পাকিস্তানৰ স্কুল বাছত আত্মঘাতী বোমা বিস্ফোৰণ, থিতাতে নিহত ৪টা শিশু, আহতৰ সংখ্যা ৩৮
পাকিস্তানৰ বেলুচিস্তানত বুধবাৰে এখন স্কুল বাছত সংঘটিত বিস্ফোৰণত ৪টা শিশুৰ মৃত্যু হোৱাৰ লগতে ৩৮টা শিশু আহত হয়। বিষয়াসকলৰ উদ্ধৃতিৰে জনোৱা মতে, দক্ষিণ-পশ্চিম পাকিস্তানত পুৱা এখন আত্মঘাতী বোমাৰু গাড়ীয়ে এখন স্কুল বাছত খুন্দা মাৰে, তাৰ পিছত বাছখন বিস্ফোৰণ ঘটে।

বুধবাৰে পাকিস্তানৰ বেলুচিস্তানত সংঘটিত হয় এক বৃহৎ অঘটন। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আজি পুৱা বেলুচিস্তান প্ৰদেশত এখন স্কুল বাছত বিস্ফোৰণ ঘটে। এই বিস্ফোৰণত ৪টা শিশুৰ মৃত্যু হোৱাৰ লগতে ৩৮টা শিশু আহত হয়। জানিব পৰা মতে খুজদাৰ জিলাত সংঘটিত হৈছে এই বিস্ফোৰণ। জিৰ’ পইণ্টৰ সমীপত বাছখনক লক্ষ্য কৰি লোৱা হয়। উপ আয়ুক্ত ইয়াছিৰ ইকবাল দষ্টীয়ে কয় যে বিস্ফোৰণত চাৰিটা শিশু নিহত হোৱাৰ লগতে আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
এই বিস্ফোৰণক তীব্ৰ গৰিহণা দিয়ে গৃহমন্ত্ৰী মহছিন নাকৱীয়ে। স্থানীয় কাকতত প্ৰকাশ পোৱা অনুসৰি নাকৱীয়ে কয় , “নিৰীহ শিশুক লক্ষ্য কৰি লোৱা জন্তুবোৰ কোনো ধৰণৰ নম্ৰতাৰ যোগ্য নহয়।” নাকভিয়ে আৰু কয়, “শত্ৰুৱে নিৰীহ শিশুক লক্ষ্য কৰি অতি বৰ্বৰ কাণ্ড সংঘটিত কৰিছে।”
এছ’চিয়েটেড প্ৰেছে বিষয়াসকলৰ উদ্ধৃতিৰে জনোৱা মতে, দক্ষিণ-পশ্চিম পাকিস্তানত পুৱা এখন আত্মঘাতী বোমাৰু গাড়ীয়ে এখন স্কুল বাছত খুন্দা মাৰে আৰু ইয়াৰ পিছত বাছখন বিস্ফোৰণ ঘটি নিৰীহ শিশু এই নৃশংসতাৰ বলি হয় আৰু ৪টা শিশুৰ থিতাতে মৃত্যু হয়। এতিয়াও কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও অঞ্চলটোৰ নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিকক প্ৰায়ে লক্ষ্য কৰি লোৱা বেলুচ বিচ্ছিন্নতাবাদীসকলৰ ওপৰত সন্দেহৰ কৰা হৈছে।
বাছ বিস্ফোৰণৰ পিছতে আৰক্ষী, ফ্ৰন্টিয়াৰ কৰ্পছ (এফ চি) আৰু আইন সংস্থাৰ কৰ্মীসকলে তদন্তৰ বাবে প্ৰমাণ সংগ্ৰহ কৰিবলৈ সেই স্থানত উপস্থিত হয়। ঘটনাটোৰ তদন্ত অব্যহত আছে। ইয়াৰ মাজতে উপ আয়ুক্তগৰাকীয়ে কয় যে প্ৰাৰম্ভিক তদন্তৰ পৰা প্ৰকাশ পোৱা অনুসৰি আক্ৰমণটো আত্মঘাতী বিস্ফোৰণ (Suicide Blast) আছিল।
উল্লেখ্য যে বেলুচিস্তান দীৰ্ঘদিন ধৰি বিদ্ৰোহৰ কেন্দ্ৰবিন্দু হৈ আহিছে। য’ত বেলুচিস্তান লিবাৰেচন আৰ্মী (BLA)কে ধৰি কেইবাটাও বিচ্ছিন্নতাবাদী গোটে আক্ৰমণ চলাই আহিছে। ২০১৯ চনত আমেৰিকাই BLA সন্ত্ৰাসবাদী সংগঠন হিচাপে চিহ্নিত কৰিছিল। ইয়াৰ পূৰ্বে ৬ মে’ত পাকিস্তান সেনাই জনাইছিল যে বেলুচিস্তানত এটা ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰই তেওঁলোকৰ বাহনত খুন্দা মৰাৰ ফলত তেওঁলোকৰ ৭ জন জোৱান নিহত হৈছিল। খবৰ অনুসৰি তেওঁ কয় যে দক্ষিণ-পশ্চিম প্ৰদেশ বেলুচিস্তানত বBLAৰ সদস্যসকলে তেওঁৰ জোৱানৰ বাহনখনক লক্ষ্য কৰি লৈছিল।