স্বাধীনতা দিৱস উদযাপনৰ সময়তে অঘটন! পাকিস্তানত গুলীচালনাত নিহত ৩ জন, আহত ৬০ৰো অধিক…
পাকিস্তানৰ কৰাচীত স্বাধীনতা দিৱস উদযাপনৰ সময়ত হোৱা গুলীচালনাত ৩ জন লোক নিহত হোৱাৰ লগতে ৬০ৰো অধিক লোক আহত হয়। কৰাচীৰ বহু ঠাইত এই ঘটনা সংঘটিত হৈছে। ইয়াৰ পিছতে নাগৰিকসকলক নিৰাপদভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে বিষয়াসকলে।

পাকিস্তানৰ কৰাচীত স্বাধীনতা দিৱস উদযাপনৰ সময়ত আকাশী গুলীচালনা কৰা হয়। এই গুলীচালনাত এজন জ্যেষ্ঠ নাগৰিক আৰু এগৰাকী ৮ বছৰীয়া কিশোৰীকে ধৰি তিনিজন লোকৰ মৃত্যু হৈছে। এই গুলীচালনাত ৬০ জনতকৈ অধিক লোক আহত হোৱা বুলি কোৱা হৈছে। পাকিস্তানৰ এটা নিউজ চেনেলৰ মতে, উদ্ধাৰকাৰী বিষয়াই দিছে এই তথ্য।
তথ্য অনুসৰি সমগ্ৰ কৰাচী মহানগৰীতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আজিজাবাদতো একেধৰণৰ আকাশী গুলীচালনাত আহত হয় এগৰাকী যুৱতী। ইয়াৰ উপৰিও উদযাপনৰ সময়ত গুলীচালনাত কোৰাংগিত ষ্টিফেন নামৰ এজন লোকৰ মৃত্যু হয়। পাকিস্তানী নিউজ চেনেলৰ তথ্য অনুসৰি সমগ্ৰ মহানগৰীত গুলীচালনাৰ ঘটনাত আন কমেও ৬৪ জন লোক আহত হৈছে।
উদ্ধাৰকাৰী বিষয়াসকলে জনোৱা মতে, উদযাপনমূলক গুলীচালনাত কেইবা ডজন লোক আহত হৈছে। এই ঘটনাক গৰিহণা দি অসাৱধান আৰু বিপজ্জনক আখ্যা দিয়া হয়। নাগৰিকসকলক নিৰাপদভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে বিষয়াসকলে। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আকাশী গুলীচালনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে আৰক্ষীয়ে। কোনো কাৰণতে তেওঁলোকক ৰেহাই দিয়া নহ’ব বুলি উল্লেখ।
পাকিস্তানৰ এক বাতৰি অনুসৰি, জানুৱাৰী মাহত কৰাচীত সংঘটিত গুলীচালনাৰ ঘটনাত ৫ গৰাকী মহিলাসহ কমেও ৪২ জন লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ উপৰিও ২৩৩ জন লোক আহত হৈছে।
কৰাচীৰ বিভিন্ন অঞ্চলত সংঘটিত গুলীচালনাৰ ঘটনাত ডকাইতৰ চেষ্টা বিফল কৰাৰ সময়ত প্ৰাণ হেৰুৱাইছিল একাংশ লোকে। ইয়াৰ ফলত পাঁচজন লোকৰ মৃত্যু হয়। ইয়াৰ বাহিৰেও আন কিছুমান ঘটনা যেনে বতাহত উদযাপনমূলক গুলীচালনাত বহু লোকে প্ৰাণ হেৰুৱাইছিল। আৰক্ষী বিষয়াসকলে কয় যে এই ঘটনাসমূহৰ বাবে বহু কাৰক দায়ী। যাৰ ভিতৰত আছে মতানৈক্য, ব্যক্তিগত শত্ৰুতা আৰু ডকাইতিৰ চেষ্টা বিফল কৰা।
মৃত্যুৰ সংখ্যা বৃদ্ধি
জানুৱাৰী মাহৰ আৰম্ভণিতে কৰাচীত পথ দুৰ্ঘটনা, ডকাইতিৰ প্ৰতিবাদ আৰু আকাশী গুলীচালনাৰ ফলত মৃত্যুৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দেখা গৈছে। তথ্য অনুসৰি পথ দুৰ্ঘটনাত শিশু আৰু বৃদ্ধকে ধৰি ৫২৮ জন লোক আহত হোৱাৰ লগতে ৩৬ জন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও ডকাইতিৰ প্ৰতিবাদত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন আহত হয়।