শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমি সাজু পৰৱৰ্তী প্ৰজন্মৰ জেহাদৰ বাবেঃ শ্বেখ হাছিনা আৰু ভাৰত সন্দৰ্ভত ডাঙৰ মন্তব্য পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ…

শ্বেখ হাছিনা চৰকাৰ উৎখাত কৰাৰ আঁৰত হাত আছিল পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ। দুই নেতাই ৰাজহুৱা সভাত স্বীকাৰ কৰে এই কথা। লগতে কৰে ভাৰত বিৰোধী মন্তব্য।

আমি সাজু পৰৱৰ্তী প্ৰজন্মৰ জেহাদৰ বাবেঃ শ্বেখ হাছিনা আৰু ভাৰত সন্দৰ্ভত ডাঙৰ মন্তব্য পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ…
ছাইফুল্লাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 03 Jun 2025 12:46 PM

শ্বেখ হাছিনাক উৎখাত কৰাৰ লগতে ভাৰতৰ বিৰুদ্ধে ডাঙৰ মন্তব্য কৰিছে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ নেতাই। মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জামাত-উদ-দাৱাৰ নেতাই দাবী কৰা অনুসৰি বিগত বৰ্ষত বাংলাদেশত হোৱা বিৰোধ প্ৰদৰ্শনৰ আঁৰত তেওঁলোক আছিল। অৰ্থাৎ শ্বেখ হাছিনাক শাসনৰ পৰা আঁতৰাই পেলোৱাৰ ক্ষেত্ৰত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

যোৱা ২৮ মে’ত JUD ৰ সদস্য ছাইফুল্লাহ কছুৰী আৰু ৰাষ্ট্ৰসংঘৰ দ্বাৰা ঘোষিত সন্ত্ৰাসবাগী মুজাম্মিল হাছমীয়ে পাকিস্তানত এক ৰাজহুৱা সভা সম্বোধন কৰিছিল। সেই সময়ত দুয়ো ১৯৭১ চনৰ বাংলাদেশৰ মুক্তি আন্দোলন আৰু তাৰ ওপৰত লোৱা প্ৰতিশোধৰ কথা উল্লেখ কৰে।

কছুৰীয়ে ৰহিম য়াৰ খানৰ এল্লাহাবাদ অঞ্চলত ভাষণ দি কৈছিল যে, “মোৰ যেতিয়া ৪ বছৰ আছিল তেতিয়া পাকিস্তান দুটা ভাগত বিভক্ত হৈ পৰিছিল। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে তেওঁ দুয়োখন ৰাষ্ট্ৰৰ মত বংগ উপসাগৰত ডুবাই পেলাইছে। ১৯৭১ চনৰ সেই ঘটনাৰ প্ৰতিশোধ আমি ১০ মে’ত লৈছিলো”।

ভাৰতে ৭ মে’ত পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত চলোৱা আক্ৰমণৰ কথা স্বীকাৰ কৰে তেওঁ। লগতে কয় যে, “যোৱা ৭ মে’ত ভাৰতীয় বিমান আক্ৰমণত লস্কৰ-ই-তৈবাৰ নেতা মুদাছাৰৰ মৃত্যু হৈছিল।তেওঁৰ (মুদাছাৰৰ) শেষকৃত অনুষ্ঠানত মোক উপস্থিত থাকিব দিয়া নাছিল। সেইদিনা মই বহুত কান্দিছিলো। কিন্তু আমি মৃত্যুৰ বাবে ভয় নকৰো। আমি পৰৱৰ্তী  জেহাদৰ বাবে প্ৰস্তুতি চলাই আছো”।

তেওঁ আৰু কয়,” পহলগামৰ আক্ৰমণৰ সময়ত মই মোৰ বিধানসভাৰ লোকসকলক সাক্ষাৎ কৰি আছিলো। কিন্তু ভাৰতে মোক মাষ্টাৰমাইণ্ড বনাই পেলালে। এতিয়া মই সমগ্ৰ বিশ্বত জনপ্ৰিয়। আমি মৃত্যুলৈ ভয় নকৰো। আমি এতিয়া সাজু পৰৱৰ্তী প্ৰজন্মৰ জেহাদৰ বাবে”।

গুজৰাংবালাত আয়োজিত আন এক সভাত মুজম্মিলে হাছমীয়ে ভাৰতক উদ্দেশ্য কৰি কয় যে, যোৱা বছৰো আমি বাংলাদেশত ভাৰতক হৰুৱাইছো। হাছমীয়া বিগত বৰ্ষৰ ৫ আগষ্টত বাংলাদেশত হোৱা আন্দোলনৰ বিষয়েও উল্লেখ কৰে। উল্লেখ কৰা  প্ৰয়োজন যে, সেই আন্দোলনৰ পাছতে শ্বেখ হাছিনা চৰকাৰৰ উৎখাত হৈছিল আৰু তেওঁ ভাৰতলৈ পলায়ন কৰিছিল। ইয়াৰ ৩ দিন পাছতে মুখ্য উপদেষ্টাৰ দায়িত্ব লৈ মহম্মদ ইউনুছে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিছিল।

শ্বেখা হাছিনাই বাংলাদেশ ত্যাগ কৰাৰ পাছৰে পৰা পাকিস্তানৰ সৈতে দেশখনৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল। আনকি মহম্মদ ইউনুছ চৰকাৰে বাৰে বাৰে ভাৰত বিৰোধী মন্তব্য কৰি আহিছে।। এই সকলোবোৰৰ মাজতে সন্ত্ৰাসবাদীৰ এই মন্তব্যই স্পষ্ট  কৰি দিছে যে শ্বেখ হাছিনাৰ উৎখাত আৰু ভাৰতৰ বিৰোধত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ হাত আছিল।

 

অন্য খবৰ পঢ়কঃ এতিয়া মই জনপ্ৰিয়- পাকিস্তানৰ ৰাজনৈতিক সভাত অংশগ্ৰহণ পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহ কছুৰীৰ…