৰেইনৰ ড্ৰ’ণ ধ্বংস কৰে।  ইয়াৰে দুটা মস্কো চহৰৰ ওপৰত আৰু ৯ টা মস্কো অঞ্চলৰ ওচৰ-চুবুৰীয়াত আছিল।

ইয়াৰোপৰি বাকী ৪৬খন ড্ৰ’ণ আছিল কুৰ্স্ক অঞ্চলৰ ওপৰত। এই অঞ্চলটোত যোৱা কেইটামান সপ্তাহত ইউক্ৰেইনে  দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ৰাছিয়াৰ ভূমিত সৰ্ববৃহৎ সেনা প্ৰেৰণ কৰিছে।  ইয়াৰ লগতে  ব্ৰাইয়ানস্ক অঞ্চলত ৩৪খন, ভ’ৰনেজ অঞ্চলত ২৮খন আৰু বেলগ’ৰড অঞ্চলত ১৪খন ড্ৰ’ণ আছিল।  এনেকৈয়ে ১৫০ ৰো অধিত ড্ৰ’ণ ৰাছিয়াই ধ্বংস কৰে।

ইউক্ৰেইনে ৰাছিয়াৰ বহু ভিতৰৰ অঞ্চললৈ এই আক্ৰমণ কৰিছে। য’ত মস্কোৰ উত্তৰ-পশ্চিমে থকা টিভেৰ অঞ্চল আৰু ৰাছিয়াৰ ৰাজধানীৰ উত্তৰ-পূবত অৱস্থিত ইভান’ভ’ অঞ্চলত এটাকৈ ড্ৰ’ণ আছিল। এই বছৰৰ আৰাম্ভণিৰ পৰাই ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত বিমান আক্ৰমণ আৰম্ভ কৰিছিল।

ইয়াৰ বিপৰীতে ইউক্ৰেইনৰ বায়ুসেনাৰ তথ্য অনুসৰি ইউক্ৰেইনত ৰাছিয়াই নিক্ষেপ কৰা ১১খন ড্ৰ’ণৰ ভিতৰত ৮টা ড্ৰ’ন ধ্বংস কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ চলাইছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছিল যে ৰাছিয়াই কিয়েভকে ধৰি বহু চহৰত প্ৰায় ১০০টা মিছাইল আৰু ১০০টা ড্ৰ’নেৰে আক্ৰমণ কৰিছিল । তেওঁৰ মতে এই আক্ৰমণৰ বাবে ৰাছিয়াই শ শ শ্বহীদ ড্ৰ’ন ব্যৱহাৰ কৰিছিল। শ্বহীদ ড্ৰ’ন ইৰাণে নিৰ্মাণ কৰা অতি বিপদজনক ড্ৰ’ন বুলি গণ্য কৰা হয়। এয়া এক প্ৰকাৰৰ আত্মঘাতী ড্ৰোন যাৰ ৰেঞ্জ প্ৰায় ২৫০০ কিলোমিটাৰ। ইউক্ৰেইনৰ আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ৰাছিয়াই এই আক্ৰমণ সংঘটিত কৰিছিল।

ৰাছিয়া- ইউক্ৰেইনৰ মাজত যুদ্ধ ৰোধ কৰাৰ বাবে বিশ্বৰ কেইবাখন দেশে চেষ্টা কৰি আছে যদিও সেয়া এতিয়ালৈকে হৈ উঠা নাই। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মস্কো আৰু তাৰ কেইদিনমান পাছত ইউক্ৰেইন ভ্ৰমণ কৰিছিল। বিশ্বৰ দেশসমূহে আশা কৰিছিল যে এই যুদ্ধ কিছু পৰিমাণে শাম কাটিব। কিন্তু এতিয়ালৈকে হৈ উঠা নাই।

Latest News