শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰলয়ংকৰী বানত প্ৰায় ৩০০ জনৰ মৃত্যু, এতিয়াও সন্ধানহীন বহুজন

Pakistan Floods: ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত ভয়ংকৰ ৰূপ লৈছে বানে। ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বানত বৰ্তমানলৈকে ৩০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে দেশখনত।

প্ৰলয়ংকৰী বানত প্ৰায় ৩০০ জনৰ মৃত্যু, এতিয়াও সন্ধানহীন বহুজন
পাকিস্তানত বানImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 16 Aug 2025 15:50 PM

ভয়ানক বানৰ কবলত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। খাইবাৰ পাখতুনখোৱাত প্ৰলয়ংকৰী বানত প্ৰাণ হেৰুৱাইছে কমেও ৩০০ লোকে। প্ৰদেশখনৰ কৰ্তৃপক্ষই শনিবাৰে প্ৰকাশ কৰিছে এই তথ্য। ধাৰাষাৰ বৰষুণৰ ফলত বানে ভয়ানক ৰূপ ধাৰণ কৰিছে বহুকেইটা অঞ্চলত। শুকুৰবাৰে প্ৰায় ২০০ লোকৰ বানৰ ফলত মৃত্যু হয়।

প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখপাত্ৰ ফাইজিয়ে কয় যে প্ৰদেশখনৰ বাজাউৰ, বুনেৰ, স্বাট, মানছেহৰা, শ্বাংলা, টৰঘৰ আৰু বট্টাগ্ৰাম জিলাত হোৱা ভয়াৱহ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানৰ ফলত ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই নিজৰ প্ৰতিবেদনত কয় যে এই ক্ষন্তেকীয়া বানত ৩০৭ জন লোকৰ মৃত্যু হৈছে, বুনাৰত কমেও ১৮৪ জন লোকৰ মৃত্যু হোৱা বুলি তথ্যত প্ৰকাশ।

শ্বাংলাত ৩৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মানছেহৰাত ২৩ জন, স্বাট ২২ জন, বাজাউৰত ২১ জন, বট্টাগ্ৰাম ১৫ জন, ল’ৱাৰ ডিত ৫ জন লোকৰ মৃত্যু হৈছে। আনহাতে এবটাবাদত এটি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে পিডিএমএৰ মুখপাত্ৰই জনাইছিল যে ক্ষতিগ্ৰস্ত অঞ্চলত এতিয়াও কেইবাজনো লোক নিৰুদ্দেশ হৈ থকাৰ বাবে মৃত বা আহত লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

জুন মাহৰ শেষৰ পৰা বাৰিষাৰ আৰম্ভণি হৈছিল প্ৰদেশখনত। প্ৰচণ্ড বৰষুণে সমগ্ৰ দেশতে বিধ্বংসী ৰূপ ধাৰণ কৰিছে — বিশেষকৈ খাইবাৰ পাখতুনখোৱা আৰু উত্তৰ অঞ্চলত বান, ভূমিস্খলনে প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিছে।