ৰোহিংগীয়াৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰ ৰচিছে পাকিস্তানে, মাচুদ আজাহাৰক দায়িত্ব আৰোপ!
ৰেজোনেট নিউজৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ পাকিস্তানৰ বালাকোট প্ৰশিক্ষণ শিবিৰত ম্যানমাৰৰ এজন যুৱকক জইছ-ই-মহম্মদে প্ৰশিক্ষণ দিছে বুলি ধাৰণা কৰা হৈছে । এই যুৱকজনে প্ৰশিক্ষণৰ অন্তত পুনৰ ম্যানমাৰলৈ গৈছিল আৰু এতিয়া তাত এজন "আমীৰ" অৰ্থাৎ এজন জেহাদী সেনাপতিৰ নেতৃত্বত কাম কৰি আছে ।

ভাৰতৰ অন্যতম বিপজ্জনক শত্ৰু জৈছ-ই-মহম্মদ (JeM) সন্ত্ৰাসবাদী সংগঠনে এতিয়া কেৱল কাশ্মীৰতে নহয়, ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰ অৰ্থাৎ বাৰ্মাতো শিপাবলৈ চেষ্টা কৰিছে । চোৰাংচোৱাৰ প্ৰতিবেদন আৰু প্ৰকাশ পোৱা কিছুমান ফটোৱে স্পষ্ট কৰি দিছে যে মাছুদ আজহাৰৰ নেতৃত্বত এই সন্ত্ৰাসবাদী সংগঠনটোৱে এতিয়া ৰোহিংগীয়া মুছলমান যুৱকক সন্ত্ৰাসবাদী কৰি ম্যানমাৰত জেহাদী নেটৱৰ্ক গঢ়ি তুলিছে ।
ৰেজোনেট নিউজৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ পাকিস্তানৰ বালাকোট প্ৰশিক্ষণ শিবিৰত ম্যানমাৰৰ এজন যুৱকক জইছ-ই-মহম্মদে প্ৰশিক্ষণ দিছে বুলি ধাৰণা কৰা হৈছে । ২০১৯ চনত পুলৱামা আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে বিমান আক্ৰমণেৰে ধ্বংস কৰা ঠাইখনেই বালাকোট । কোৱা হৈছে যে এই যুৱকজনে প্ৰশিক্ষণৰ অন্তত পুনৰ ম্যানমাৰলৈ গৈছিল আৰু এতিয়া তাত এজন “আমীৰ” অৰ্থাৎ এজন জেহাদী সেনাপতিৰ নেতৃত্বত কাম কৰি আছে । প্ৰতিবেদন অনুসৰি জইছে ম্যানমাৰলৈ প্ৰায় ৪২ লাখ টকা (প্ৰায় ৫০ হাজাৰ ডলাৰ) ধন প্ৰেৰণ কৰিছে । এই ধন “বাৰ্মিজ মুজাহিদীন”ক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় আৰু অভিযানৰ বাবে খৰচ কৰিবলৈ দিয়া হৈছে ।
ৰোহিংগীয়া যুৱকক লক্ষ্য কৰি লোৱা হৈছে
কোৱা হৈছে যে জইছ-ই-মহম্মদে ৰোহিংগীয়া জনগোষ্ঠীৰ নিবনুৱা আৰু ক্ষুব্ধ যুৱক-যুৱতীক নিজৰ জালত আৱদ্ধ কৰিছে । ইতিমধ্যে ম্যানমাৰৰ ৰাখাইন ৰাজ্যখন অস্থিৰ হৈ পৰিছে, গতিকে তাত উগ্ৰবাদী সংগঠনৰ বাবে ভেটি সাজু হৈছে । ভাৰতত থকা শৰণাৰ্থীৰ জৰিয়তে এই ৰোহিংগীয়া যুৱকসকলক জইছে কাশ্মীৰ বা আন প্ৰান্তত আক্ৰমণৰ বাবে ব্যৱহাৰ কৰিব পৰাৰ আশংকাও আছে । ইতিমধ্যে জম্মু-কাশ্মীৰ, দিল্লী আৰু হায়দৰাবাদত বাস কৰি আছে হাজাৰ হাজাৰ ৰোহিংগীয়া শৰণাৰ্থীয়ে ।
ভাৰতৰ বাবে সংকেতৰ ঘণ্টা
ম্যানমাৰত জয়ছৰ উপস্থিতিয়ে ভাৰতৰ বাবে বিশেষকৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই আনিব পাৰে । মণিপুৰ, মিজোৰাম, নাগালেণ্ডৰ দৰে ৰাজ্য ম্যানমাৰৰ সৈতে সংলগ্ন, আৰু এই অঞ্চলসমূহত ইতিমধ্যে বিদ্ৰোহৰ সমস্যা আছে । এতিয়া যদি জইছে ম্যানমাৰত ঘাটি স্থাপন কৰে, তেন্তে তাৰ পৰাই ভাৰতত সন্ত্ৰাসবাদী আৰু অস্ত্ৰ-শস্ত্ৰৰ অনুপ্ৰৱেশ কৰাটো সহজ হৈ পৰিব ।
ভাৰত-ম্যানমাৰৰ সম্পৰ্কতো প্ৰভাৱ
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতে ম্যানমাৰৰ সৈতে কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰি তুলিছে । ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ হওক বা কালাদান প্ৰকল্পই হওক, ভাৰতৰ ‘এক্ট ইষ্ট পলিচি’ ম্যানমাৰৰ স্থিতিশীলতাৰ ওপৰত নিৰ্ভৰশীল । কিন্তু যদি ম্যানমাৰৰ মাটিৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী ষড়যন্ত্ৰ ৰচনা কৰা হয়, তেন্তে দুয়োখন দেশৰ সম্পৰ্কত বিভাজন হ’ব পাৰে ।