শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ অংগছিন্ন হ’ব নেকি পাকিস্তানৰ? গঠন হ’ব আন এখন ‘বাংলাদেশ’!

অৰ্থনৈতিক স্থিতিৰ লগতে পাকিস্তানে এতিয়া আভ্যন্তৰীণ ৰাজনৈতিক সংকটৰ সৈতেও বাৰুকৈয়ে যুঁজিবলগা হৈছে। এনে ৰাজনৈতিক সংকটে এতিয়া পাকিস্তানক পুনৰ খণ্ডিত কৰি তোলাৰ শংকা গঢ়ি তুলিছে। অৰ্থাৎ বাংলাদেশৰ ৰূপত দেশৰ এটা অংশ ছিন্ন হোৱাৰ পিছত এতিয়া পাকিস্তানৰ আন এক অংশ পৃথক হৈ পৰাৰ সম্ভাৱনাই গা কৰি উঠিছে।

পুনৰ অংগছিন্ন হ’ব নেকি পাকিস্তানৰ? গঠন হ’ব আন এখন ‘বাংলাদেশ’!
খণ্ডিত হ’ব পাকিস্তান!
Monjit Dutta
Monjit Dutta | Published: 22 Feb 2025 15:15 PM

আৰ্থিক সংকটে জুৰুলা কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক। শেহতীয়া অৰ্থনৈতিক পৰিস্থিতিয়ে দেশখনক বাৰুকৈয়ে জোকাৰি তুলিছে। অৰ্থনৈতিক স্থিতিৰ লগতে পাকিস্তানে এতিয়া আভ্যন্তৰীণ ৰাজনৈতিক সংকটৰ সৈতেও বাৰুকৈয়ে যুঁজিবলগা হৈছে। এনে ৰাজনৈতিক সংকটে এতিয়া পাকিস্তানক পুনৰ খণ্ডিত কৰি তোলাৰ শংকা গঢ়ি তুলিছে। ক্ৰমাগতভাৱে বৃদ্ধি পাইছে এই শংকা। অৰ্থাৎ বাংলাদেশৰ ৰূপত দেশৰ এটা অংশ ছিন্ন হোৱাৰ পিছত এতিয়া পাকিস্তানৰ আন এক অংশ পৃথক হৈ পৰাৰ সম্ভাৱনাই গা কৰি উঠিছে।

পাকিস্তানত সম্প্ৰতি পৃথক বেলুচিস্তানৰ দাবী অধিক বৃদ্ধি পাইছে। পৃথক বেলুচিস্তানৰ এই দাবীয়ে ৫৪ বছৰ পূৰ্বে হোৱাৰ দৰে পাকিস্তানক পুনৰ খণ্ডিত কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। পাকিস্তানৰ এগৰাকী সাংসদে সংসদতে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে। পাকিস্তানৰ সংসদত এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জমিয়ত উলেমা-ই-ইছলামৰ সাংসদ তথা সভাপতি মৌলানা ফজলুৰ ৰেহমানে।

উল্লেখ্য যে মুক্তিযুদ্ধৰ পিছত ১৯৭১ চনত পাকিস্তানৰ পৰা বিচ্ছিন্ন হৈ বাংলাদেশে স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশতো সুকীয়া ৰাষ্ট্ৰৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন চলি আহিছে। মৌলানা ফজলুৰ ৰেহমানে পাকিস্তানৰ সংসদত এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বেলুচিস্তানত এতিয়া কোনো আৰক্ষী তথা সেনাবাহিনী নাই।

বেলুচিস্তান এতিয়া ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত নাই বুলি উদ্বেগ প্ৰকাশ কৰি সাংসদগৰাকীয়ে লগতে প্ৰদেশখনৰ ৫-৭খন জিলাৰ অৱস্থা এনে হৈ পৰিছে যে যদিহে স্বাধীনতা ঘোষণা কৰে, পিছদিনাই ৰাষ্ট্ৰসংঘই স্বীকৃতি দিব বুলিও সকীয়াই দিয়ে। ফজলুৰ ৰেহমানৰ এই ভাষণৰ পিছতে ফ্ৰী বেলুচিস্তান মুভমেণ্ট, চমুকৈ FBM- এ অঞ্চলটোৰ উন্নয়ন আৰু শান্তিৰ বাবে বেলুচিস্তান স্বাধীন হোৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে।

পাকিস্তানৰ এই প্ৰদেশখনত সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি সমাজকৰ্মীলৈকে বহু লোকক ন্যায় বহিৰ্ভূতভাৱে হত্যা কৰাৰ অভিযোগ বাৰে বাৰে উত্থাপিত হৈছে। এই বেলুচিস্তান প্ৰদেশ ধাৰাবাহিক হিংসা, হত্যা, অপহৰণৰ দৰে অপৰাধমূলক কাৰ্যৰ বাবে অৰ্থনৈতিকভাৱে পিছপৰা বুলি বিশেষজ্ঞসকলে আঙুলিয়াই দিছে। আনকি প্ৰদেশখনত নূন্যতম আন্তঃগাঁথনিৰ অভাৱো পৰিলক্ষিত হৈছে।

এনে পৰিস্থিতিত ১৯৭১ চনত পাকিস্তানৰ পৰা ফালৰি কাটি বাংলাদেশ গঠন হোৱাৰ দৰে এতিয়া পৃথক বেলুচিস্তানৰ ৰূপত পুনৰ এবাৰ পাকিস্তানৰ অংগছিন্ন হ’ব নেকি, সেয়া লক্ষণীয় হ’ব।