উদ্বেগ বৃদ্ধি ভাৰতৰ, ঢাকাত ISI-ৰ কাৰ্যালয় পাতি গোপন অভিসন্ধি পাকিস্তানৰ
ভাৰত-বাংলাদেশ সীমান্তত কাম-কাজ আৰম্ভ কৰিবলৈ ওলাইছে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে। চোৰাংচোৱাৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আই এছ আইয়ে ঢাকাৰ পাকিস্তান উচ্চায়ুক্তালয়ৰ পৰাই নিজৰ কাম চলাব।
ভাৰতৰ বাবে বিপদ বৃদ্ধি কৰিছে বাংলাদেশে। পাকিস্তানৰ সৈতে ইউনুছ চৰকাৰৰ বন্ধুত্ব ইমানেই বাঢ়িছে যে আই এছ আইৰ কাৰ্যালয় খুলিবলৈ অনুমতি দিয়া হৈছে বাংলাদেশত। সংবাদ সূত্ৰৰ পৰা জানিব পৰা মতে, ঢাকাৰ পাকিস্তানী উচ্চায়ুক্তালয়ত উপস্থিত হৈছে আই এছ আইৰ বিষয়া। বাংলাদেশৰ এই পদক্ষেপে উদ্বেগ বৃদ্ধি কৰিছে ভাৰতৰ।
ভাৰত-বাংলাদেশ সীমান্তত কাম-কাজ আৰম্ভ কৰিবলৈ ওলাইছে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে। চোৰাংচোৱাৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আই এছ আইয়ে ঢাকাৰ পাকিস্তান উচ্চায়ুক্তালয়ৰ পৰাই নিজৰ কাম চলাব।
চিএনএনৰ সূত্ৰ অনুসৰি পাকিস্তানৰ যুটীয়া মুখ্য কৰ্মচাৰী সমিতিৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জাৰ চাৰিদিনীয়া বাংলাদেশ ভ্ৰমণৰ সময়ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। সেই সময়ত তেওঁ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ আৰু বাংলাদেশৰ সেনা, নৌসেনা আৰু বায়ুসেনাৰ মুৰব্বীসকলক সাক্ষাৎ কৰে।
ইউনুছ চৰকাৰৰ এই পদক্ষেপে ভাৰতৰ বাবে বিপদ বৃদ্ধি কৰিছে, কাৰণ ভাৰত আৰু বাংলাদেশৰ মাজত ৪৫০০ কিলোমিটাৰ অসুৰক্ষিত সীমান্তত থকা অঞ্চলবোৰক লক্ষ্য কৰি লৈছে আই এছ আইয়ে। অনুপ্ৰৱেশৰ লগতে বিক্ষিপ্ত কাৰ্যকলাপৰ ভাবুকিও বৃদ্ধি পাইছে।
জানিব পৰা মতে মুঠ ৫টা জ’নত ভাগ কৰা হৈছে বাংলাদেশক। এইবোৰৰ দায়িত্বত থাকিব পাঁচজন অতি ভাৰত বিৰোধী পাকিস্তানী সেনা বিষয়া। যিয়ে আই এছ আইৰ সকলো কাম-কাজ পৰিচালনা কৰিব আৰু চোৰাংচোৱাগিৰি কৰিব। জানিব পৰা মতে, ঢাকাত আই এছ আইৰ কাম-কাজ পৰিচালনা কৰিবলৈ পাকিস্তানী সেনাৰ ১ জন ব্ৰিগেডিয়াৰ, ২ জন কৰ্ণেল আৰু ৪ জন মেজৰে যোগদান কৰিছে। পাকিস্তানৰ বায়ুসেনা আৰু নৌসেনাৰ একাংশ সদস্যয়ো প্ৰথম পৰ্যায়ত যোগদান কৰিব।
প্ৰসংগক্ৰমে হাছিনা চৰকাৰৰ পতনৰ পিছত চলিত বৰ্ষৰ জানুৱাৰী মাহত আই এছ আইৰ মুৰব্বী বাংলাদেশলৈ গৈছিল। তেতিয়াৰ পৰাই বাংলাদেশত খোপনি পুতিবলৈ ধৰিছে আই এছ আইয়ে। জালনোট চক্ৰৰ পৰা আৰম্ভ কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰালৈকে চলিছে বিভিন্ন কাৰ্যকলাপ। হাছিনাৰ শাসনৰ সময়ত বাংলাদেশত আই এছ আইৰ কাম-কাজ বহু পৰিমাণে নিয়ন্ত্ৰিত আছিল যদিও ইউনুছ চৰকাৰৰ আগমনৰ লগে লগে সেই কাৰ্যকলাপ পুনৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত প্ৰকৃততে চিন্তা বাঢ়িছে ভাৰতৰ।
অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশ্লেষকসকলৰ মতে ভাৰতৰ বাবে বিপদ যিমানেই বাঢ়িছে সিমানেই বাংলাদেশৰ বাবেও বাঢ়িছে বিপদ। কাৰণ বাংলাদেশত আই এছ আইৰ কাৰ্যকলাপ যিমানেই বাঢ়িব সিমানেই বাংলাদেশৰ গণতান্ত্ৰিক গাঁথনি ধ্বংস হ’ব। বাংলাদেশত এতিয়াও নিৰ্বাচিত চৰকাৰ নাই, মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে আই এছ আইক পৃষ্ঠপোষকতা কৰি নিজৰেই বিপদ বৃদ্ধি কৰিছে।