শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Earthquake: ৬.৩ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প, ৭ জন লোকৰ মৃত্যু, আহত ১৫০ জন

২০২৫ চনৰ ৩১ আগষ্টত পাকিস্তান সীমান্তৰ সমীপত পূব আফগানিস্তানত ৬.০ প্ৰাবল্যৰ ভূমিকম্পত ২২০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। তালিবান চৰকাৰৰ মতে, ২০২৩ চনৰ ৭ অক্টোবৰত ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত হোৱা আফটাৰশ্বকত কমেও ৪ হাজাৰ লোকৰ মৃত্যু হয়।

Earthquake: ৬.৩ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প, ৭ জন লোকৰ মৃত্যু, আহত ১৫০ জন
ভূমিকম্প
trishna-kalita
Trishna Kalita | Published: 03 Nov 2025 08:15 AM

আফগানিস্তানৰ হিন্দুকুছ অঞ্চলত এক শক্তিশালী ভূমিকম্প অনুভৱ কৰা হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ৰিখটাৰ ভূমিকম্পৰ মাত্ৰা আছিল ৬.৩ । এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫০ জন আহত হোৱাৰ খবৰ পোৱা গৈছে। আফগানিস্তানৰ খুলমৰ পৰা ২২ কিলোমিটাৰ পশ্চিম-দক্ষিণ-পশ্চিমে ২৮ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছে ভয়ংকৰ ভূমিকম্প ।

ইউ এছ জি এছৰ তথ্য অনুসৰি সোমবাৰে স্থানীয় সময় অনুসৰি নিশা ১২:৫৯ বজাত সংঘটিত হয় এই ভূমিকম্প। বেছিভাগ মানুহে শুই থকা অৱস্থাত বা ৰাতি শোৱাৰ বাবে সাজু হৈ থকাৰ সময়তে হঠাৎ হোৱা কঁপনিয়ে তেওঁলোকক আচৰিত কৰি তুলিছিল, যাৰ ফলত ৰাইজৰ মাজত আতংক বিয়পি পৰে।

ভূমিকম্পত ২২০০ৰো অধিক লোকৰ মৃত্যু হয়

২০২৫ চনৰ ৩১ আগষ্টত পাকিস্তান সীমান্তৰ সমীপত পূব আফগানিস্তানত ৬.০ প্ৰাবল্যৰ ভূমিকম্পত ২২০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। তালিবান চৰকাৰৰ মতে, ২০২৩ চনৰ ৭ অক্টোবৰত ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত হোৱা আফটাৰশ্বকত কমেও ৪ হাজাৰ লোকৰ মৃত্যু হয়।

হিন্দুকুছ অঞ্চলত ভূমিকম্প

২২ অক্টোবৰত আফগানিস্তানৰ হিন্দুকুছ অঞ্চলত ভূমিকম্প অনুভূত হৈছিল। ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ মতে ভূমিকম্পৰ মাত্ৰা আছিল ৫.১ । ২৪৪ কিলোমিটাৰ (১৫২ মাইল) গভীৰতাত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ। ৰাজধানী কাবুলত প্ৰবল কঁপনি অনুভূত হয়।

পাকিস্তানতো কম্পন অনুভৱ কৰা হয়। নেশ্যনেল চেইজম’লজী (এন চি এছ)ৰ এক বিবৃতিত কোৱা হৈছে যে ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৩.৮। ইয়াৰ পূৰ্বে এনচিএছৰ তথ্য অনুসৰি পাকিস্তানত ৪.৭ আৰু ৪.০ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল।