এপ্ৰিল মাহত শ্ৰীলংকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰা, দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকা চৰকাৰৰ সৈতে দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে।
 
                                এপ্ৰিল মাহত শ্ৰীলংকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰা, দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকা চৰকাৰৰ সৈতে দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে। য’ত মাছমৰীয়াৰ বিবাদ, বাণিজ্যিক সম্পৰ্ক, নিৰাপত্তা সহযোগিতা আৰু আঞ্চলিক সহযোগিতাৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
যোৱা বছৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়াকে ভাৰতলৈ আহিছিল। এই সময়ছোৱাত বহু চুক্তি কৰা হৈছিল। এই চুক্তিসমূহ চূড়ান্ত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকা ভ্ৰমণ কৰিব বুলি চৰ্চা হৈছে। ২০১৫ চনৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো শ্ৰীলংকা ভ্ৰমণ।
শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথে কয়,”আমাৰ চুবুৰীয়া দেশ ভাৰতৰ সৈতে আমি ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছো। আমাৰ প্ৰথম কূটনৈতিক ভ্ৰমণ আছিল ভাৰত, য’ত আমি দ্বিপাক্ষিক সহযোগিতাৰ বহু চুক্তি স্বাক্ষৰ কৰিছিলোঁ।” তেওঁ কয় যে, এপ্ৰিল মাহৰ আৰম্ভণিতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্ৰীলংকালৈ আহিব। বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, চাম্পুৰ সৌৰশক্তি কেন্দ্ৰ উদ্বোধনৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত বহু নতুন বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব।
তদুপৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে, “আমি পক্ষ নোলোৱাকৈ আমাৰ বৈদেশিক নীতিত নিৰপেক্ষ হৈ থাকিম আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ বজাই ৰখাৰ বাবে কাম কৰিম।” উল্লেখ্য যে, শ্ৰীলংকা ভাৰতৰ এক গুৰুত্বপূৰ্ণ প্ৰতিবেশী আৰু কৌশলগত অংশীদাৰ।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      