শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পাক অধিকৃত কাশ্মীৰত হামাছৰ খোপনি! প্ৰতিবেদনত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

হামাছ ধ্বংসৰ লক্ষ্যৰে ইজৰাইলী সেনাই গাজাৰ চৌদিশে চলোৱা অভিযানৰ সময়ত পোহৰলৈ আহিছিল হামাছৰ সুৰংগৰ লানি। এই সুৰংগসমূহ আছিল হামাছৰ অস্ত্ৰভাণ্ডাৰ আৰু তাৰ পৰাই হামাছে চলাই আহিছিল দীৰ্ঘম্যাদী যুঁজ। হামাছৰ এই ৰণকৌশল এইবাৰ পাকিস্তান অধিকৃত কাশ্মীৰতো দেখা পোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা কিছু প্ৰতিবেদনে জন্ম দিছে এই সম্ভাৱনাৰ।

পাক অধিকৃত কাশ্মীৰত হামাছৰ খোপনি! প্ৰতিবেদনত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
পাক অধিকৃত কাশ্মীৰত হামাছ
Monjit Dutta
Monjit Dutta | Published: 10 Feb 2025 14:27 PM

ইজৰাইল-হামাছৰ ভয়ংকৰ যুদ্ধৰ বিভীষিকা এতিয়াও পাহৰিব পৰা নাই বিশ্বই। এই যুদ্ধৰ ভয়াৱহতাই সমগ্ৰ বিশ্বকে জোকাৰি তুলিলে। প্ৰথমে হামাছৰ ইজৰাইল আক্ৰমণ আৰু তাৰ পিছতে ইজৰাইলে চলোৱা প্ৰত্যাক্ৰমণে হাজাৰোধিক লোকৰ প্ৰাণ কাঢ়ি নিলে। ধ্বংসস্তূপত পৰিণত হ’ল গাজা। হামাছ ধ্বংসৰ লক্ষ্যৰে ইজৰাইলী সেনাই গাজাৰ চৌদিশে চলোৱা অভিযানৰ সময়ত দেখা পোৱা গ’ল নানা শিহৰণকাৰী দৃশ্য। এই অভিযানৰ সময়ত গাজাৰ সৰ্বপ্ৰান্তত থকা হামাছৰ সুৰংগৰ লানিয়ে আচৰিত কৰি তোলে ইজৰাইলী সেনাক।

এই সুৰংগসমূহ আছিল হামাছৰ অস্ত্ৰভাণ্ডাৰ আৰু তাৰ পৰাই হামাছে চলাই আহিছিল দীৰ্ঘম্যাদী যুঁজ। হামাছৰ এই ৰণকৌশল চৰ্চিত হৈছিল বিশ্বজুৰি। পিছে হামাছে গাজাত গ্ৰহণ কৰা এই ৰণকৌশল এইবাৰ পাকিস্তান অধিকৃত কাশ্মীৰতো দেখা পোৱা যাব নেকি? শেহতীয়াকৈ প্ৰকাশ পোৱা কিছু প্ৰতিবেদনে জন্ম দিছে এই প্ৰশ্নৰ। পাক অধিকৃত কাশ্মীৰত হামাছ নেতাৰ উপস্থিতিৰ পিছতে এই প্ৰশ্নৰ উত্থাপন হৈছে।

কাশ্মীৰ সংহতি দিৱস উপলক্ষে পাক অধিকৃত কাশ্মীৰত চলিছে সন্ত্ৰাসবাদী সন্মিলন। তথ্য অনুসৰি প্ৰায় ২৯টা পাকিস্তানী সমৰ্থক উগ্ৰপন্থী সংগঠন এই সন্মিলনত উপস্থিত আছে। সন্মিলনত যোগদান কৰিছে হামাছৰ আন্তঃৰাষ্ট্ৰীয় শাখাৰ জ্যেষ্ঠ নেতা খালেদ কোয়াদামীয়ে। এই হামাছ নেতাগৰাকীয়ে গাজাত শান্তি আলোচনাতো অংশগ্ৰহণ কৰিছিল। হামাছৰ কাকত ফাতেহ-ই-আৰাৰ সম্পাদক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

সেয়ে পাকিস্তান অধিকৃত কাশ্মীৰত খালেদৰ উপস্থিতিয়ে সকলোকে স্তম্ভিত কৰি তুলিছে। এগৰাকী পাকিস্তানী ইউটিউবাৰে প্ৰথমে খালেদৰ এই ভ্ৰমণৰ বিষয়ে উল্লেখ কৰিছিল। ইয়াৰ পিছতে এই খবৰ পাকিস্তানৰ বিভিন্ন সংবাদ মাধ্যমতো প্ৰকাশ পায়। অৱশ্যে পাকিস্তানী উগ্ৰপন্থী সংগঠন হিজবুল বা লস্কৰৰ সৈতে হামাছৰ কোনো সম্পৰ্ক স্থাপন হৈছে নেকি, সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ পোৱা নাই।

লক্ষণীয়ভাৱে গাজাৰ বাহিৰৰ আন কোনো বিষয়ত হামাছে কেতিয়াও উৎসাহ প্ৰকাশ কৰা নাই। এতিয়া কাশ্মীৰত হামাছ নেতাৰ উপস্থিতিৰ পিছত সংঠনটোৰ স্থিতি সলনি হৈছে নেকি, এই লৈ প্ৰশ্ন উত্থাপন হৈছে। চোৰাংচোৱা সূত্ৰ মতে, পাকিস্তানে উপত্যকাটোত নতুন উগ্ৰপন্থী নেটৱৰ্ক শক্তিশালী কৰাৰ বাবে চেষ্টা চলাইছে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলে পাকিস্তান অধিকৃত কাশ্মীৰত হামাছ্ৰ উপস্থিতিৰ দুটা কাৰণ থাকিব পাৰে বুলি উল্লেখ কৰিছে।

এই দুই কাৰণৰ ভিতৰত প্ৰথমে হামাছৰ জৰিয়তে মধ্যপ্ৰাচ্যৰ পৰা অত্যাধুনিক অস্ত্ৰ সৰবৰাহৰ বিষয়ে উল্লেখ কৰা হৈছে। টাইমছ অৱ ইজৰাইলৰ সাংবাদিক য়েহুদ লাবিভে প্ৰথম দিনাৰ পৰাই গাজা যুদ্ধৰ বাতৰি পৰিৱেশন কৰি আহিছে। এটা প্ৰতিবেদনত তেওঁ লিখিছে যে গাজাৰ পৰা আইডিএফে উদ্ধাৰ কৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ তুলনাত হামাছৰ অস্ত্ৰভাণ্ডাৰত চাৰিগুণ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আছে। হয়তো হিজবুল আৰু লস্কৰৰ দৰে সংগঠনে হামাছৰ পৰা অস্ত্ৰ সৰবৰাহৰ পৰিকল্পনা কৰিছে।

আনহাতে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ সুৰংগ বা মাটিৰ তলৰ বাংকাৰ নিৰ্মাণ কৰা দ্বিতীয়টো কাৰণ হ’ব পাৰে বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে। লক্ষণীয়ভাৱে বিগত কেইমাহমানৰ ভিতৰত দিল্লীয়ে পাকিস্তান অধিকৃত কাশ্মীৰ সন্দৰ্ভত কেইবাবাৰো সতৰ্কবাণী জাৰি কৰিছে। এনে কাৰণত কাশ্মীৰী উগ্ৰপন্থী নেতৃত্বৰ মাজত উদ্বেগ বৃদ্ধি পাইছে আৰু সেইবাবেই হামাছক কাশ্মীৰলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি ধাৰণা কৰা হৈছে।