শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতত নিপাহ ভাইৰাছৰ সংক্ৰমণ, বিভিন্ন দেশত এলাৰ্ট জাৰি…

ভাৰতত নিপাহ ভাইৰাছৰ সংক্ৰমণৰ পিছতে এছিয়াৰ কেইবাখনো দেশে সতৰ্কবাণী জাৰি কৰা হৈছে। চীন, পাকিস্তান, নেপাল, ছিংগাপুৰ, হংকং, থাইলেণ্ড, আৰু মালয়েছিয়াই বৃদ্ধি কৰিছে সতৰ্কতা। ভাৰতৰ পৰা যোৱা বিমানত বিমানবন্দৰত উষ্ণতা পৰীক্ষা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ছিংগাপুৰে।

ভাৰতত নিপাহ ভাইৰাছৰ সংক্ৰমণ, বিভিন্ন দেশত এলাৰ্ট জাৰি…
নিপাহ ভাইৰাছৰ সংক্ৰমণ
Trishna Kalita
Trishna Kalita | Updated On: 29 Jan 2026 14:15 PM

বৰ্তমান ভাৰতত দুজনকৈ নিপাহ ভাইৰাছৰ সক্ৰিয় ৰোগী আছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২০২৫ চনৰ ডিচেম্বৰৰ শেষৰ ফালে পশ্চিম বংগত এই দুই ৰোগী ধৰা পৰিছিল।দুয়োজন আক্ৰান্ত ব্যক্তি স্বাস্থ্যসেৱা কৰ্মী আৰু বৰ্তমান স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসকে তেওঁলোকৰ অৱস্থাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

ভাৰতত নিপাহ সংক্ৰমণৰ পিছতে এছিয়াৰ কেইবাখনো দেশে সতৰ্কবাণী জাৰি কৰা হৈছে। চীন, পাকিস্তান, নেপাল, ছিংগাপুৰ, হংকং, থাইলেণ্ড, আৰু মালয়েছিয়াই বৃদ্ধি কৰিছে সতৰ্কতা। ভাৰতৰ পৰা যোৱা বিমানত বিমানবন্দৰত উষ্ণতা পৰীক্ষা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ছিংগাপুৰে। লগতে দক্ষিণ এছিয়াৰ পৰা অহা শ্ৰমিকৰ ওপৰতো নিৰীক্ষণ বৃদ্ধি কৰিছে।

ভাৰতৰ পৰা যোৱা যাত্ৰীসকলৰ হংকং বিমানবন্দৰত কঠোৰ স্বাস্থ্য পৰীক্ষা চলি আছে। থাইলেণ্ডে নিপাহ আক্ৰান্ত অঞ্চলৰ পৰা অহা বিমানৰ বাবে নিৰ্দিষ্ট পাৰ্কিং লট নিৰ্ধাৰণ কৰিছে। লগতে যাত্ৰীসকলে এখন স্বাস্থ্য পত্ৰ সম্পূৰ্ণ কৰিব লাগিব। মালয়েছিয়াই আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশ পইণ্টতো স্ক্ৰীনিং তীব্ৰতৰ কৰি তুলিছে।

ভাৰত আৰু চীনৰ সৈতে থকা সীমান্তত হাই এলাৰ্ট ঘোষণা কৰিছে নেপালে। চীনে উল্লেখ কৰিছে যে বৰ্তমান তাত কোনো ৰোগী নাই যদিও আমদানিকৃত সংক্ৰমণৰ আশংকা অব্যাহত আছে। ভাৰতৰ বাবে নিপাহ নতুন নহয়। ইয়াৰ পূৰ্বেও কেৰালাত কেইবাজনো ৰোগী ধৰা পৰিছে। অৱশ্যে প্ৰায় ২০ বছৰৰ পাছত পশ্চিম বংগত এয়া প্ৰথম নিপাহ সংক্ৰমণ

স্বাস্থ্য মন্ত্ৰালয়ে উল্লেখ কৰিছে যে এই দুজন ৰোগীৰ সংস্পৰ্শলৈ অহা মুঠ ১৯৬ জন লোকক চিনাক্ত কৰি পৰীক্ষা কৰা হৈছে। তেওঁলোকৰ কোনো এজনৰ নিপাহৰ লক্ষণ দেখা নগ’ল আৰু সকলোৰে পৰীক্ষা নিগেটিভ পোৱাটো এক সকাহৰ কথা।

নিপাহ ভাইৰাছ সাধাৰণতে ফলৰ বাদুলি আৰু গাহৰিৰ দৰে জীৱ-জন্তুৰ দ্বাৰা সংক্ৰমিত হয়। মানুহৰ ক্ষেত্ৰত ই তীব্ৰ জ্বৰ আৰু মগজু ফুলাকে ধৰি গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তেও ব্যক্তিৰ পৰা আন এজনলৈ এই ভাইৰাছ বিয়পিব পাৰে। বৰ্তমান নিপাহৰ বাবে ৰেডিমেড ভেকচিন নাই যদিও বৰ্তমান কেইবাটাও ভেকচিন পৰীক্ষাৰ পৰ্যায়ত আছে।