ভাৰতৰ ক্ষেপনাস্ত্ৰৰ শক্তি দেখি শংকিত পাকিস্তান! ল’লে এক ডাঙৰ সিদ্ধান্ত…
অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ ফলত শংকিত হৈ পৰিছে পাকিস্তান। ইয়াৰ বাবে দেশখনে এতিয়া নিজৰ সামৰিক শক্তি মজবুত কৰাৰ চেষ্টা কৰিছে। শেহতীয়াকৈ পাকিস্তানে আৰ্মী ৰকেট ফোৰ্ম কমাণ্ড গঠনৰ ঘোষণা কৰে।

অপাৰেশ্যন সেন্দূৰৰ পাছতেই ভাৰতৰ শক্তিৰ উমান পাইছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে। যাৰ বাবে এতিয়া দেশখনে নিজৰ সামৰিক শক্তি মজবুত কৰা আৰম্ভ কৰিছে। শেহতীয়াকৈ পাকিস্তানে ইছলামবাদত অনুষ্ঠিত ‘মাৰ্কা-ই-হক’ অনুষ্ঠানৰ সময়ত এক ডাঙৰ ঘোষণা কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পাকিস্তান সেনাৰ নতুন ৰকেট ফৰ্চ কমাণ্ড (Army rocket force command )গঠনৰ কথা ঘোষণা কৰে। পাকিস্তানৰ এই নতুন সামৰিক শাখাটোৱে যথেষ্ঠ সংখ্যক পৰম্পৰাগত ক্ষেপণাস্ত্ৰ আৰু ৰকেট নিয়োগ কৰিবলৈ সৃষ্টি কৰা হৈছে, য’ত মূলতঃ ‘ফাতাহ’ ছিৰিজ আৰু অন্যান্য ক্ষেপণাস্ত্ৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হ’ব।
ইছলামবাদত অনুষ্ঠিত ‘মাৰ্কা-ই-হক’ অনুষ্ঠানত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে পাকিস্তান সেনাৰ নতুন ৰকেট ফৰ্চ কমাণ্ড গঠনৰ কথা ঘোষণা কৰে। জিন্না ক্ৰীড়া ষ্টেডিয়ামত নতুন বাহিনী গঠনৰ কথা ঘোষণা কৰে তেওঁ। এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰী, সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰ, জেনেৰেল শ্বাহিদ শ্বামছাদ মিৰ্জাকে ধৰি বিভিন্নজন।
পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত দাবী কৰে যে ভাৰতৰ আগ্ৰাসনৰ প্ৰতি পাকিস্তানে মাত্ৰ ৪ দিনতে প্ৰত্যুত্তৰ দিছে। ইয়াৰ বাবে তেওঁ সেনা প্ৰধান অসীম মুনীৰ, জেনেৰেল শ্বাহিদ ছামছাদ, এডমিৰেল নাভিদ আশ্ৰাফ আৰু এয়াৰ চিফ মাৰ্শ্বাল জহীৰ আহমেদ বাব্বাৰক ধন্যবাদ দিয়ে।
ইয়াৰোপৰি ভাৰতৰ সৈতে সংঘাতত পাকিস্তানক সহায় আগবঢ়োৱাৰ বাবে চীন, চৌদি আৰব, আজাৰবাইজান, তুৰস্ক আৰু সংযুক্ত আৰব আমিৰশ্বাহীক ধন্যবাদ জ্ঞাপন কৰে শ্বেহবাজ শ্বৰীফে। ইয়াৰ পিছত তেওঁ আৰ্মি ৰকেট ফৰ্চ কমাণ্ড ঘোষণা কৰে। এই সময়চোৱাত তেওঁ বাৰে বাৰে পাকিস্তানৰ পাৰমাণৱিক শক্তি আৰু অস্ত্ৰ-শস্ত্ৰৰ কথা উল্লেখ কৰে। এই পাৰমাণৱিক অস্ত্ৰসমূহ পাকিস্তানক দিয়াৰ বাবে তেওঁ জুলফিকাৰ আলী ভুট্টো, ড° আব্দুল কাদিৰ খান আৰু সেনাবাহিনীক ধন্যবাদ জনায়। তেওঁ কয় যে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ কেৱল প্ৰতিৰক্ষাৰ বাবেহে। কোনো আক্ৰমণৰ বাবে নহয়।
উল্লেখ্য যে, অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতৰ শক্তি সমগ্ৰ বিশ্বই দেখিছে। সেই সময়ত পাকিস্তানে লাভ কৰা পৰাজয় আৰু ভাৰতৰ ক্ৰমবৰ্ধমান ক্ষেপণাস্ত্ৰ ক্ষমতাই পাকিস্তানক এই পদক্ষেপ ল’বলৈ বাধ্য কৰাইছে। এই নতুন ৰকেট বাহিনীটোৱে পাকিস্তানৰ বৰ্তমানৰ আৰ্মি ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ড (এ এছ এফ চি)ৰ সমান্তৰালভাৱে কাম কৰিব। অৱশ্যে ইয়াত পাৰমাণৱিক অস্ত্ৰৰ বিপৰীতে পাৰম্পৰিক মিছাইল আৰু ৰকেট অন্তৰ্ভুক্ত কৰা হব। পাকিস্তানৰ এই মিছাইলক ভাৰতৰ ভাৰতৰ ব্ৰহ্ম, পৃথ্বী আৰু অগ্নি ছিৰিজৰ দৰে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ শক্তিৰ সন্মুখত নিজকে ভাৰসাম্য ৰক্ষাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে।
অন্য খবৰ পঢ়কঃ বিপদত বাংলাদেশ! ৰাজপথত নামি পৰিছে প্ৰায় ১.২ লাখ লোক…