শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ মিছাইল আৰু ড্ৰোন আক্ৰমণ! শিশুসহ কেইবাজনো নিহত…

পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই ভয়ংকৰ মিছাইল আৰু ড্ৰোন আক্ৰমণ কৰে। এই আক্ৰমণত শিশু, মহিলাসহ বহু লোকৰ মৃত্যু হয়। নিশা এটা এপাৰ্টমেন্টত এই আক্ৰমণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ মিছাইল আৰু ড্ৰোন আক্ৰমণ! শিশুসহ কেইবাজনো নিহত…
ৰাছিয়া-ইউক্ৰেইন
barasha-sarma
Barasha Sarma | Published: 19 Nov 2025 23:00 PM

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ শাম কটাৰ নাম লোৱা নাই। শেহতীয়াকৈ পুনৰ ৰাছিয়াই মিছাইল আৰু ড্ৰোনেৰে ইউক্ৰেইনৰ টেৰনপিল চহৰত আক্ৰমণ কৰে। এই আক্ৰমণত বৰ্তমান পৰ্যন্ত ৬ টা শিশুসহ প্ৰায় ২৫ জন লোক নিহত হয়। ইউক্ৰেইনৰ স্বৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এই আক্ৰমণত ১৫ টা শিশুসহ ৭২ জন লোক আহত হৈছে। নিশা চহৰখনৰ এটা এপাৰ্টমেন্টত সংঘটিত হয় এই আক্ৰমণ। ২০২২ চনৰ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পাছত পশ্চিম ইউক্ৰেইনত এতিয়ালৈকে এইটো এটা অন্যতম ডাঙৰ আক্ৰমণ বুলি গণ্য কৰা হৈছে।

তথ্য অনুসৰি, নিশাৰ ভাগত দুটাকৈ ৯ মহলীয়া এপাৰ্টমেন্টৰ লক্ষ্য কৰি ৰাছিয়াই ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰিছিল। ইউক্ৰেইনৰ মন্ত্ৰী ইগোৰ ক্লিমেংকোৱে কয় যে, ৰাছিয়াই কৰা আক্ৰমণৰ ফলত এপাৰ্টমেন্ট ধ্বংস্তূপলৈ পৰিণত হৈছে। এই ধ্বংসাৱশেষৰ তলত এতিয়াও বহু লোক আৱদ্ধ হৈ আছে। এইসকলক উদ্ধাৰৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰখা হৈছে।

ইউক্ৰেইনে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাছিয়াই ইউক্ৰেইনৰ লক্ষ্যৰ বিৰুদ্ধে ৪৭৬টা ষ্ট্ৰাইক এণ্ড ডিক’ই ড্ৰ’ন আৰু ৪৮টা বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। এই সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমাইৰ জেলেনস্কিয়ে কয় যে, সাধাৰণ নাগৰিকৰ ওপৰত কৰা আক্ৰমণে এয়াই প্ৰমাণ কৰে যে কোনো হেঁচাই ৰাছিয়াৰ ওপৰত কাম কৰা নাই। তেওঁ আৰু কয় যে, শীঘ্ৰেই তেওঁ  তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানৰ সৈতে আলোচনাত মিলিত হ’ব আৰু ৰাছিয়াৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চাপ বৃদ্ধিৰ বাবে আহ্বান জনাব।

ইফালে ইউক্ৰেইনেও ৰাছিয়াক আক্ৰমণ কৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইউক্ৰেইনে ভোৰনেজ চহৰত চাৰিটা আমেৰিকান এ টি এ চি এম এছ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। এইসমূহ ৰাছিয়াই ধ্বংস কৰিছে যদিও ইয়াৰ ধ্বংসাৱশেষ এখন আশ্ৰমত পৰিছে। অৱশ্যে এই ক্ষেত্ৰত কোনো হতাহতি হোৱা নাই বুলি কোৱা হৈছে।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানৰ কু-কাণ্ড! দিল্লীৰ বিস্ফোৰণত জড়িত থকাৰ কথা স্বীকাৰ POK ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ…