শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পাক সেনাৰ কাৰ্যালয়ৰ বাহিৰত ভয়ংকৰ বোমা বিস্ফোৰণ, ৮ জন নিহত…

পাক সেনাৰ কাৰ্যালয়ৰ বাহিৰত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত প্ৰায় ৮ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে বহু লোক।

পাক সেনাৰ কাৰ্যালয়ৰ বাহিৰত ভয়ংকৰ বোমা বিস্ফোৰণ, ৮ জন নিহত…
manas-borah
Manas Borah | Published: 30 Sep 2025 15:45 PM

মঙলবাৰে পাকিস্তানৰ কুৱেটাত সেনাৰ কাৰ্যালয়ৰ বাহিৰত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত প্ৰায় ৮ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে বহু লোক। কুৱেটাৰ জাৰ্ঘুন ৰোডত সংঘটিত হোৱা এই বিস্ফোৰণৰ পিছতে তীব্ৰ গুলীচালনা সংঘটিত হোৱাৰ খবৰো প্ৰকাশ পাইছে। বিস্ফোৰণৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে স্বাভাৱিক যান-বাহন চলাচল কৰি আছিল। সেই সময়তে বিস্ফোৰণটো সংঘটিত হৈছে।

প্ৰকাশিত খবৰ অনুসৰি,সমগ্ৰ মহানগৰীৰ চিকিৎসালয়সমূহত কৰ্তৃপক্ষই জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। লগে লগে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰক্ষীৰ মতে, এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ওচৰৰ অট্টালিকাৰ দুৱাৰ খিৰিকী ভাঙি গৈছিল। বিস্ফোৰণ সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল। নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি ৰাখিছে অঞ্চলটো। ঘটনাস্থলীত ফ্ৰন্টিয়াৰ কৰ্পছৰ (এফ চি) জোৱানও উপস্থিত আছে।

আত্মঘাতী আক্ৰমণ

বেলুচিস্তানৰ স্বাস্থ্যমন্ত্ৰী বাখত মহম্মদ কাকাৰে সমগ্ৰ চহৰৰ সকলো চিকিৎসালয়তে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। বিস্ফোৰণৰ কাৰণ জানিবলৈ প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে। পাকিস্তানৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ,কুৱেটা বিস্ফোৰণটো আত্মঘাতী আক্ৰমণ আছিল, য’ত বিস্ফোৰণ সংঘটিত কৰা লোকজনৰ মৃত্যু হৈছে।

বিস্ফোৰণৰ ভয়াৱহ দৃশ্য বন্দী হ’ল

বিস্ফোৰণৰ ভয়াৱহ দৃশ্য চিচিটিভিত বন্দী হৈছে। বিস্ফোৰণৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে, কেনেকৈ হঠাৎ বিস্ফোৰণটো সংঘটিত হৈছিল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল ধোঁৱাৰে আৱৰি ধৰিছিল। বিষয়টোৰ তদন্ত অব্যাহত আছে। অৱশ্যে প্ৰাৰম্ভিক খবৰ অনুসৰি, এই আক্ৰমণ বিস্ফোৰক ভৰ্তি বাহন ব্যৱহাৰ কৰি আত্মঘাতী বিস্ফোৰণ কৰা হৈছিল বুলি খবৰ প্ৰকাশ পাইছে।