শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাংলাদেশত প্ৰতিদিনে প্ৰায় ১৫৬০ জন লোকক গ্ৰেপ্তাৰ! কি হৈছে ইউনুছ চৰকাৰৰ?

সম্প্ৰতি ৰাজনৈতিক অস্থিৰতা আৰু দমনৰ সময় পাৰ কৰিছে বাংলাদেশে। এফালে বিৰোধী কাৰ্যকলাপৰ ক্ষেত্ৰত চৰকাৰৰ এই পদক্ষেপে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ বিপৰীতে আনফালে মানৱ অধিকাৰ আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। যোৱা এমাহত সমগ্ৰ দেশৰ পৰা ৪৮,৪০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বাংলাদেশত প্ৰতিদিনে প্ৰায় ১৫৬০ জন লোকক গ্ৰেপ্তাৰ! কি হৈছে ইউনুছ চৰকাৰৰ?
বাংলাদেশত প্ৰতিদিনে প্ৰায় ১৫৬০ জন লোকক গ্ৰেপ্তাৰ!
trishna-kalita
Trishna Kalita | Published: 21 May 2025 07:21 AM

বাংলাদেশত তীব্ৰতৰ হৈ পৰিছে বিৰোধী দল আৰু চৰকাৰ বিৰোধী প্ৰতিবাদ। যোৱা এমাহত সমগ্ৰ দেশৰ পৰা ৪৮,৪০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সংখ্যাই প্ৰতিদিনে গড়ে গ্ৰেপ্তাৰৰ হাৰ হ’ব ১৫৬০ জন, যিটো বছৰৰ আৰম্ভণিতে চলোৱা অপাৰেচশ্যন ‘ডেভিল হাণ্ট’ৰ সময়ত লিপিবদ্ধ কৰা পৰিসংখ্যাতকৈ অধিক। সেই সময়ত প্ৰতিদিনে গড়ে ১৩৩০ জন লোকক আটক কৰি ৰখা হৈছিল।

প্রাক্তন ৰাষ্ট্রপতি আব্দুল হামিদে দেশ এৰি যোৱাৰ দুদিন পাছত ১০ মে’ত হিংসাত্মক প্রতিবাদ আৰম্ভ হোৱাৰ পৰাই ব্যাপক দমন অভিযান আৰম্ভ হয়৷ সেইদিনা ২২৭১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। যিটো আজিলৈকে দৈনিক গ্ৰেপ্তাৰৰ সংখ্যা সৰ্বাধিক। চৰকাৰে দাবী কৰে যে এই প্ৰতিবাদসমূহ সুপৰিকল্পিত আৰু ৰাষ্ট্ৰবিৰোধী আছিল।

আৱামি লীগৰ ওপৰত নিষেধাজ্ঞা

১২ মে’ত অন্তৱৰ্তীকালীন চৰকাৰে আৱামী লীগ আৰু ইয়াৰ সংযুক্ত সংগঠনসমূহক নিষিদ্ধ কৰি প্ৰতিবাদৰ সময়ত হোৱা হত্যাকাণ্ডক “মানৱতাৰ বিৰুদ্ধে অপৰাধ” বুলি অভিহিত কৰে। নিষেধাজ্ঞাৰ কিছু সময়ৰ পাছতে নিৰাপত্তা সংস্থাই তীব্ৰতৰ কৰি তোলাত কেইবাজনো সাংসদকে ধৰি শতাধিক নেতাক গ্ৰেপ্তাৰ কৰা হয়। ঢাকা মহানগৰ আৰক্ষীৰ তথ্য অনুসৰি বিগত এমাহত কেৱল ৰাজধানীখনতে ১৭৫ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে, য’ত আঠজন প্ৰাক্তন সাংসদো আছিল।

কোনো অভিযান নাই – প্ৰশাসন

আৰক্ষীৰ উপ-মহাপৰিদৰ্শক শ্বাহজাদা মহম্মদ আছাদুজ্জামানে দ্য ডেইলী ষ্টাৰক জনাইছে যে আৰক্ষীৰ কাৰ্যকলাপ বৃদ্ধিৰ বাবে গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পাইছে যদিও ইয়াক বিশেষ অভিযান বুলি ক’ব নোৱাৰি। নিষিদ্ধ পক্ষই কাৰ্যকলাপ অব্যাহত ৰখাৰ লগে লগে গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পোৱা বুলিও তেওঁ স্বীকাৰ কৰে। এই কাৰ্য কেৱল ৰাজধানীতে সীমাবদ্ধ নহয়, আনকি কেন্দ্ৰীয় পৰিষদৰ সদস্যকো দেশৰ অন্যান্য অঞ্চলত গ্ৰেপ্তাৰ কৰা হৈছে। মহানগৰ আৰক্ষীয়ে ভাগ কৰা তালিকা অনুসৰি আটক কৰাসকলৰ ভিতৰত অস্থিৰতা বিয়পোৱা, অস্ত্ৰ ৰখা, চোৰাং ব্যৱসায়, ডকাইতি আৰু ধন দাবী আদি কামত জড়িত লোকসকলো আছে।

যাৰ বাবে কাৰাগাৰত অতিমাত্ৰা ভিৰৰ চাপ বাঢ়িছে। কাৰাগাৰৰ সহকাৰী মহাপৰিদৰ্শক জান্নাত-উল-ফাৰহাদে কয় যে মুক্তি আৰু গ্ৰেপ্তাৰৰ ভাৰসাম্যই কাৰাগাৰসমূহৰ পৰিস্থিতি সুস্থিৰ কৰি ৰাখিছে যদিও জ্যেষ্ঠ বিষয়া ইকবাল হুছেইনে কয় যে কয়দীৰ সংখ্যা ৪৫০০ৰ পৰা ৫৫০০ৰ ভিতৰত বৃদ্ধি পাইছে, যিটো পূৰ্বতকৈ অধিক।